প্ৰত্যেক মানুহেই সপোন দেখে৷ কেতিয়াবা টোপনীত আৰু কেতিয়াবা বাস্তৱত৷ খোলা চকুৰে দেখা সপোনবোৰ দিঠক কৰিবলৈ আমি পৰিশ্ৰম কৰা দৰকাৰ৷ অন্যহাতে টোপনীত দেখা সপোনে আমাৰ ভৱিষ্যতে ঘটিবলগা ঘটনাৰ ইংগিত দিয়ে৷ কোনটো সপোন সঁচা হ’ব আৰু কোনটো সপোন আমাৰ অৱচেতন মনৰ ভাৱনাবোৰৰ বাবে দেখি সেই সন্দৰ্ভত স্বপ্নশাস্ত্ৰত বিস্তৃতভাৱে উল্লেখ আছে৷ নিশা কোন সময়ত আপুনি দেখা সপোন সঁচা হ’ব পাৰে সেই সম্পৰ্কেও স্বপ্নশাস্ত্ৰত উল্লেখ আছে৷
কোন সময়ত দেখা সপোন সঁচা হয়
স্বপ্নশাস্ত্ৰ অনুসৰি এক নিশাত চাৰিটা প্ৰহৰ থাকে৷ প্ৰথম প্ৰহৰক কোৱা হয় প্ৰদোষ, দ্বিতীয় প্ৰহৰক নিশীথ আৰু তৃতীয় প্ৰহৰ হৈছে ত্ৰিযামা আৰু চতুৰ্থ প্ৰহৰ হৈছে ঊষা৷ স্বপ্নশাস্ত্ৰত আমাক জনোৱা হৈছে যে নিশাৰ প্ৰথম প্ৰহৰ অৰ্থাৎ প্ৰদোষ কাল হৈছে সন্ধিয়া ৬বজাৰ পৰা নিশা ৯বজালৈকে৷
এই সময়ত যদি আপুনি সপোন দেখে তেন্তে সেই সপোন এবছৰৰ ভিতৰতেই ফলিয়াই৷ নিশাৰ দ্বিতীয় প্ৰহৰ অৰ্থাৎ নিশীথ কাল হৈছে নিশা ৯ বজাৰ পৰা নিশা ১২ বজালৈকে৷ এই সময়ত দেখা সপোন ৮মাহৰ ভিতৰতেই সঁচা হয়৷ সকলোতকৈ বেছি সঁচা হয় নিশাৰ তৃতীয় প্ৰহৰত দেখা সপোন৷ এই সময় হৈছে নিশা ১২ বজাৰ পৰা নিশা ৩ বজালৈকে৷ আৰু চতুৰ্থ প্ৰহৰ হৈছে ঊষা কাল চলি থাকে নিশা ৩বজাৰ পৰা পুৱা ৬ বজালৈকে৷ এই তৃতীয় আৰু চতুৰ্থ প্ৰহৰত আপুনি যি সপোন দেখে সেই সপোন এমাহৰ ভিতৰতেই সঁচা হয় বুলি শাস্ত্ৰত উল্লেখ আছে৷
সপোনত বৰষুণ দেখা ভাল নে?
আপুনি যদি সপোনত বৰষুণ দেখিছে তেন্তে বুজিব আপোনাৰ জীৱনত উন্নতি আৰু সাফল্য আহিব৷ বৰষুণৰ সপোনে আমাৰ মনৰ সকলো ইচ্ছা পূৰণ কৰে৷ ইয়াৰোপৰি সপোনত বৰষুণ দেখিলে বুজিব যে আপোনাৰ আৰ্থিক উন্নতি হোৱাৰ সময় আহিছে৷
সপোনত গোলাপ দেখা
স্বপ্নশাস্ত্ৰত উল্লেখ থকামতে সপোনত গোলাপ ফুল দেখাটোও অত্যন্ত শুভ৷ এই ধৰণৰ সপোনে জীৱনলৈ যোগাত্মক খবৰ অহাৰ ইংগিত বহন কৰে৷ সপোনত গোলাপ দেখাৰ অৰ্থ এয়াই যে আপোনাৰ মনৰ সকলো আশংকা পূৰণ হ’ব৷ ইয়াৰোপৰি গোলাপৰ সপোন দেখিলে আৰ্থিক লাভো হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ