কেইবা সপ্তাহতেই বিশ্বলৈ আৰ্থিক মন্দাৱস্থা আহিব বুলি সতৰ্ক কৰিছে অৰ্থনীতিবিদে৷ যুদ্ধৰ এই ভয়াৱহতাৰ মাজতেই এইবাৰ ভাৰতৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত পৰিছে ডাঙৰ প্ৰভাৱ৷ ইৰান, ইজৰায়েল আৰু আমেৰিকাৰ যুদ্ধৰ মাজতে দাম বাঢ়িবলৈ গৈছে ঔষধৰ৷ ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে জনাইছে যে মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াৰ অস্থিৰ অৱস্থাত ঔষধৰ ঘাটি আৰু দামবৃদ্ধিৰ আশংকা আছে৷
ডায়বেটিছ আৰু হাৰ্টৰ ঔষধৰ দাম বঢ়াৰ সম্ভাৱনা প্ৰৱল
কি কি ঔষধৰ দাম বাঢ়িব পাৰে? ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে জনাইছে যে প্ৰতিদিনৰ ব্যৱহাৰিক ঔষধ, বিশেষকৈ জ্বৰৰ টেবলেট পেৰাচিটামলৰ দৰে ঔষধৰ দাম বাঢ়িব পাৰে৷ ইয়াৰোপৰি সংক্ৰমণ, ডায়বেটিছ আৰু হাৰ্টৰ ঔষধৰ দামো বঢ়াৰ সম্ভাৱনা প্ৰৱল৷ ঔষধ প্ৰস্তুতকাৰকসকলৰ আশংকা যে পৰিস্থিতি দীৰ্ঘস্থায়ী হ’লে শীঘ্ৰেই ৰোগীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব৷
দাম বাঢ়িব পাৰে পেৰাচিটামলৰ
জ্বৰৰ সাধাৰণ ঔষধ পেৰাচিটামল৷ জ্বৰ হ’লে প্ৰতিঘৰতেই প্ৰাথমিক চিকিৎসাই হৈছে পেৰাচিটামল টেবলেট৷ সেই পেৰাচিটামল আৰু দামী হৈ উঠিব পাৰে বা সহজে লাভ নকৰিব পাৰে৷ যদি উৎপাদন কমি যায়৷ অৰ্থনীতিবিদৰ দাবী, ঔষধ তৈয়াৰৰ মূল উপাদান API, ছলভেণ্ট আৰু এক্সিপিয়েণ্টৰ দাম মাত্ৰ ১৫ দিনৰ ভিতৰতেই ২০০-৩০০ শতাংশ পৰ্যন্ত বাঢ়ি গৈছে৷
হিমাচলপ্ৰদেশ ড্ৰাগ মেনুফেকচাৰ্ছ এছোচিয়েচনে এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠিও লিখিছে৷ উদাহৰণস্বৰূপে পেৰাচিটামলৰ কেঁচামালৰ দাম কেইবাদিনৰ ভিতৰত প্ৰতি কিঃগ্ৰাঃত প্ৰায় ২৫০ টকাৰ পৰা বাঢ়ি ৪৫০ টকা হৈছে৷ একেই প্ৰৱণতা দেখা গৈছে অন্যান্য ঔষধতো৷ পেৰাচিটামলৰ দৰে বহু ঔষধেই নেশ্ব্যনেল লিষ্ট অফ এছেনচিয়েল মেডিচিনছৰ আওঁতাত পৰে য’ত চৰকাৰৰ নিৰ্ধাৰিত সৰ্বোচ্চ মূল্য আছে৷ অৰ্থাৎ এই ঔষধসমূহ অত্যাবশ্যকীয় তালিকাত আছে৷ কিন্তু কেঁচামালৰ দাম যেনেকৈ বাঢ়িছ তাৰ বৰ্তমান চৰকাৰ নিৰ্ধাৰিত দামৰ মাজত উৎপাদন চলাই যোৱা কঠিন হৈ পৰিছে বুলি দাবী উদ্যোগমহলৰ৷
পেকেজিং আৰু পৰিবহণ খৰচো বাঢ়িছে
ঔষধ সংস্থাসমূহে লগতে দাবী কৰিছে যে ঔষধৰ পেকেজিঙতো খৰচ উল্লেখযোগ্যভাৱে বাঢ়িছে৷ ব্লিষ্টাৰ পেকৰ বাবে এলুমিনিয়াম ফয়েল, বটলৰ বাবে প্লাষ্টিক আৰু কাঁচৰ কণ্টেনাৰৰ দামো বাঢ়িছে৷ মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে চিপিং ৰুট ব্যাহত হৈছে৷ পৰিবহণ খৰচ বাঢ়িছে আৰু পেট্ৰোকেমিকেলৰ সৰবৰাহো কমিছে৷ যিয়ে ঔষধ আৰু পেকেজিং উভয়ৰ ক্ষেত্ৰতেই গুৰুত্বপূৰ্ণ৷
পেৰাচিটামলৰ দৰে সাধাৰণ ঔষধসমূহ মূলত সৰু আৰু মধ্যমীয়া ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে বনায়৷ তেওঁলোকে কম লাভত কাম কৰে আৰু নিৰ্দিষ্ট মূল্য সৰবৰাহৰ চুক্তিতে আৱদ্ধ থাকে৷ কেঁচামালৰ দাম বঢ়াত বহু সংস্থাই উৎপাদন কমোৱা বা কিছু পণ্য বন্ধ কৰাৰ কথা ভাৱিছে৷ ইয়াৰ প্ৰভাৱ পৰিব পাৰে হাস্পতাল, চৰকাৰী স্বাস্থ্য প্ৰকল্প আৰু সাধাৰণ ঔষধৰ দোকানত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















