অসম লাইভ২৪ঃ বিধ্বংসী অগ্নিকাণ্ডত তচনচ হ’ল ফটাশিল আমবাৰীৰ এটা বস্তি এলেকা। চাফাই কৰ্মীসকলে বাস কৰা বস্তিটোত ৬০ টাতকৈ অধিক ঘৰ ভস্মীভূত হৈছে। লাখ লাখ টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হৈছে। অগ্নিকাণ্ডত ১০ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত এই জুইয়ে ভয়াৱহ ৰূপ লয়। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও এই অগ্নিকাণ্ডত গৃহহীন হৈছে বহুলোক।
বস্তি এলেকাটোৰ কাষতে নতুনকৈ নিৰ্মাণ কৰা গণেশ মন্দিৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা আছিল যদিও সকলো কাৰ্যসূচী এতিয়া স্থগিত ৰখা হৈছে। এই ন্দীৰত প্ৰতিষ্ঠাৰ বাবে অন্ধ্ৰ প্ৰদেশৰ পৰা অনা হৈছিল গণেশৰ মূৰ্তি। কিন্তু মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বেই সংঘটিত হ’ল অনাকাংক্ষিত দুৰ্ঘটনাটো। এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা বস্তিটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা। অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়া মূৰে–কপালে হাত দিছে বস্তি অঞ্চলবাসীয়ে।
ইতিমধ্যে সেই স্থানত বহুকেইজন চৰকাৰী কৰ্মচাৰী উপস্থিত হৈ ঘটনাৰ বুজ লৈছে। ইয়াৰোপৰি গৃহহীন হৈ পৰা বাসিন্দাসকলক সকলোপ্ৰকাৰে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে চৰকাৰী পক্ষই। ইপিনে ধ্বংসস্তুপৰ কাষত ৰৈ চকুলো টুকিছে অঞ্চলটোৰ প্ৰায়সংখ্যক বাসিন্দাই। চকুৰ সন্মুখতে ঘৰখন জ্বলি ছাই হৈ যোৱাৰ ছবি এতিয়াও তেওঁলোকৰ চকুত ভাহি আছে বুলি জনাইছে বাসিন্দাসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ