সকলো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভাল হোৱাটো বিচাৰে৷ সন্তানৰ স্বভাৱ চৰিত্ৰও ভাল হোৱা বিচাৰে সকলো অভিভাৱকে৷
কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে পিতৃ-মাতৃৰ কিছুমান আচৰণৰ বাবেও বহু সন্তান ধ্বংসৰ পথলৈ অগ্ৰসৰ হয়৷ সেয়ে পিতৃ-মাতৃয়ে কিছুমান কথাত গুৰুত্ব দিয়া উচিত, যিবোৰ কথাই সন্তানক ধ্বংস কৰিব পাৰে৷ তেনে কথাবোৰৰ পৰা পিতৃ-মাতৃয়ে আঁতৰি থকাটো উচিত৷
- বহু অভিভাৱকে কাৰোবাৰ উদাহৰণ দি কোৱা দেখা যায়, ‘‘তুমি অমুকৰ দৰে নহ’লা, তুমি তমুকৰ দৰে নহ’লা৷’’ সন্তানক কেতিয়াও আনৰ সৈতে তুলনা কৰিব নালাগে৷ অভিভাৱকে মনত ৰখা ভাল যে সকলো মানুহেই যেনেকৈ স্বতন্ত্ৰ, তেওঁলোকৰ কণমানি সন্তানো তেনেকৈ স্বতন্ত্ৰ৷ গতিকে সন্তানক ‘অমুকৰ দৰে নহ’লা, তমুকৰ দৰে নহ’লা’ বুলি কৈ হীনমন্যতাত ভোগাব নালেগে৷
- ‘‘তুমি একো এটা কামেই কৰিব নোৱৰা’’৷ সৰু ল’ৰা বা ছোৱালীক এইদৰে কোৱাটো একেবাৰে উচিত নহয়৷ কাৰণ তেওঁলোকে সীমিত বুদ্ধি বৃত্তি আৰু পৰিসৰত সকলো কামেই নিয়াৰিকৈ কৰিবলৈ বিচাৰে৷ যদি নিয়াৰিকৈ কৰিব নোৱাৰে তেনে তেওঁলোকে কেনেকৈ নিয়াৰিকৈ কৰিব পাৰিব সেয়া বুজাই দি উৎসাহিত কৰাটো প্ৰয়োজন৷
- ‘‘তোমাৰ দৰে সন্তান জন্ম দিয়াই ভুল আছিল’’ বহু পিতৃ-মাতৃয়ে এনেকৈ কোৱা শুনা যায়৷ সন্তানৰ আগত ভুলতে এনে কথা আৰু আচৰণ কৰিব নালাগে৷ এনে কৰিলে অভিভাৱকৰ প্ৰতি সন্তানৰ মনত ঘৃণা আৰু খঙহে উৎপত্তি কৰে৷
- সন্তানক কেতিয়াও ব’ডি শ্বেমিং কৰা উচিত নহয়৷ সন্তানক শকত বা ক্ষীণ আদি বুলি কৈ তাচ্ছিল্য কৰিলে তেওঁলোক কোমল বয়সতে মানসিকভাৱে ভাঙি পৰে আৰু অভিভাৱকৰ প্ৰতি বিতৃষ্ণাৰ ভাৱৰো সৃষ্টি কৰে৷
- ‘‘অমুক নকৰিবা, তমুকটো নকৰিবা, অমুকৈ নাযাবা, তমুকলৈ নাযাবা, তাত ৰৈ যোৱা, নহ’লে পিটন দিম’’ আদি কৈ কেতিয়াও সন্তানক ভয় আৰু ভাবুকি প্ৰদান কৰিব নেলাগে৷ তেনে কৰিলে সন্তান জেদী আৰু অবাধ্যহে হৈ উঠাৰ সম্ভাৱনাহে বেছি হয়৷
সদায় সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে৷ সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব আহিবলৈ দিব নালাগে৷ সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সদায় পিতৃ-মাতৃয়ে আগভাগ ল’ব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















