নিজৰ ছবি Virata Parvam প্ৰচাৰ কৰিবলৈ গৈ কাশ্মীৰী পণ্ডিতৰ হত্যাকণ্ডৰ বিষয়ে মন্তব্য দি আইনী সংকটত পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱী৷
এক সাক্ষাৎকাৰত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কাশ্মীৰী পণ্ডিতৰ হত্যা আৰু ম’ব লিঞ্চিঙৰ মাজত একো পাৰ্থক্য নাই বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে দক্ষিণৰ অভিনেত্ৰীগৰাকীক একাংশই সমৰ্থন কৰিলেও বিভিন্ন পক্ষই তীব্ৰ সমালোচনা কৰাও দেখা গৈছে৷
ইয়াৰ মাজতে কাশ্মীৰী পণ্ডিতৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰ চাপিছে একাংশই৷ হায়দৰাবাদৰ চুলতানবজাৰ আৰক্ষীৰ থানাত দক্ষিণৰ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বজৰং দলে এজাহৰ দাখিল কৰিছে৷
লগতে পঢ়ক ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!
উক্ত এজাহাৰ লাভ কৰাৰ পিছতে সাক্ষাৎকাৰৰ ভিডিঅ’ ফুটেজ পৰীক্ষা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে নিজৰ নতুন ছবিখনৰ প্ৰচাৰৰ বাবে এটা ইউটিউব চেনেলত সাক্ষাৎকাৰ দিয়াৰ সময়ত বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছৰ সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে৷
ইউটিউব চেনেলটোক দিয়া এক সাক্ষাৎকাৰত ছাই পল্লৱীয়ে কয় যে, ‘‘বলীউডৰ ছবি দ্য কাশ্মীৰ ফাইলছত দেখুওৱা হৈছে যে কাশ্মীৰী পণ্ডিতসকলক কেনেদৰে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। একে সময়তে কিছুদিন পূৰ্বে গৰু কঢ়িয়াই নিয়া এজন মুছলমান লোকক নৃশংসভাৱে প্ৰহাৰ কৰি জয় শ্ৰী ৰাম শ্লোগান দিবলৈ কোৱা হৈছিল। এই দুয়োটা ভুল আৰু এয়া ধৰ্মৰ নামত হিংসা। এই দুটা কাণ্ডৰ মাজত পাৰ্থক্য কি?’’
লগতে পঢ়ক ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!
এইদৰে কৈ ছাই পল্লৱীয়ে ‘মই নিৰপেক্ষ হৈ থাকো’ থাকো বুলি ধৰ্মীয় উদাৰতা প্ৰদৰ্শন কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘মই নিৰপেক্ষ পৰিৱেশত ডাঙৰ হৈছো। লেফ্ট উইং আৰু ৰাইট উইংৰ বিষয়ে বহুত শুনিছো, কিন্তু কোন সঠিক আৰু কোন ভুল ক’ব নোৱাৰো।’’
অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘আপুনি ভুক্তভোগীসকলক সুৰক্ষা দিব লাগিব। যদি আপুনি এজন ভাল মানুহ, তেন্তে তেওঁৰ কথা সঠিক বুলি নাভাবে। মই নিৰপেক্ষ আৰু সদায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰো। মোৰ বিশ্বাস যে কেৱল দুজন সমকক্ষ মানুহৰ মাজতহে কাজিয়া হ’ব পাৰে, কিন্তু দুজন বেলেগ বেলেগ মানুহৰ মাজত হ’ব নোৱাৰে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ