বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কে প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ ৰাজহুৱাভাৱে চৰ্চা কৰি মুকলিকৈ নিজৰ ব্যক্তিগত জীৱনৰ কথা ছ’চিয়েল মিডিয়াটো প্ৰকাশ কৰে।
গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নী নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ থকা বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে এল’ন মাস্কে পুনৰ নিজৰ স্বভাৱজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এল’ন মাস্কে নিজৰ যৌন জীৱনৰ বিষয়েও প্ৰকাশ কৰিছে। ইয়াৰ লগতে তেওঁ নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি কৰি কয় যে যোৱা তিনি বছৰত দুয়োজনে মাত্ৰ দুবাৰহে লগ পাইছে।
লগতে পঢ়ক প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?
ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি নিকোল শ্বানাহানৰ এল’ন মাস্ক আৰু গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। উল্লেখ্য যে কেইমাহমানৰ আগতে ছাৰ্গেই ব্ৰিনে পত্নী নিকোল শ্বানাহানৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। এতিয়া প্ৰতিবেদনত প্ৰকাশ পাইছে যে ছাৰ্গেই তেওঁৰ পত্নী আৰু এল’ন মাস্কৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।
নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ খবৰ ওলোৱাৰ পিছত এল’ন মাস্কে স্পষ্ট কৰি দিয়ে আৰু কয় যে যোৱা ৩ বছৰত নিকোলে মাত্ৰ ২ বাৰহে লগ পাইছে। তেওঁ টুইট কৰি কয়, ‘‘এয়া সম্পূৰ্ণ আজেবাজে কথা। ছাৰ্গেই আৰু মই বন্ধু আৰু যোৱা নিশা একেলগে পাৰ্টিত আছিলো! যোৱা ৩ বছৰত নিকোলে মাত্ৰ ২ বাৰহে লগ পাইছে আৰু দুয়োবাৰেই আমাৰ লগত চাৰিওফালে বহু মানুহ উপস্থিত আছিল। একোৱেই ৰোমাণ্টিক পৰিৱেশ নাছিল।’’
লগতে পঢ়ক বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও
স্পষ্টীকৰণৰ পাছত এল’ন মাস্কে পুনৰ এটা টুইটৰ উত্তৰ দি লিখিলে, ‘‘মই বহুদিনৰ পৰা যৌন সম্পৰ্কও কৰা নাই।’’
প্ৰতিবেদন অনুসৰি গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিন আৰু ইলন মাস্কৰ মাজত দীৰ্ঘদিন ধৰি বন্ধুত্ব আছিল যদিও নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পিছত তেওঁলোকৰ বন্ধুত্ব ভাঙি পৰে।
২০০৮ চনত ব্ৰিনে মাস্কৰ কোম্পানীটোক ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু অৰ্থনৈতিক সংকটৰ সময়ত তেওঁৰ ইলেক্ট্ৰিক গাড়ী কোম্পানী টেছলাত বিনিয়োগ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ