সমালোচনা আৰু বিতৰ্কত মুখত পৰি সম্প্ৰচাৰ পৰিসেৱা (ব্ৰডকাষ্টিং) নিয়ন্ত্ৰণ বিলৰ খচৰা প্ৰত্যাহাৰ কৰিলে মোদী চৰকাৰে৷ সংসদৰ বৰ্ষাকালীন অধিবেশনত নতুন এই সম্প্ৰচাৰ বিলৰ খচৰা উত্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ এই খচৰা বিলৰ বিৰোধীতাৰে সৰৱ হৈ পৰে বিৰোধী৷ আপত্তি কৰে বিৰোধীমহলে৷ সংবাদমাধ্যম আৰু সামাজিক মাধ্যমক লেকাম লগোৱাৰ উদ্দেশ্যে চৰকাৰে এই বিল অনা বুলি আপত্তি কৰে বিৰোধীয়ে৷
নতুন এই বিলৰ মাধ্যমেৰে চৰকাৰে বাক স্বাধীনতা, মানুহৰ কণ্ঠৰোধ কৰিব বিচৰা বুলিও জনাই তেওঁলোকে৷ শেষত বিতৰ্ক আৰু সমালোচনাৰ মুখত পৰি সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল ২০২৪ৰ খচৰা প্ৰত্যাহাৰ কৰে কেন্দ্ৰই৷ বিগত বছৰৰ নৱেম্বৰতেই এই খচৰা তৈয়াৰ কৰা হৈছিল৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অফিচিয়েল এক্স হেণ্ডেলত এই সম্পৰ্কে সম্পূৰ্ণ তথ্যও দিয়া হৈছে৷
২০২৩ ৰ সংসদত সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল পেছৰ বাৰ্তা দিছিল নৰেন্দ্ৰ মোদী চৰকাৰে৷ কিন্তু বিল পেছৰ পূৰ্বেই এই খচৰাক লৈ আৰম্ভ হয় বিতৰ্ক৷ বিৰোধীৰ অভিযোগ, সংসদত পেছ হোৱাৰ পূৰ্বেই এই খচৰা প্ৰকাশ হৈ গৈছিল৷
কি কৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে?
এই সংক্ৰান্তত সংশ্লিষ্ট বিভিন্ন পক্ষ আৰু জনসাধাৰণৰ মত এৰি বাখ্যামূলক নোটসহ এখন খচৰা ২০২৩ চনৰ নৱেম্বৰতেই মন্ত্ৰণালয়ৰ ৱেবচাইটত দেখা গৈছিল৷ মন্ত্ৰণালয়ে বিলৰ খচৰাক লৈ ষ্টেক হোল্ডাৰৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰিছিল৷ ইয়াৰ পাছতেই বিভিন্ন এছোচিয়েছনৰ পৰা একাধিক পৰামৰ্শও তেওঁলোকলৈ আহিছিল৷
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছিল যে আগন্তুক ১৫ অক্টোবৰ পৰ্যন্ত মন্তব্য আৰু পৰামৰ্শ পাবলৈ অতিৰিক্ত সময় দিয়া হৈছে৷ বিস্তাৰিত আলোচনাৰ পাছতেই নতুন খচৰা বিল প্ৰকাশিত হ’ব বুলি জনোৱা হৈছিল চৰকাৰৰ তৰফৰ পৰা৷ সোমবাৰে মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে মতামতৰ ভিত্তিতেই নতুন খচৰা তৈয়াৰৰ কাম চলিছে৷
এই খচৰা বিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী৷ কংগ্ৰেছৰ অভিযোগ, মোদী চৰকাৰে প্ৰতিষ্ঠানিক সংবাদমাধ্যমৰ পাছতেই এইবাৰ সামাজিকমাধ্যমতো নিজৰ লেকাম লগাব বিচাৰিছে৷ চৰকাৰী নিয়ন্ত্ৰণ বলবৎ কৰাব বিচাৰিছে ইউটিউব, ফেছবুক, ইনষ্টাগ্ৰাম আৰু এক্স হেণ্ডেলৰ পোষ্টত৷ সংবাদমাধ্যমত নিজৰ পছন্দমাফিক খবৰ প্ৰচাৰত নিয়ন্ত্ৰণ আনিব খুজিছে৷ শেষত বহু সাংবাদিকেই এতিয়া নিজা ইউটিউব চেনেল খুলি বাৰ্তা দিয়া আৰম্ভ কৰিছে যদিও সেই চেনেলসমূহতো নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত আছে৷ নতুন বিলে এই সকলোবোৰ সাংবাদিকৰ কণ্ঠ আকৌ ৰোধ কৰিব বুলি জনাইছে বিৰোধীয়ে৷ বিৰোধীসকলৰ অভিযোগ, নতুন বিলে বাকস্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ