• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

2 months ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

2 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

2 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

3 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

3 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

4 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

5 hours ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

5 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

5 hours ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

6 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

7 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ ক্ষুব্ধ SC

editor by editor
July 15, 2026
in অপৰাধ, ভাৰত, সমীক্ষণ (আলোচনী)
0
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’
0
SHARES
506
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাটনা উচ্চ ন্যায়ালয়ৰ শেহতীয়া এটা ৰায়ৰ পিছত ‘ধ*ৰ্ষণৰ অপচেষ্টা’ক লৈ সমগ্ৰ দেশজুৰি পুনৰ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কোনো মহিলাৰ কাপোৰ খোলাৰ অপচেষ্টা, কাপোৰ ফালি দিয়া বা মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্যক আইনৰ দৃষ্টিত ‘ধ*ৰ্ষণৰ অপচেষ্টা’ বুলি গণ্য কৰা হ’ব নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায় আৰু ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ বিধানসমূহলৈ দৃষ্টি দিব লাগিব। মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত যৌ*ন অপৰাধৰ ক্ষেত্ৰত আদালতৰ বহু ৰায়েই সময়ে সময়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি কৰিছে। বহু ক্ষেত্ৰত আদালতৰ আইনী ব্যাখ্যাক লৈ প্ৰশ্ন উত্থাপন হয় আৰু আইনৰ সীমা ক’ত শেষ হয় সেই বিষয়েও বিস্তৃত আলোচনা হয়। শেহতীয়াকৈ ২০০৮ চনৰ বিহাৰৰ এটা ঘটনাক লৈ পাটনা উচ্চ ন্যায়ালয়ৰ ৰায় পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আদালতে উপলব্ধ প্ৰমাণৰ ভিত্তিত কয় যে, এই বিশেষ ঘটনাত মহিলাৰ কাপোৰ খোলাৰ চেষ্টা আৰু মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্যক ‘ধ*ৰ্ষণৰ চেষ্টা’ বুলি গণ্য কৰিব নোৱাৰি।

আদালতত কেনেকুৱা ঘটনাক ‘ধ*ৰ্ষণৰ চেষ্টা’ বুলি গণ্য কৰা হ’ব?

পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে প্ৰশ্ন উঠিছে মহিলাৰ কাপোৰ খোলাৰ চেষ্টা, বলপূৰ্বক যৌ*ন আক্ৰমণ বা যৌ*ন হিংসাৰ আৰম্ভণিকেই ‘ধ*ৰ্ষণৰ চেষ্টা’ বুলি গণ্য কৰা হ’ব নেকি? এয়া প্ৰথমবাৰৰ বাবে উত্থাপিত হোৱা বিতৰ্ক নহয়, বিগত কেইবছৰমানত এনে বহু ৰায় আহিছে, যিবোৰে এই প্ৰশ্নটো পুনৰ উত্থাপন কৰিছে যে ‘ধ*ৰ্ষণৰ চেষ্টা’ৰ আইনী সীমা আচলতে ক’ত?

আদালতৰ ৰায়সমূহ কিয় বাৰে বাৰে বিতৰ্কলৈ আহে?

২০২১ চনত ‘স্কিন-টু-স্কিন’ মন্তব্যই সমগ্ৰ দেশক আচৰিত কৰি তুলিছিল। তাৰ পিছত ২০২৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে এগৰাকী নাবালিকাৰ এটা ঘটনাত মন্তব্য কৰিছিল যে, মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য আৰু পায়জামাৰ ৰচী ছিঙি দিয়া মাত্ৰেই ‘ধ*ৰ্ষণৰ চেষ্টা’ বুলি ক’ব নোৱাৰি। পিছত উচ্চতম ন্যায়ালয়ে সেই ৰায় বাতিল কৰি কয় যে, এনে অভিযোগসমূহ কেৱল প্ৰস্তুতি (Preparation) নহয়, বৰঞ্চ ‘ধ*ৰ্ষণৰ চেষ্টা’ৰ দিশলৈ আগবঢ়া স্পষ্ট পদক্ষেপ হিচাপে গণ্য হ’ব পাৰে। এতিয়া পাটনা উচ্চ ন্যায়ালয়ৰ শেহতীয়া এটা ৰায়ে পুনৰ একে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে—একেধৰণৰ ঘটনাক বিভিন্ন আদালতে ভিন্ন দৃষ্টিভংগীৰে মূল্যায়ন কৰি আছে নেকি?

পাটনা উচ্চ ন্যায়ালয়ৰ ঘটনাটো কি?

২০০৮ চনত বিহাৰৰ বাঁকা জিলাৰ এখন ফটো ষ্টুডিঅ’ৰ এটা ঘটনাৰ ৰায়ক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক। অভিযোগ অনুসৰি, এগৰাকী যুৱতীয়ে নিজৰ পিতৃৰ সৈতে ফটো তুলিবলৈ ষ্টুডিঅ’লৈ গৈছিল। ফটো তোলাৰ পিছত ষ্টুডিঅ’ৰ মালিকে দেউতাকক বাহিৰলৈ পঠিয়াই ভিতৰৰ দুৱাৰ বন্ধ কৰি দিয়ে। তাৰ পিছত তেওঁ যুৱতীগৰাকীৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া আৰু পায়জামা খোলাৰ অপচেষ্টা কৰে। যুৱতীগৰাকীয়ে চিঞৰি উঠাত দেউতাক ভিতৰলৈ আহে আৰু অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ট্ৰায়েল কোৰ্টে এই ঘটনাক ‘ধ*ৰ্ষণৰ চেষ্টা’ বুলি গণ্য কৰি অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। কিন্তু পাটনা উচ্চ ন্যায়ালয়ে কয় যে, নথিত থকা প্ৰমাণৰ ভিত্তিত ‘ধ*ৰ্ষণৰ চেষ্টা’ৰ বাবে প্ৰয়োজনীয় আইনী উপাদানসমূহ প্ৰমাণিত হোৱা নাই। সেয়েহে আদালতে ‘Attempt to Rape’ৰ দোষ বাতিল কৰি ইয়াক ‘মহিলাৰ মৰ্যাদা ভংগ’ (Outraging Modesty)-ৰ অপৰাধ বুলি গণ্য কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
Next Post
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.