অসম লাইভ২৪ঃ আগন্তুক ১৭ নৱেম্বৰ ২০২৩ৰ শুকুৰবাৰে চন্দ্ৰই গোচৰ কৰিব ধনু ৰাশিত। ইয়াৰোপৰি কাইলৈ গঠিত হ’ব ৰবি যোগ আৰু ধৃতি যোগ। হিন্দুধৰ্ম অনুসৰি শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ অতি প্ৰিয় দিন। এই দিনটোতেই স্বয়ং লক্ষ্মী দেৱীয়ে তেওঁৰ ভক্তসকলৰ সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ আশীৰ্বাদ লাভ কৰিব। জ্যোতিষ গণনাত লাভ কৰা অনুসৰি সুখ আৰু সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব ৫ ৰাশিৰ জাতকে।
বৃষ ৰাশি
মা লক্ষ্মীৰ কৃপাত খুব ভাল সময় কটাব বৃষ ৰাশিত জাতকে। কোনো চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিব। ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকৰ সন্মুখত উন্নতিৰ পথ খোল খাব।
কৰ্কট ৰাশি
ৰবিযোগৰ শুভ প্ৰভাৱত সুফল শুকুৰবাৰে লাভ কৰিব কৰ্কট ৰাশিৰ জাতকসকল। অফিচত আপুনি যিয়েই প্ৰস্তাৱ নিদিয়ক কিয় সকলো গৃহীত হ’ব। ইয়াৰ ফলত অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। সন্তানৰ নামত এনে কোনো প্ৰকল্প বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব। ভৰপুৰ আনন্দ থাকিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত।
সিংহ ৰাশি
আগন্তুক সকলো কামতেই সফল হ’ব এই ৰাশিৰ জাতক। উৎসাহেৰে সকলো কাম আপুনি কৰিব পাৰিব। শিক্ষাক্ষেত্ৰত জড়িতসকলে আকাঙ্খিত ফল লাভ কৰিব। বিৰোধীসকলে আপোনাৰ কামত হেঙাৰ হ’ব পাৰে।
কন্যা ৰাশি
কাইলৈ অৰ্থাৎ শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। এই ৰাশিৰ জাতকে প্ৰতিযোগীতামূলক পৰীক্ষাতো সফল হ’ব। পেছাগত জীৱনত আপুনি যি কামেই নকৰক কিয় সফলতা লাভ কৰিব।
মীন ৰাশি
এই ৰাশিৰ জাতক জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব। সন্তানৰ শিক্ষা সংক্ৰান্তীয় শুভ খবৰ আহিব। পুৰণা বন্ধুক সৈতে দেখা সাক্ষাৎ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ