ফেটি লিভাৰ হৈছে এনে এক ৰোগ য’ত লিভাৰৰ ওপৰত মেদ জমা হয়৷ ফেটি লিভাৰ দুই ধৰণৰ হয়৷ এবিধ হৈছে মেটাবলিক ডিছফাংছন সম্পৰ্কিত ষ্টিয়াটোটিক লিভাৰ ডিজিজ আৰু অন্যবিধ হৈছে এলকহল সম্পৰ্কিত ফেটি লিভাৰ ডিজিজ৷ ফেটি লিভাৰ ডিজিজত হজম সমস্যা হোৱা, বমি ভাৱ, পেটৰ বিষ, পেটত অস্বস্তিসহ নানান উপসৰ্গই দেখা দিব পাৰে৷ ফেটি লিভাৰৰ অন্যতম মূল কাৰণ হৈছে অবেচিটি৷ ইয়াৰোপৰি অনিয়ন্ত্ৰিত জীৱনযাপন, মদ্যপান, বেহিচাপত খাদ্যগ্ৰহণৰ কাৰণে এই ৰোগৰ আশংকা বাঢ়ে৷ ডায়বেটিছ, বেয়া কলষ্টেৰল বেছি থাকিলেও ফেটি লিভাৰৰ সমস্যা হব পাৰে৷
ফেটি লিভাৰ ডিজিজৰ প্ৰাথমিক আৰু প্ৰধান লক্ষণ হৈছে পেটৰ ওপৰৰ সোঁ কাষত বিষ আৰু অস্বস্তি৷ ফেটি লিভাৰ ডিজিজে শৰীৰৰ ৪ অংগ বিকল কৰি দিয়ে? কি কি অংগ বিকল কৰে?
ভৰিৰ গোৰোহা আৰু ভৰি ফোলা
যদি দীৰ্ঘদিন ধৰি ভৰি ফুলি থাকে তেন্তে সেয়া লিভাৰৰ ৰোগৰ এক লক্ষণ হব পাৰে৷ এই ৰোগে দেখা দিলে অৱহেলা নকৰিব৷ গোৰোহা আৰু ভৰি ফোলা লিভাৰৰ ৰোগৰ উপসৰ্গ হব পাৰে৷ ফুলি যোৱা শিৰসমূহত চাপ সৃষ্টি হয় আৰু ই কিডনিৰ দিশত ৰক্তপ্ৰবাহত বাধা দিয়ে৷ ফলত কিডনি শৰীৰ পৰা বেছি পৰিমাণে থকা তৰল পৰিশোধন কৰি বাহিৰ কৰিব নোৱাৰে৷
লিভাৰৰ ৰোগত বুকুৰ দেৱাল বা পেশী বাঢ়ি যাব পাৰে৷ হৰমনৰ ভাৰসাম্যহীনতাৰ কাৰণে এনে হয়৷
পেট – লিভাৰৰ ৰোগৰ অন্যতম উপসৰ্গ হৈছে পেটত পানী জমা হোৱা৷ লিভাৰৰ ৰক্তনলীত প্ৰদাহৰ কাৰণে সেইসমূহৰ মাজত চাপ সৃষ্টি হয়৷ সেই কাৰণেই লিভাৰৰ ৰক্তনলীৰ পৰা তৰল বাহিৰ হৈ পেটত জমা থাকে৷ ফলত পেট ফুলি যায়, বিষ হয়৷
ফেটি লিভাৰ ডিজিজৰ মোকাবিলা কৰিব পাৰে কি কি খাদ্যই?
- কেঁচা হালধি-কেঁচা হালধিয়ে লিভাৰৰ পৰা ফেট বাহিৰ কৰি দিয়ে৷ কেঁচা হালধি থেতেলিয়াই খাওক, অৱশ্যে ৰন্ধনত সেই হালধি ব্যৱহাৰ নকৰিব৷
- কফি- কফিয়ে লিভাৰৰ পৰা ফেট বাহিৰ কৰি দিয়ে৷
- শস্যদানা- খাদ্যৰ পাতত ৰাখক সেইসমূহ খাদ্য যত কমমাত্ৰাত চেনী আছে, যেনে বাজৰা, ৰাগি৷ অৱশ্যে বেছিকৈ গম নাখাব৷ গমে ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুত গতিত বঢ়াই দিয়ে৷ অন্যহাতে বাজৰা, ৰাগি, ছাতুৱে ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুত বঢ়াই নিদিয়ে৷
- আখৰোট- লিভাৰৰ বাবে আখৰোট খুবেই উপকাৰী৷ দৈনিক ৩০ গ্ৰাম আখৰোট খাওক৷ মাছৰ পৰা যি পুষ্টি পোৱা যায়, সেই পুষ্টিয়েই আখৰোটতো থাকে৷
- আপেল- আপেলত থাকে ফাইবাৰ, ভিটামিন চি, পটাছিয়াম, ভিটামিন কে, কপাৰৰ দৰে পুষ্টিকৰ উপাদান৷ আপেলত আছে স্বাস্থ্যকৰ বেক্টেৰিয়া যিয়ে শৰীৰক অসুখৰ বিৰুদ্ধে যুঁজ কৰিবলৈ প্ৰস্তুত কৰে৷ আপেলৰ বাকলিও পুষ্টিৰ ভাণ্ডাৰ৷ আপেলৰ বাকলি এৰুৱাই সেয়ে আপেল নাখাব৷
- ৰঙীন পাচলি- ৰঙীন পাচলি যেনে বীট, বন্ধাকবি লিভাৰৰ বাবে খুবেই উপকাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ