এটা বা দুটা নহয় সাগৰৰ পাৰত ২৯ টাকৈ তিমিৰ মৃত্যু হৈছে৷
নিউজেলণ্ডৰ সাগৰৰ পাৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে৷
নিউজিলেণ্ডৰ প্ৰকৃতি সংৰক্ষণ বিভাগে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিউজিলেণ্ডৰ দক্ষিণ দ্বীপ উপকূলত ৩৪ টাকৈ তিমি উদ্ধাৰ কৰা হৈছে৷
লগতে পঢ়ক পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!
বিভাগটোৱে উদ্ধাৰ হোৱা এই ৩৪ টা তিমিৰ ভিতৰত ২৯ টা তিমিৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷
বিভাগটোৰ মুখপাত্ৰ ডেভ ৱিনাৰবাৰ্ণে প্ৰকাশ কৰা মতে ইয়াৰে ৫ টা তিমি জীৱত হৈ থাকিলেও বালিত আৱদ্ধ হৈ জীৱনৰ সংকটত ভুগি আছে৷ উক্ত তিমিকেইটা সাগৰৰ পানীত উতুৱাই দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
আনহাতে, বালিত আৱদ্ধ হৈ থকা জীৱিত তিমিকেইটাৰ চিকিৎসাৰ বাবে এটা চিকিৎসকৰ দলো ঘটনাস্থলীত উপস্থিত হৈছে৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?
তিমিকেইটা মৃত্যুৱে প্ৰকৃতি প্ৰেমিক শোকাহত কৰি তুলিলেও মুখপাত্ৰগৰাকীৰ মতে এনে ঘটনা কোনো আশ্বৰ্যজক নহয়৷ সাগৰৰ পানীত ভাহি আহি পাৰৰ বালিত তিমি আৱদ্ধ হৈ পৰাতো নতুন কথা নহয়৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনত অতি কমেও ৭০০ টা তিমিক সাগৰৰ পাৰৰ বালিত উদ্ধাৰ কৰা হৈছিল৷ তাৰে ২৫০ টা তিমি মৃত পোৱা অৱস্থাত পোৱা গৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ