• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ …জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ …জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ …জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ ...জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?

editor by editor
December 30, 2025
in জীৱনশৈলী
0
এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ …জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব? সামাজিক মাধ্যমত কি লিখিছে গৰিমা শইকীয়া গাৰ্গে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সামাজিক মাধ্যমত আকৌ এক দিঘলীয়া পোষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ৷ চাৰ্জশ্বীট পঢ়ি কি পালে জুবিন পত্নী গৰিমাই সকলোবোৰ কথাই এই পোষ্টৰ মাধ্যমেৰে তুলি ধৰিছে৷ লগতে তেওঁ কেইবাটাও প্ৰশ্নও কৰিছে৷ জনাইছে এখন ঘৰ কেনেকৈ থানবান কৰি দিলে কেইটামান অসুৰৰূপী মানুহে৷ অসুৰ বোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক বুলিও জনাইছে গৰিমা শইকীয়া গাৰ্গে৷ সবিশেষ পোষ্টটো তলত তুলি দিয়া হৈছে-
‘জুবিন নাই বুলি আজিও আমি মানি ল’ব পৰা নাই – কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ’ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থান বান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই,, গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ ৰৈ গ’ল এটা প্ৰচণ্ড আঘাটত । তাতকৈও প্ৰচণ্ড আঘাটটো হৈছে জুবিন গাৰ্গৰ সতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ “হত্যা”!
এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বীট দাখিল হ’ল যোৱা ১২ ডিচেম্বৰত । বৃহৎ এক চাৰ্জশ্বীট – ৰাজ্যত ৰেকৰ্ড হ’ল । এই চাৰ্জশ্বীট লৈ বহু আলোচনা চলি আছে – বহু মন্তব্য সপক্ষে/বিপক্ষে। আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলোঁ । অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপি এই মূহুৰ্তত মনলৈ অহা দুটামান কথা ক’ব বিচাৰিছোঁ । অনুগ্ৰহ কৰি কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক !
১)চাৰ্জশ্বীট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰেপৰা খেলি – মেলি আৰু কিবা অভিসন্ধি চলি আছিল । শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSD ত ৰুমবুকিংৰ যি লিষ্ট পোৱা হৈছে, তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত । পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে, প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু পিছত আকৌ তিনিটা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় । আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল “The Village” ত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায়।
যি জন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাবে নিমন্ত্ৰণ কৰিছিল, আৰু যি জন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, ( কেইবাজনৰো সাক্ষ্য প্ৰমাণ অনুসৰি) সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলি মেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে ? কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাবে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ মূল দ্বায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ । এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ’ব লাগিছিল।
২)জুবিন গাৰ্গে অসমতেই হওঁক, দেশৰ আন কোনো ঠাইতেই হওঁক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও check নকৰে । সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই check in ৰ কামবোৰ কৰে । গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল । এই কথাবোৰত নিশ্চয় কু অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ! ইমানবোৰ খেলি – মেলি ! ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল , কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে । সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক।
৩)শ্যামকানু মহন্তৰ ভাষ্য মতে, জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ, বহু আগৰেপৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল। আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে “ইতিমধ্যে প্ৰচাৰ কৰা হ’লেই, এতিয়া নগ’লে বহুত ডাঙৰ কথা হ’ব” । এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ’ব লাগে,তেনে কোনো agreement আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল ।‌ মেনেজাৰ হিচাবে সিদ্ধাৰ্থ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দ্বায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষ ভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ । জুবিন গাৰ্গ যি কোনো এজন সাধাৰণ ব্যক্তি নহয় .. তেওঁৰ বাবে যি ব্যৱস্থা হ’ব লাগিছিল , একোৱেই কৰা নহ’ল আয়োজকৰ তৰফৰ পৰা । এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয় ? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজা বুজি আছে যে সামান্যতম safety আৰু চিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ’ল.. কিয় ? মাননী কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা – সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল।
৪) আৰু এটা কথা চাৰ্জশ্বীট পঢ়িহে আমি জানিবলৈ পালো জুবিন গাৰ্গৰ ” One Last Tour” বুলি কিবা ১০ খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য’ত জুবিনে লাইভ শ্ব’ৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা হ’ব । এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো,নাজানিছিলো । আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনও নাজানে । জুবিনে অৱসৰ এতিয়াই ল’ব কিয়.. আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল । মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো! চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছো, সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এইবছৰ “জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব” বুলি কৈ মাননীও বঢ়াই লৈছিল । যি মাননীৰ পৰিমাণ সম্পূৰ্ণ ৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি ?
৫)৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে,ওচৰতে St Jones আৰু Lazarus island ৰ বাবে AED আৰু medical assistance আছিল, এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ’ল ? ছিংগাপুৰৰ আবাসীকেইজনে সেই কথা নাজানিছিল নেকি ? Yacht ত থকা কোনোৱেই কিয় নাভাবিলে যে য’ত safety board এখন আঁৰি লিখি থোৱা আছিল ” swimming at your own risk- no divers available বুলি । যি কোনো আয়োজনৰ বাবে safety measures ৰ কথা চিন্তা কৰাটো মুখ্য! আমি হেৰুৱাইছো, গোটেই অসমে হেৰুৱাইছে এক সত্বা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ ! Yacht খনতো safety বা medical assistance ৰ বাবে একোৱেই নাছিল ! এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ’ল — যি জন মানুহে বাটে ঘাটে আঘাট পাই পৰি থকা মানুহেই নহয় জীৱ – জন্তু, চৰাই – চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে — লাগিলে নিজৰ professional loss অথবা পলম হোৱা বুলি বিতৰ্কই নহওঁক কিয় ? তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ’ল !
আমাৰ দৃষ্টিত এই yacht খনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওঁতালৈ আহক, কথা সিমানেই।
৬)আমি video বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান neglect কৰা হৈছিল । Seizure থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফজেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচটনি দিলে তাকো unattended – সেইটো সম্পূৰ্ণ crime! পানীত তেওঁৰ vomiting হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে – এই সকলোবোৰ gastricৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে ? ভাগৰুৱা হৈ সাতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি “যাব দে” ইংগিত , কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা .. কিমান অসহনীয় এইবোৰ ! পানীত ডুবি যোৱাৰ পিছত yacht লৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু tong এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে । তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে , Untrained মানুহে cpr দিছে, তেওঁৰ ribs ভাঙিছে । মুৰতো আঘাট আছিল তেওঁৰ । কেনেকৈ ক’ত সেই আঘাট পাইছিল ? হাওফাও ত পানী জমা হৈ আছিল । ছিংগাপুৰৰ এজনে কৈছে, yacht ত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল । .. বহুত বহুত কষ্ট পালে তেওঁ । এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায় ! এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্ত্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে।
এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ । আমাৰ ঘৰখন, অসমখন থান বান হৈ গ’ল । ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ, এই অসুৰ বোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক ।
২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰ বিলাকৰ সহ্য নহ’ল! মৃত্যৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন, ডেকা পুত্ৰক হেৰুওৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুওৱা এজনী ভগ্নী আৰু মই……. যাৰ বাবে জুবিনেই সকলো আছিল!
এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত.. এই সময়ত আমি আশা কৰিছো SIT য়ে দাখিল কৰা চাৰ্জশ্বীটখন উপযুক্ত সাক্ষ্য, প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সৱল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে । চৰকাৰী আইনজ্ঞ সকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি-জাৰি চাইছে । গতিকে এই মূহুৰ্ততো যদি তেওঁলোকে ভাৱে , এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয়।
(মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল Fast track বিচাৰৰ কথা)
এতিয়া আমি একান্ত ভাবে বিচাৰিছো Fast Track, a special bench আদালত, য’ত daily basis ত কেৱল Zubeen Garg ৰ case ৰ শুনানি হওঁক,যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায়!। নহ’লে ৩০০ তকৈ অধিক witness ৰ শুনানিত বহু বছৰ লাগিব, Justice delayed is Justice denied. চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা strong Public Prosecutor ৰ Team গঠন কৰি দিয়ে, য’ত জ্যেষ্ঠ অধিবক্তাও দুজনমান ( যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে) থাকে as legal advisors আৰু টীমটো প্ৰয়োজনীয় man-power‌ তথা logistics সা – সুবিধাৰে সবল কৰি দিয়ে,তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ’ব। অভিজ্ঞ SIT team আৰু Public Prosecutors ৰ Team লগ লাগি Charge sheet খন যাতে সবল ভাবে, কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকে ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে .. এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা । জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব?
ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু Bar Council আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছো আমাৰ এই ন্যায় যাত্ৰাত🙏
দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.