সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান
উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটী মহানগৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলত থকা অবৈধ লোকৰ বিৰুদ্ধে এইবাৰ নামি পৰিছে বন বিভাগ। ইতিমধ্যে জাৰি কৰা হৈছে জাননী।
এইবাৰ স্থান গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চল। ৭দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ কঠোৰ নিৰ্দেশনা বন বিভাগৰ। অহা ৭ দিনৰ ভিতৰত বেদখল কৰা ঠাইৰ পৰা নিজৰ সা-সামগ্ৰী লৈ যাবলৈ নিৰ্দেশ বন বিভাগৰ।
৭দিনৰ ভিতৰত ঘৰ খালী নকৰিলে এফালৰ পৰা ভাঙি পেলোৱা হ’ব সকলো ঘৰ। ৭ দিনৰ ভিতৰত খালী নকৰিলে উচ্ছেদৰ সময়ত হ’ব লগা ক্ষয়ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহ’ব বুলি উল্লেখ কৰিছে জাননীত।
বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বার্থত চলিব এইবাৰ উচ্ছেদ অভিযান। জাননীত জাৰি কৰা অনুসৰি অবৈধ বেদখলকাৰী লোক সকলে স্ব-ইচ্ছাই সা-সামগ্ৰী লৈ ঘৰ খালী নকৰিলে বন বিভাগ জগৰীয়া নহব।
ন’টিছ পোৱা মাত্ৰকে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰী সকলৰ মাজত। আজিৰে পৰা ৭ দিনৰ ভিতৰত খালী নকৰিলে বনবিভাগৰ বুলড’জাৰ চলিব গুৱাহাটীৰ ফটাশিল সংৰক্ষিত বনাঞ্চলত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















