অসম লাইভ২৪ঃ টুইটাৰত সলনি হ’ল এলন মাস্কৰ পৰিচয়। কিছুদিন পূৰ্বে নিজকে ‘পাৰফিউম বিক্ৰেতা’ বুলি পৰিচয় দিয়া এলনে এইবাৰ টুইটাৰত নিজৰ পৰিচয় দিছে টুইটাৰৰ অধ্যক্ষৰূপে। টুইটাৰ ক্ৰয় কৰিয়েই বহুকেইটা পষ্ট কৰিছে এলন মাস্কে। টুইটাৰ ক্ৰয়ৰ পিছতেই তেওঁ লিখিছে, ‘The Bird is Freed’, অৰ্থাৎ চৰাইটোক এইবাৰ মুক্ত কৰি দিলো৷

টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিয়েই টুইটাৰত বহুকেইটা সালসলনি অনাৰ কথাও উল্লেখ কৰিছে মাস্কে৷ বৃহস্পতিবাৰে টুইটাৰ অধিগ্ৰহণ কৰিয়েই টুইটাৰৰ পূৰ্বৰ চীফ ফাইনেন্সিয়েল অফিচাৰ পৰাগ আগৰৱালক বিদায় দিছে মাস্কে৷ লগতে মাস্কে প্ৰকাশ কৰা অনুযায়ী এতিয়াৰে পৰা সকলোৱে মুক্তভাৱে টুইটাৰত নিজা মতামত প্ৰকাশ কৰিব পাৰিব৷ কিন্তু মাস্কে দায়িত্ব লোৱাৰ পিছতেই একাংশৰ চিন্তা মাস্কে টুইটাৰক কি কৰিব ঠিক নাই৷ কাৰণ টুইটাৰ লৈয়েই মাস্কে স্বাধীনভাৱে চৰাইটোৰ উৰুৱাই দিয়াৰ কথাই পোনতে উল্লেখ কৰিছে৷

লক্ষ্যণীয় যে পূৰ্বে টুইটাৰ ব্যৱহাৰকাৰীয়ে বহুসময়ত অশান্তি পোৱাৰ অভিযোগ আনিছিল৷ আনকি কাৰোবাৰ সমালোচনা কৰিলেই টুইটাৰ একাউণ্ট ব্লক হৈ পৰিছিল৷ চলিত বৰ্ষৰেই এপ্ৰিল মাহত ৪ হাজাৰ ৪০০ কোটি ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল মাস্কে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















