বিশ্বত এনে এখন গাঁও আছে যিখন গাঁৱত ৫০ বছৰৰ স্পৰ্শ কৰিলেও সললো পুৰুষ অন্ধ হৈ পৰে৷ এই ৰহস্যময় গাঁওখন আছে লেটিন আমেৰিকাৰ দেশ পেৰুত৷ উত্তৰ আমেৰিকাৰ পেৰুৰ পাহাৰীয়া অঞ্চলৰ অতি দুৰ্গম অঞ্চলত অৱস্থিত এই গাঁওখন৷
এতিয়া প্ৰশ্ন হয়, কিয় এই গাঁওখনৰ পুৰুষসকল ৫০ বছৰ হ’লেই অন্ধ হৈ পৰে? ইয়াৰ কাৰণ জানিলে আপুনিও অবাক হৈ পৰিব৷
লেটিন আমেৰিকাৰ এই ক্ষুদ্ৰ দেশখন ফুটবলৰ বাবে পৃথিৱী বিখ্যাত৷ ফুটবলৰ বাবে বিখ্যাত এই দেশখন অন্ধ গাঁওখনৰ বাবেও এতিয়া বিশ্বজুৰি বিখ্যাত হ’বলৈ আৰম্ভ কৰিছে৷
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই গাঁওখনত ৩৬০ গৰাকী লোকে বাস কৰে৷ আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ মানুহেই অন্ধ৷ গাঁওখনৰ পুৰুষসকল ৫০ৰ পাৰ ৬০ বছৰ হ’লেই অন্ধ পৰে৷
বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে প্ৰায় ৩ হাজাৰ উচ্চতাত অৱস্থিত গাঁওখনৰ মানুহসকল এক জিনগত ৰোগত আক্ৰান্ত হৈ আহিছে৷ জন্মগত এই ৰোগক ‘ৰেটিনাইটিছ’ বুলি কোৱা হয়৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ এটা বয়সৰ পৰা দৃষ্টি শক্তি লয় পায়৷
জানিব পৰা মতে মাত্ৰ সাতটা পৰিয়ালে গাঁওখন আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰাই গাঁওখনৰ লোকসকল এই জন্মগত ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে৷
দুৰ্গম গাঁওখনলৈ চিকিৎসক যাবলৈ কোনো বাট পথ নাই৷ বৰ্তমানলৈকে গাঁওখন বৰ্হিবিশ্বৰ সৈতে প্ৰায় সংযোগ বিচ্ছিন্ন৷ যাৰবাবে এতিয়ালৈকে গাঁওখনলৈ চিকিৎসক যাব পৰা নাই অথবা গঞাই চিকিৎসাৰ বাবে ওলাই আহিব পৰা নাই৷
অৱশ্যে এতিয়া গাঁওখনলৈ সংযোগী পথ নিৰ্মাণৰ বাবে সাজু হৈছে পেৰু চৰকাৰ৷ বিশেষকৈ গাঁওখনৰ লগতে তাৰ আশে পাশে সোণ আৰু ৰূপৰ সন্ধান লাভ কৰিছে৷ সোণ ৰূপ খনন কৰা এটা প্ৰতিষ্ঠানে অঞ্চলটোত খননৰ বাবে চুক্তিৱদ্ধ হৈছে৷
পথ নিৰ্মাণৰ পিছতে গাঁওখন বৰ্হিবিশ্বৰ সৈতে সংযোগ স্থাপন হ’ব আৰু গঞাই চিকিৎসা লাভ কৰিব বুলি আশা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ