এইবাৰ খুব সংগোপনেই পাৰ হ’ল মহালয়া৷ কাৰণ এইবাৰ অসমত পিতৃপক্ষ চলি থকাৰ সময়তে বিদায় ল’লে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে৷ মহালয়াৰ উছাহ সেয়ে দেখা নগ’ল ৰাজ্যত৷ দেৱীপক্ষ আৰম্ভ হ’ল৷ আৰু কেইটামান দিনৰ অপেক্ষা তাৰপিছতেই দেৱীৰ বোধন হ’ব৷
প্ৰতিবছৰে দুৰ্গাপূজাত দেৱী দুৰ্গাই বেলেগ বেলেগ বাহনেৰে আহে৷ গমনো কৰে বেলেগ বেলেগ বাহনত৷ প্ৰত্যেক বাহনেৰে আছে বিশেষ অৰ্থ৷ জানি থওক ২০২৫ চনত দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত? ২০২৫ চনত এই পৰ্যন্ত যুদ্ধৰ ভয়াৱহতাৰ এক ৰূপ বিশ্বই দেখিছে৷ ইউক্ৰেইন-ৰাছিয়া যুদ্ধ, ইজৰায়েল বনাম হামাছ সংঘাতৰ ওপৰিও চলিত বছৰৰ ২২ এপ্ৰিলত পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকৰ প্ৰাণ গৈছিল৷ ওলোটাই জৱাবত পাকিস্তানৰো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে ভাৰতীয় সেনাই৷ আৰম্ভণি কৰে অপাৰেছন সেন্দূৰৰ৷
ইয়াৰোপৰি চলিত বছৰত হিমাচলৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতৰ নানান অংশত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাও ঘটিছে৷ ইফালে এই বৰ্ষতেই অসমেও হেৰুৱাইছে এগৰাকী কিংবদন্তি৷ অসমবাসীক কন্দুৱাই গুচি গৈছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ৷ সকলো মিলি এই পৰিস্থিতিৰ মাজত মৰ্ত্যত ভৰি থৈছে উমাই৷ দেৱীৰ আগমন আৰু গমন চলিত বছৰত কিহত হ’ব? তাৰ ফলাফল কি?
২০২৫ দুৰ্গাদেৱীৰ আগমন আৰু গমন
২০২৫ চনত দেৱীৰ আগমন গজত৷ যাৰ অৰ্থ হৈছে শস্য, শ্যামলা বসুন্ধৰা৷ ফলত দেৱীৰ আগমনকালত চাৰিওফালে ফুলে ফলে ভৰি থকাৰ বাৰ্তা আছে৷ এই ইংগিত শাস্ত্ৰমত৷ গজত দেৱীৰ আগমনক শুভ বুলি ধাৰণা কৰা হয়৷ অন্যহাতে দেৱীৰ গমন দোলাত৷ ধাৰণা কৰা হৈছে যে দেৱীৰ গমন যদি দোলাত হয় তেন্তে ই পৃথিৱীবাসীৰ বাবে মুঠেও শুভ নহয়৷
কোন বাহনে দেৱীৰ আগমনত কি ইংগিত দিয়ে? দেৱী দুৰ্গাৰ আগমন আৰু গমনে প্ৰত্যেক বছৰেই কিছু নহয় কিছু ইংগিত দিয়ে৷ জানি থওক দেৱীৰ গমন, আগমনত কি ফল লাভ কৰিব?
দোলা- দোলা অৰ্থাৎ পাল্কিত আগমন বা গমনে মহামাৰী বিষয়ত ভোগাৰ সম্ভাৱনা থাকে বুলি কয়৷
ঘোঁৰা- ঘোঁৰাত দেৱীৰ আগমন বা গমনৰ ফল ছত্ৰভংগ৷ ইয়াত ধ্বংসাত্মক লীলাৰ ইংগিত থাকে বুলি মান্যতা আছে৷
নৌকা- নৌকা বুলিলে জলমগ্ন সম্পৰ্কিত কিছু বুজায়৷ নৌকাত আগমন বা গমনৰ ফলত শস্যপূৰ্ণ বসুন্ধৰা৷
গজ- গজ বা হস্তী৷ ই সমৃদ্ধিক নিৰ্দেশ কৰে৷ ফলত এই বাহনত দেৱীৰ আগমন শুভ৷ চলিত বছৰত দেৱী আহিছে গজত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ