পুত্ৰৰ বিয়া সমাপন কৰি অতিথী থ’বলৈ যাওতেই প্ৰাণ হেৰুৱালে পিতৃয়ে, লগতে আন এজন
অতিকে শোকাৱহ ঘটনা। পুত্ৰৰ বিয়াৰ দিনাই প্ৰাণ হেৰৱালে পিতৃয়ে। পিতৃৰ লগতে প্ৰাণ হেৰুৱালে আন এগৰাকী লোকেও। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাত।
নাজিৰাৰ মেজেঙ্গাত পুৱা ৪ মান সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। দুর্ঘটনাত থিতাতে নিহত দুজন লোক ৷ গেলেকীৰ নামদঙীয়া গাঁৱৰ যতীন শইকীয়া আনজন ন-কচাৰীৰ পূৰ্ণ তামুলী ৷
ইয়াৰে যতীন শইকীয়া নামৰ লোকগৰাকীৰ পুত্ৰৰ বিয়া আছিল কালিৰ দিনটোত। ৪ মে’ৰ দিনা বিয়া আছিল। মাজ ৰাতি ভকতীয়া বিয়া সম্পন্ন কৰি দৰাৰ পিতৃয়ে অন্য ভকত সকলক ঘৰলৈ বুলি থবলৈ গৈছিল।
কিন্তু ভাগ্যত যেন লিখি থোৱা আছিল অন্যহে। কইনা আনি ঘৰ সোমোৱাৰ পিছতে ভকতক থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া৷ লগত আছিল পূৰ্ণ তামুলী।
অন্য সকলক থৈ উভতি অহাৰ পথত পুৱা ৪ মান বজাত মেজেঙ্গাৰ হুদুপাৰত দুর্ঘটনাত পতিত হয় তেওঁলোকৰ বাহন৷ দুৰ্ঘটনাৰ সময়ত তীব্ৰবেগত আছিল হোণ্ডা ইয়ন বাহনখন। যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাটৰ কাষৰ গছত প্ৰচণ্ড জোৰে খুন্দা মাৰি ঘটনাস্থলীত প্ৰাণ হেৰুৱায়।
বৰ্তমান দুয়োগৰাকী লোকৰে মৃতদেহ উদ্ধাৰ কৰি প্ৰথমে নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় তাৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
এতিয়া গাৰ পৰা মা-হালধীৰ গোন্ধ নাযাওতেই দৰাই কৰিব লাগিব পিতৃৰ মুখাগ্নি কৰিব লাগিব পিতৃৰ দহা-কাৰ্য। এই ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতেই শোকৰ বন্যা বোৱাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ