জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বুদ্ধিমত্তা, যুক্তি, যোগাযোগ, গণিত, চতুৰতা আৰু বন্ধুত্বৰ গ্ৰহ বুলি কোৱা হয়৷ মিথুন আৰু কন্যা ৰাসিৰ অধিপতি গ্ৰহ বুধ৷ কন্যা ৰাশি হৈছে ইয়াৰ উচ্চ ৰাশি আৰু মীন ৰাশি হৈছে ইয়াৰ দুৰ্বল ৰাশি৷ ২৭ টা নক্ষত্ৰৰ মাজত বুধে অশ্লেষা আৰু জ্যেষ্ঠ আৰু ৰেৱতীৰ ওপৰত ৰাজত্ব কৰে৷ সূৰ্য আৰু শুক্ৰই বুধৰ মিত্ৰ, আৰু চন্দ্ৰ আৰু মঙ্গল ইয়াৰ শত্ৰু৷ বুধবাৰ বুধ দেৱতাৰ উদ্দেশ্যে উৎসৰ্গীকৃত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কিছু ৰাশিৰ জাতক বিশেষভাৱে বুধ দেৱতাৰ আশীৰ্বাদপ্ৰাপ্ত৷ জানি থওক কোন ৰাশিৰ জাতকৰ ওপৰত বুধ দেৱতাৰ আশীৰ্বাদ আছে? জ্যোতিষশাস্ত্ৰ অনুসৰি জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকা বুধ দেৱতাৰ আশীৰ্বাদপ্ৰাপ্ত হয়?
মিথুন ৰাশি
এই জাতক জাতিকা তীক্ষ্ণ মনৰ অধিকাৰী৷ তেওঁলোক ধনী হয়৷ প্ৰচুৰ বন্ধু বান্ধৱ থাকে৷ এই ধৰণৰ মানুহে মানুহৰ মন জয় কৰিব পাৰে৷ সকলোতেই পাৰদৰ্শী৷ এওঁলোকে সম্পৰ্ক বজায় ৰখাতো পাৰদৰ্শী৷ এওঁলোক পঢ়াশুনাতো ভাল৷ সকলোসময়তে নতুন কিছু শিকিবৰ বাবে প্ৰস্তুত থাকে৷ জীৱনত সাফল্য অৰ্জন কৰে৷ এওঁলোক গণেশৰ প্ৰিয় হয়৷
কন্যা ৰাশি
জ্যোতিষশাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ জাতক জাতিকাই বুধৰ বিশেষ আশীৰ্বাদ লাভ কৰে৷ এওঁলোক গণেশৰ প্ৰিয়ও হয়৷ এওঁলোক তীক্ষ্ণ মনৰ অধিকাৰী৷ তেওঁলোকে যিকোনো কাম কৰাৰ পূৰ্বে সাবধানে চিন্তা কৰে৷ স্বভাৱত পৰিশ্ৰমী৷ এওঁলোকে সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে কাম সম্পাদন কৰে৷ তেওঁলোকে অন্যক বৰ বেছি কেয়াৰ নকৰে৷ তেওঁলোক খাটি হৃদয়ৰ হয়৷ কন্যা ৰাশিৰ জাতক জাতিকা বন্ধুত্বৰ ক্ষেত্ৰত ভাগ্যবান হয়৷ তেওঁলোকে শিক্ষাক্ষেত্ৰত বহু খ্যাতি অৰ্জন কৰে৷ তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী৷
মকৰ ৰাশি
শনিদেৱক মকৰ ৰাশিৰ অধিপতি হিচাপে বিবেচনা কৰা হয় আৰু এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তি গণেশৰ খুবেই প্ৰিয় হয়৷ প্ৰকৃতিগতভাৱে ন্যায়পৰায়ণ বুলি বিবেচিত মকৰ ৰাশিৰ জাতক সৰ্বদা গণেশৰ আশীৰ্বাদপ্ৰাপ্ত হয়৷ গণেশৰ আশীৰ্বাদত তেওঁলোক কেতিয়াও অৰ্থকষ্ঠত নপৰে৷ এই ৰাশিৰ জাতক জাতিকাই জীৱনত যি অৰ্জনৰ চেষ্টা কৰে সেয়া অৰ্জনো কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















