কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?
কাঁন চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত বহু ভাৰতীই বৰ্তমানে নিজৰ নিজৰ জলবা দেখুৱাই আছে। প্ৰবীন তাৰকাৰ লগতে বহু নৱাগতেও এইবাৰ আকৰ্ষণীয় সাজ-সজ্জাৰে দৃষ্টি কাঢ়ি বহু লোকৰ।
সেই সকলো লোকৰ ভিতৰত এটা নাম বৰ্তমানে বিশেষভাৱে চৰ্চিত হৈছে, সেয়া হৈছে- অভিষেক সিং। নেটফ্লিক্সৰ ৱেব ছিৰিজ দিল্লী ক্ৰাইম ২ত অভিনয় কৰা অভিষেক এতিয়া কাঁন চলচ্চিত্ৰ মহোৎসৱত শিৰোনাম দখল কৰিছে।
কাৰণ অভিষেক সিং অন্যৰ দৰে কেৱল অভিনেতা নহয়, তেখেত UPSC ২০১১ বেটচৰ প্ৰাক্তন আই এ এছ বিষয়া।
‘১৯৪৬: ডাইৰেক্ট একচন ডে’ – দ্য ইৰেজড হিষ্ট্ৰী অৱ বেংগল’ ছবিখনৰ জৰিয়তে অভিষেক সিঙে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছে।
বিশেষ কথাটো হ’ল অভিষেকৰ ছবি কাঁনত প্ৰদৰ্শিত হৈছে, যিয়ে ৰাইজৰ পৰা আচৰিত ধৰণৰ সঁহাৰি লাভ কৰিছে। অভিষেকৰ কথা কওঁতে তেওঁ উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা। অভিষেকৰ পিতৃ আই পি এছ বিষয়া হৈ আহিছে। কিন্তু ছবিৰ প্ৰতি থকা আগ্ৰহৰ বাবে অভিষেকে আই এ এছ পদৰ পৰা পদত্যাগ কৰে।
ইয়াৰ পূৰ্বে অভিষেকে প্ৰশাসনিক বিষয়া হৈ দেশৰ সেৱা কৰাৰ লগতে মডেলিং আৰু অভিনয় কৰিছিল। কিন্তু পিছত চাকৰিৰ পৰা পদত্যাগ কৰি সম্পূৰ্ণৰূপে চিনেমাৰ জগতত প্ৰৱেশ কৰে।
এই ছবিখনৰ পূৰ্বে অভিষেক ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ৰ দ্বিতীয় ছিজনত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ বহুতো চুটি ছবিও কৰিছে। অভিনয়ৰ উপৰিও অভিষেক মডেলিঙৰ প্ৰতিও অতি আগ্ৰহী, যাৰ বাবে তেওঁ বহু ফেশ্বন শ্ব’তো খোজ দিছে। অভিষেকে লেকমে ফেশ্বন উইক আৰু মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব’তো ৰেম্প মডেল হিচাপে অংশ লৈছে। অভিষেক ২০২৩ চনত আই এ এছ পদৰ পৰা পদত্যাগ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















