অসম লাইভ২৪ঃ হৃদৰোগীৰ সংখ্যা বিশ্বত ভয়াৱহ হাৰত বৃদ্ধি হৈছে৷ দেশৰ বেছিসংখ্যক পৰিয়ালতেই কমেও এজন হ’লেও হাৰ্টৰ ৰোগী আছে৷ জন্মৰ পৰা মৃত্যুলৈকে নিৰন্তৰভাৱে কাম কৰে হৃদযন্ত্ৰই৷ তেজৰ পাম্প কৰাৰ কাম কৰে হাৰ্টে৷ হাৰ্টৰ অসুখ বাঢ়ি অহাৰ প্ৰধান কাৰণেই হৈছে আমাৰ জীৱনযাত্ৰা আৰু খাদ্যভাষ৷
হৃদযন্ত্ৰৰ এই সমস্যা সমাধানৰ বাবে আমাৰ খাদ্যভাষত কিছু সালসলনি অনাটো অতি জৰুৰী৷ বহুতৰেই ধাৰণা কণীৰ কুহুম খালে হাৰ্টৰ সমস্যা বাঢ়ে৷ এই ধাৰণাৰ সত্যতা আছেনে?
কণীৰ কুহুমৰ গুণাগুণঃ
কণী হাইপ্ৰটিনযুক্ত আহাৰ৷ কণীৰ কগা অংশত প্ৰচুৰ পৰিমানে প্ৰটিন থাকে৷ এই প্ৰটিনৰ বায়লজিকেল ভেল্যু বহু বেছি৷ ইয়াৰ ওপৰিও কণীৰ কুহুম বা হালধীয়া অংশত আছে ভিটামিন এ আৰু ভিটামিন ডি৷ এই দুই ভিটামিনেই শৰীৰৰ বাবে অতি উপকাৰী৷ কণীৰ কুহুমৰ অপকাৰীতাততৈ উপকাৰীতাই অধিক৷
কণীৰ কুহুমৰ পৰা হাৰ্টৰ অসুখ হয় নেকি?
বহু মানুহৰেই ধাৰণা কণী খালে হাৰ্টৰ অসুখে দেখা দিয়ে৷ চিকিৎসকে দাবী কৰা অনুযায়ী এয়া একেবাৰেই ভুল ধাৰণা৷ ইয়াৰ পৰা শৰীৰৰ ক্ষতি নহয় বৰং লাভহে হয়৷ কণীৰ কুহুমত প্ৰচুৰ পৰিমানে কলষ্টেৰল থাকে৷ কলাষ্টেৰলে এজন সুস্থলোকৰ শৰীৰত কোনোধৰণৰ ক্ষতি নকৰে৷ কেৱল এটা সমস্যা আছে যে কমীৰ কুহুম প্ৰায়ে খাসে হাৰ্টত ফেট জমা হ’ব পাৰে৷ সেয়ে হাৰ্টৰ ৰোগীয়ে পাৰিলে কণীৰ হালধীয়া অংশটো খোৱাৰ পৰা বিৰ থাকিব লাগে৷ কিন্তু কণীৰ বগা অংশ খোৱাত কোনোধৰণৰ বাধা নাই৷
এজন সুস্থ মানুহে এদিনত কিমান কণী খাব পাৰে?
এজন সুস্থ মানুহে এদিনত এটা কণী খাব পাৰে৷ কিন্তু বেছি পৰিমানে খালে কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়৷ সেয়ে এদিনত এটাতকৈ বেছি কণীৰ কুহুম নোখোৱাটোৱেই শ্ৰেয়৷
এজন সুস্থ ব্যক্তিয়ে ১৪ দিনৰ অন্তত এটা কণীৰ কুহুম খাব পাৰে৷
হাৰ্ট ভালে ৰাখিবলৈ কি কি নিয়ম মানি চলিব?
বাহিৰৰ খাদ্য, অত্যাধিক তেল মছলাযুক্ত খাদ্য সেৱন নকৰিব
মাখন, ঘী, বনস্পতি, চীজ আদি প্ৰতিসাঁজতে নাখাব
খাদ্য তালিকাত সতেজ ফলমূল, পাচলি আদি ৰাখিব
ইয়াৰোপৰি প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰিবই
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















