দিনজুৰি প্ৰচুৰ পৰিমাণে পানী খাইছে৷ তিনি লিটাৰতকৈ অধিক পানী খাইয়ো যদি শৰীৰত পানীৰ ঘাটি হয় তেতিয়া বুজিব যে সমস্যা অন্য৷ গৰমৰ দিনতেই কেৱল ডিহাইড্ৰেছন বা শৰীৰত পানীৰ ঘাটি হয় তেনে নহয়৷ বৰ্ষাৰ সময়তো হয়৷ অতিৰিক্ত ক্লান্তিভাৱ, বাৰে বাৰে ডিঙি শুকাই যোৱা, মুখৰ ভিতৰত শুষ্ক ভাৱ, মূৰৰ বিষ যদি লেথাৰিকৈ হৈ থাকে, পানীৰ সমস্যাৰো সমাধান নহয়, তেন্তে বুজিব অন্য কিছু ঘাটিও হৈছে শৰীৰত৷
পৰ্যাপ্ত পানী খোৱাৰ পাছতো হব পাৰে ডিহাইড্ৰেছন?
হাইড্ৰেছন মানে কেৱল পানীয়ে নহয়, শৰীৰত ছডিয়াম, পটাছিয়াম, মেগনেছিয়ামৰ ভাৰসাম্যও বুজায়৷ এই খনিজ লৱণসমূহৰ কাম হৈছে শৰীৰৰ কোষে কোষে পানী পোৱাই দিয়া৷ যদি খনিজসমূহৰ ঘাটি হয় তেতিয়া পৰ্যাপ্ত পানী পান কৰিলেও শৰীৰৰ সৰ্বত্ৰতে পানী গৈ নাপায়৷ ফলত যিসমূহ কোষত পানী ঘাটি হয় তেতিয়াই পেশী টানি ধৰা, বিষ হোৱা বাৰে বাৰে ডিঙি শুকাই যোৱা, মুখৰ ভিতৰ শুষ্ক হৈ যোৱা সমস্যাই দেখা দিয়ে৷
এই খনিজ লৱণসমূহৰ যিয়ে শৰীৰত পানী ভাৰসাম্য বজায় ৰাখে তাক কোৱা হয় ইলেক্ট্ৰলাইট৷ শৰীৰত প্ৰধানকৈ চাৰিটা কামৰ বাবে ইলেক্ট্ৰলাইটৰ দৰকাৰ
১. শৰীৰত ফ্লুয়িড অৰ্থাৎ তৰল পদাৰ্থৰ ভাৰসাম্য বজায় ৰখা
২. ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা
৩. হৃদপিণ্ডসহ সমগ্ৰ শৰীৰৰ পেশী সংকোচন আৰু প্ৰসাৰণত সহায় কৰা
৪. তেজৰ পি এইচ অৰ্থাৎ এছিড আৰু ক্ষাৰৰ ভাৰসাম্য ৰক্ষা কৰা৷
ইলেক্ট্ৰোলাইটৰ খেলিমেলি হলে এই কামসমূহ ব্যাহত হৈ পৰে৷ তেতিয়াই নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ অৱশ্যে কেৱল ইলেক্ট্ৰোলাইটৰ খেলিমেলিয়েই নহয় শৰীৰত আৰু কেইবাটাও কাৰণত পানীৰ ঘাটি হব পাৰে৷ যেনেকৈ অতিৰিক্ত কফি বা এলকহল খালে শৰীৰত কেফেইনৰ মাত্ৰা বৃদ্ধি পায়৷ ইয়াৰ পৰা পানীৰ ঘাটি হয়৷ টাইপ ২ ডায়বেটিছ বা কিডনিৰ ৰোগ থাকিলেও এনে হব পাৰে৷ খুব বেছি কাৰ্ডিঅ বা ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে পৰ্যাপ্ত পানী আৰু তৰল খাব লগা হয়৷ অন্যথা সমস্যা হব পাৰে৷
এই সমস্যা কেনেকৈ দূৰ কৰিব?
নিয়মিত আৰু পৰিমাণমতে পানী পান কৰিলে শৰীৰ স্বাভাৱিকভাৱে হাইড্ৰেটেড থাকে৷ ইয়াৰ ফলত শৰীৰৰ সৰ্বত্ৰতে প্ৰয়োজনীয় পুষ্টি যায়৷ শৰীৰৰ তাপমাৰ্তা নিৰ্দিষ্ট মাত্ৰাত বৰ্তি থাকে৷ শৰীৰত জমা হোৱা বৰ্জ্যও ঠিকমতে শৰীৰৰ পৰা বাহিৰলৈ যাব পাৰে৷ শৰীৰত পানীৰ চাহিদা পূৰণ কৰাৰ বাবে সাধাৰণ পানীৰ সলনি ফলৰ ৰস, গাখীৰ ইত্যাদি পানীয়ৰো প্ৰয়োজন আছে৷ ইলেক্ট্ৰোলাইট পানীয় ঘৰতো তৈয়াৰ কৰিব পাৰি৷ এক গ্লাছ পানীত দুচামুছ চেনী আৰু নিমখ মিহলাই খাব পাৰে৷ ডায়বেটিছ থাকিলে চেনীৰ সলনি নেমুৰ ৰস মিহলাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ