অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে আজি ১৮ জুন মঙলবাৰে মুম্বাইত মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ লোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছিল গৌতম গম্ভীৰ আৰু ডব্লিউ ভি ৰমনৰ। বৰ্তমানেও চূ়ড়ান্ত হোৱা নাই কোন হব মুখ্য প্ৰশিক্ষক, তথাপি স্পষ্ট যে গম্ভীৰ একমাত্ৰ প্ৰাৰ্থী নহয়।
সাক্ষাৎকাৰসমূহ অনলাইনযোগে কৰা হৈছিল। শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছক আই পি এলৰ জয়ৰ সোৱাদ লোৱাত সহায় কৰা তথা মেণ্টৰ কৰা গম্ভীৰ এই পদৰ বাবে হট ফেভাৰিট, কাৰণ ৰাহুল দ্ৰাবিদে চলি থকা টি-২০ বিশ্বকাপৰ পিছত ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে আগ্ৰহী নহয় বুলি নিশ্চিত কৰাৰ পিছতে এই পদৰ বাবে কেইবাগৰাকীৰ নাম উচ্চাৰিত হৈ আহিছিল।
গম্ভিৰে আৰম্ভণিতে নাকচ কৰিলেও বৰ্তমানে মুখ্য প্ৰশিক্ষক হিচাপে দেশৰ সেৱা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি শেহতীয়াকৈ উল্লেখ কৰিছে যে ইয়াতকৈ ডাঙৰ সন্মান আৰু কোনো নাই।
তেখেতে কয় – “মই ভাৰতীয় দলৰ প্ৰশিক্ষক হ’লে ভাল পাম। আপোনাৰ জাতীয় দলৰ প্ৰশিক্ষকতকৈ ডাঙৰ সন্মান কোনো নাই। আপুনি সমগ্ৰ বিশ্বতে ১৪০ কোটি ভাৰতীয় আৰু তাতোকৈ অধিক ভাৰতীয়কো প্ৰতিনিধিত্ব কৰি আছে আৰু যেতিয়া আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰে তেতিয়া ই কেনেকৈ সৰু হ’ব পাৰে?।”
আনহাতে আজিৰ সাক্ষাতত থকা আন গৰাকী লোক লোক হৈছে ৫৯ বৰ্ষীয় ডব্লিউ ভি ৰমন। তেখেত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক।
মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে দুদিনীয়া ৰাউণ্ড হোৱাৰ সম্ভাৱনা। আজি এক ৰাউণ্ড আলোচনা অনুষ্ঠিত হয়। কাইলৈ আৰু এটা ৰাউণ্ডৰ সম্ভাৱনা। তথ্য অনুসৰি কমিটীয়ে এজন বিদেশী প্ৰশিক্ষকৰ সাক্ষাৎকাৰ ল’বলৈ গৈ আছে। তেওঁৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ