আধুনিত জীৱনযাত্ৰা, খাদ্যভাষত অনিয়ম, অতিৰিক্ত প্ৰদূষণৰ বাবে আমাৰ চৌপাশে যিসমূহ অসুখৰ প্ৰকোপ সবাতোকৈ বাঢ়িছে তাৰমাজত অন্যতম হৈছে কৰ্কট৷ দেশত যি হাৰত কৰ্কটৰ প্ৰৱণতা বাঢ়িছে তাৰ ভিতৰত অন্যতম হৈছে হাওঁফাওঁৰ কৰ্কট৷ মূলত ধূমপায়ীসকলৰেই হাওঁফাওঁৰ কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে৷ কাৰণ হাওঁফাওঁৰ কৰ্কট হ’লে আমি ধৰি লও তেওঁ ধূমপান কৰিছিল৷ কিন্তু ধূমপান নকৰিলেও হাওঁফাওঁত কৰ্কটে আক্ৰমণ কৰিব পাৰে৷
এই ৰোগৰ মূল যি হেতু নিকোটিনৰ দৰে ক্ষতিকৰ উপাদান ধূমপান নকৰিলেও আমাৰ চৌপাশে উৰি থাকে৷ শিশুৰ বাবে এই ধোঁৱা আৰু ক্ষতিকৰ৷ সেয়ে ধূমপান কৰা ব্যক্তিৰ পৰা শিশুক সদায়ে দূৰত ৰাখিব লাগে৷ ধূমপানত এক টানত যিমান নিকোটিন সোমাই যায় সেই নিকোটিনেই হাওঁফাওঁৰ ওপৰত নিকোটিনৰ আৱৰণ তৈয়াৰ কৰে৷ শৰীৰে সেই সকলো টক্সিন ওলিয়াই পঠিয়াব নোৱাৰে৷ সেয়ে ধূমপান নকৰিলেও কৰ্কট হোৱাৰ আশংকা থাকে৷
চিকিৎসকৰ মতে হাওঁফাওঁৰ কৰ্কটৰ প্ৰধান সমস্যা হৈছে এই ৰোগ শীঘ্ৰে ধৰা নপৰে৷ এই ৰোগৰ কিছু প্ৰাথমিক উপসৰ্গ থাকে৷ লক্ষণসমূহ সাধাৰণ ভাৱি বহুতেই অৱহেলাও কৰে৷ জানি থওক হাওঁফাওঁৰ কৰ্কটৰ আৰম্ভণি পৰ্যায় আপুনি কেনেকৈ বুজিব?
১. কাঁহ আৰম্ভ হৈছে, কোনো ঔষধতেই কমা নাই, দীৰ্ঘদিন ধৰি কাঁহ হৈ থাকিলে কৰ্কটৰ পৰীক্ষা কৰাটো জৰুৰী৷
২. কফৰ সৈতে ৰক্তপাত হোৱা৷
৩. বুকু বিষ, বিষ পিঠিলৈকে বাগৰি যোৱা, বুকুত কিবা এক অদ্ভুত শব্দৰ উমান পোৱা৷
৪. মাজে মাজে হাওঁফাওঁৰ সংক্ৰমণ হৈ নিউমোনিয়া বা ব্ৰঙ্কাইটিছত আক্ৰান্ত হোৱা৷ শ্বাসকষ্ট৷
৫. মূৰৰ বিষ৷
৬. কাৰণ অবিহনে যদি ওজন কমি যায়ে, ভোক কমি যায়, খাদ্য গিলাত অসুবিধা হোৱা আদি সমস্যাই দেখা দিলে৷
৭. ডিঙি বহি যোৱা বা কণ্ঠস্বৰ সলনি হোৱা৷
৮. বুকুৰ হাঁড়ত বিষ অনুভৱ কৰা৷
সাধাৰণতে এই ধৰণৰ উপসৰ্গই দেখা দিলে বেছিভাগ মানুহেই গুৰুত্ব নিদিয়ে৷ ধূমপায়ী ব্যক্তিৰ ক্ষেত্ৰত যেতিয়া এনে উপসৰ্গই দেখা দিয়ে তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷ প্ৰয়োজন অনুসৰি চিটি স্কেন, এফ এন এচি বা বায়োপচি কৰাব পাৰে৷ কৰ্কটৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ