ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন
২ মাৰ্চৰ পৰা ভাৰতত ৰোজা আৰম্ভ হৈছিল, এতিয়ালৈকে ২৫টা ৰোজা সম্পূৰ্ণ হৈছে। এতিয়া ঈদ-উল-ফিতৰৰ তাৰিখ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে। অৱশ্যে ছৌদি আৰৱত ঈদৰ বন্ধৰ দিন ঘোষণা কৰা হৈছে।
সকলোৱে জনা মতে চৌদি আৰৱত যিদিনা ঈদ পালন কৰা হয়, পিছদিনা ভাৰতত ঈদ পালন কৰা দিন। বৰ্তমান ঈদৰ দুটা তাৰিখ ওলাইছে, যাৰ সন্দৰ্ভত কোৱা হৈছে যে ২০২৫ চনৰ ৩১ মাৰ্চ বা ১ এপ্ৰিলত ঈদ পালন কৰিব পাৰি।
ৰমজানৰ অন্তিম দিন ওচৰ চাপি অহাৰ লগে লগে সকলোতে আৰম্ভ হয় ঈদৰ প্ৰস্তুতি। ছৌদি আৰৱত তুংগত উঠিছে ঈদৰ প্ৰস্তুতি।
ছৌদি আৰবত ৰাজহুৱা খণ্ডৰ বন্ধৰ দিন ২৪ ৰোজাৰ পৰা (২২ মাৰ্চৰ পৰা আৰম্ভ) আৰম্ভ হৈছে, কিয়নো তাত ১৪৪৬ চনৰ হিজৰীৰ মতে এদিন আগতেই ৰোজা আৰম্ভ হয়। বাকী ব্যক্তিগত খণ্ড আৰু অলাভজনক খণ্ডৰ বাবে বন্ধৰ দিন ২৯ ৰোজাৰ পৰা (অৰ্থাৎ ২৭ মাৰ্চৰ পৰা) আৰম্ভ হ’ব।
এইবাৰ ২০২৫ চনৰ ৰমজান ২৯ দিনীয়া হোৱাৰ সম্ভাৱনা আছে। ইজিপ্তৰ ৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান আৰু ভূপদাৰ্থ গৱেষণা প্ৰতিষ্ঠানে নিশ্চিত কৰিছে যে ২০২৫ চনৰ ২৯ মাৰ্চ শনিবাৰে শ্বাৱাল (ইছলামিক কেলেণ্ডাৰৰ দশম মাহ) চন্দ্ৰ দেখা যাব পাৰে।
ছৌদি আৰৱত ঈদ বন্ধ ঘোষণাৰ পিছতে ভাৰততো ঈদৰ দিন ঘোষণা কৰা হব। যদি চৌদি আৰৱত ৩০ মাৰ্চত ঈদ পালন কৰা হয়, তেন্তে ভাৰতত ৩১ মাৰ্চত ঈদ পালন কৰিব পাৰে। যাৰ বাবে ৩১ তাৰিখে ঈদৰ দিনা বন্ধ থাকিব। চৌদি আৰৱত যিদিনা ৰোজা আৰম্ভ হয়, ঠিক পিছদিনা ভাৰতত আৰম্ভ হয়। একেদৰে ছৌদি আৰৱৰ এদিন পিছতে ঈদ পালন কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ