ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা
আল কাদিৰ ট্ৰাষ্টৰ সৈতে জড়িত ভূমি দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ উপৰি তেখেতৰ পত্নী বুছৰা বিবিকো কাৰাদ্বন্দ। পত্নীক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে।
ইয়াৰ উপৰি দুয়োগৰাকীকে জৰিমনাও বিহা হৈছে। ইমৰান খানত ১০ লাখ টকা আৰু পত্নী বুছাৰাক ৫ লাখ টকাৰ জৰিমনা দিয়া হৈছে। লগতে ইয়াকো কোৱা হৈছে যে, যদিহে দুয়ো জৰিমনা দিবলৈ অপৰাগ তেন্তে দুয়ো অতিৰক্ত ক্ৰমে ৬ মাহ আৰু ৩ মাহ কাৰাবস খাটিব লাগিব।
প্ৰকাশিত বাতৰি অনুসৰি ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ইমৰাণ খান কাৰাগাৰত বন্দী হৈ থকা ৰাৱালপিণ্ডিৰ দুৰ্নীতি বিৰোধী আদালতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই গোচৰত তেওঁৰ পত্নী বুছৰা বিবি আৰু আন ছয়জনৰ সৈতে খানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল, যাৰ অধিকাংশই দেশৰ বাহিৰত।
আদেলা জেলত গঠন কৰা অস্থায়ী আদালতত ন্যায়াধীশ নাছিৰ জাভেদ ৰাণাই এই সিদ্ধান্ত দিয়ে। আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰটো পাকিস্তানৰ ইতিহাসত আৰ্থিক অন্যায়ৰ অন্যতম বৃহৎ গোচৰ। এই গোচৰত অভিযোগ উত্থাপন হৈছে যে ইমৰাণ খান আৰু তেওঁৰ পত্নীয়ে এজন টাইকুনৰ সহযোগত চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছিল।
অৱশ্যে ইমৰাণ খান আৰু বুছৰা বিবিৰ বাহিৰেও আন অভিযুক্তসকল দেশৰ বাহিৰত আছে, যাৰ বাবে কেৱল খান আৰু বিবিৰ ওপৰত গোচৰ চলোৱা হৈছিল।
আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰ পাকিস্তানৰ অন্যতম বিতৰ্কিত গোচৰ, য’ত ৫০ বিলিয়ন পাকিস্তানী টকাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ