• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু

মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু

editor by editor
November 23, 2023
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গৰুখুটিৰ গীৰ গাই মনত আছেনে? জুন, ২০২১। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰায় এমাহ পিছতে দৰং জিলা ভ্ৰমণৰ সময়ত ধলপুৰ শিৱ মন্দিৰৰ বাকৰিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এক কৃষিভিত্তিক অভিলাসী প্ৰকল্পৰ। স্থানীয় নিবনুৱাৰ বাবে সংস্থাপনৰ বাট মোকলাই দিয়াৰ লগতে কৃষিৰ জৰিয়তে এক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা কৰা সেই প্ৰকল্পটোৰ নামেই আছিল গৰুখুঁটি প্ৰকল্প।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে দৰং জিলাৰ ছিপাঝাৰত গৰুখুঁটিৰ সপোনৰ প্ৰকল্পটো বাস্তৱায়িত কৰিবলৈ গঠন কৰা হৈছিল এখন ১১ জনীয়া কমিটী। চতিয়া সমষ্টিৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠিত এই কমিটীয়ে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ কামত নামি পৰিছিল। কমিটী গঠন হোৱাৰ কিছুদিন পিছতে অৰ্থাৎ ছেপ্টেম্বৰৰ ২০ তাৰিখে গৰুখুঁটিত অবৈধভাৱে ভূমি দখল কৰি বছৰ বছৰ ধৰি বাস কৰি অহা পৰিয়ালসমূহক উচ্ছেদৰ কাম আৰম্ভ হৈছিল।

বিশাল আৰক্ষী বাহিনী, বুলডজাৰ লৈ প্ৰশাসনে গৰুখুঁটিত উচ্ছেদ অভিযান চলাই উচ্ছেদ কৰে প্ৰায় ৮০০টা সংখ্যালঘু পৰিয়ালক। এই উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিত আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হয় দুজন লোকে। চৰকাৰে গৰুখুঁটিৰ পৰা উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিও সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈয়ে আছে।

সেই উচ্ছেদৰ পিছতে গৰুখুঁটিত আৰম্ভ হয় অসমক খাদ্য উৎপাদন আৰু দুগ্ধ ব্যৱসায়ত স্বাৱলম্বী কৰাৰ লগতে স্থানীয় নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ বাবে চৰকাৰৰ ব্যয়বহুল কৃষি প্ৰকল্পৰ কাম। ইয়াৰ বাবে গুজৰাটৰ পৰা পৰ্যায়ক্ৰমে ২০০০ গিৰ গাই গৰুখুঁটিলৈ অনাৰ ঘোষণা কৰে অসম চৰকাৰে। সমান্তৰালভাৱে বিজ্ঞানসন্মতভাৱে অন্য খেতি আৰু মীন পালনৰ বাবেও প্ৰকল্পত ব্যৱস্থা কৰাৰ কথা অৱগত কৰে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই।

গুজৰাটৰ পৰা গিৰ গাই ক্ৰয় কৰাৰ পূৰ্বে গৰুখুঁটি প্ৰকল্প সমিতিয়ে গুজৰাটৰ কৃষি আৰু পশু চিকিৎসা মন্ত্ৰী ৰাঘৱজী পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলকো সাক্ষাৎ কৰে। ইয়াৰ পিছতে সমিতিয়ে এই প্ৰকল্পত বৈজ্ঞানিক পশুপালন পদ্ধতি সঠিকভাৱে ৰূপায়ণৰ বাবে ১৫ জন যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰে। সমান্তৰালভাৱে অঞ্চলটোত ব্যাপক বনানীকৰণ কাৰ্যকলাপৰ বাবে ইক’লজিকেল টাস্ক ফ’ৰ্চো গঠন কৰা হয়।

আৰটিআই কৰ্মী দিলীপ নাথে আনিছিল বিস্ফোৰক অভিযোগ

গৰুখুঁটি প্ৰকল্পৰ বাবে অসম চৰকাৰে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ২০০০টা গিৰ গাই অনাৰ কথা ঘোষণা কৰিছিল যদিও আৰটিআই কৰ্মী দিলীপ নাথে দাবী কৰা মতে বৰ্তমান গৰুখুঁটিত থকা গিৰ গাইৰ সংখ্যা হৈছে মাত্ৰ ৩০০টা। ইয়াৰে ১০৮টা গিৰ গাই প্ৰথম পৰ্যায়ত ৰে’লেৰে ২০২১ চনৰ নৱেম্বৰৰ ২৫ তাৰিখে ৰঙিয়ালৈ অনা হৈছিল। বাকী কেইটা পৰ্যায়ক্ৰমে পৰৱৰ্তী সময়ত অনা হয়। গৰুখুঁটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা উচ্চ নিৰিখত ক্ৰয় কৰা গিৰ গাইৰ দামক লৈও দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তেতিয়াই উত্থাপন হৈছিল।

অসম চৰকাৰৰ অভিলাষী কৃষি প্ৰকল্প গৰুখুঁটি প্ৰকল্পৰ নামত চৰকাৰে দিয়া আৱণ্টন, ব্যয় আৰু উপাৰ্জনৰ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত আবেদন জনাইছিল আৰটিআই কৰ্মী দিলীপ নাথে। এই আৰটিআইৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া গৰুখুঁটি প্ৰকল্পৰ নামত সংঘটিত কেলেংকাৰীক লৈ অনেকৰ মনত সন্দেহ বৃদ্ধি পাইছে। সমান্তৰালভাৱে এই প্ৰকল্প কোনো ৰাজনৈতিক নেতাৰ ধন উপাৰ্জনৰ মাধ্যম হৈ পৰিছে নেকি তাক লৈও সৃষ্টি হৈছে প্ৰশ্নৰ। গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ ভূমিকাক লৈয়ো অভিযোগৰ আঙুলি উঠিছে।

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ দ্বিতীয় বৰ্ষপুতিৰ সময়ত অধ্যক্ষ পদ্ম হাজৰিকাই প্ৰকাশ কৰিছিল যে এই প্ৰকল্পৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত অসম চৰকাৰে ৯ কোটি ৫২ লাখ টকা অনুমোদন জনাইছিল। ইয়াৰে ৫ কোটি ৩৩ লাখ ৬৯ হাজাৰ ১০৫ টকা কৃষি বিভাগৰ জৰিয়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ে খৰছ কৰা বুলি জনাইছিল পদ্ম হাজৰিকাই। অৱশ্যে এই ব্যয়ত বিসংগতি ৰৈ যোৱাৰ কথা তেতিয়াই স্বীকাৰ কৰি পদ্ম হাজৰিকাই কৈছিল যে জিলা উপায়ুক্তই এই বিসংগতিৰ তদন্ত কৰি ইতিমধ্যেই দাখিল কৰিছে প্ৰতিবেদন। প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই তেতিয়াই অৱগত কৰা মতে, এই কৃষি প্ৰকল্পৰ পৰা প্ৰথম বৰ্ষত উপাৰ্জন হৈছিল সৰ্বমুঠ ১ কোটি ১১ লাখ ৫০ হাজাৰ ৬৮ টকা। অন্যহাতে গৰুখুঁটি কৃষি প্ৰকল্প সমবায়লৈ ৰূপান্তৰিত হোৱাৰ পিছতে পুনৰ ৰাজ্য চৰকাৰৰ পৰা এই প্ৰকল্পৰ বাবে প্ৰদান কৰা হয় ৫ কোটি টকা। পদ্ম হাজৰিকাই জনোৱা মতে, ইয়াৰে ৪ কোটি ৫৭ লাখ ৯১ হাজাৰ ২৬৯ টকা ব্যয় কৰাৰ পিছত প্ৰথম বৰ্ষৰ জমাধনসহ মুঠ ৬ কোটি টকা এতিয়াও বেংকত জমা হৈ আছে।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰিও এই কথা স্পষ্ট হৈ আছে। তথ্য অনুসৰি গৰুখুঁটি প্ৰকল্পৰ বাবে চলিত বৰ্ষৰ ৬ মাৰ্চলৈকে এইচ ডি এফ চি, মঙলদৈ শাখাৰ বেংক একাউন্ট নম্বৰ ৫০১০০৪৮৭৮৩৪৮৪৪ ৰ জৰিয়তে মোকলাই দিয়া হৈছে মুঠ ১৪ কোটি ৫২ লাখ ৯৩ হাজাৰ ৩৪৮ টকা। ৰাজ্য চৰকাৰে মোকলাই দিয়া এই ধনৰ পৰিৱৰ্তে ৬ মাৰ্চলৈকে এই প্ৰকল্পৰ নামত ব্যয় কৰা হৈছে ৮ কোটি ৩৯ লাখ ৯৬ হাজাৰ ২৫৬ টকা। বৰ্তমান এই প্ৰকল্পৰ নামত জমা আছে ৬ কোটি ১২ লাখৰো অধিক টকা।

অন্যহাতে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত গুজৰাটৰ পৰা ক্ৰয় কৰা গিৰ গাইৰ বীমাৰ মূল্যও ৰহস্যজনক হৈ পৰিছে বুলি দাবী কৰিছে আৰটিআই কৰ্মী দিলীপ নাথে । উল্লেখ্য যে, গৰুখুঁটি প্ৰকল্পই গুজৰাটৰ পৰা ক্ৰয় কৰা প্ৰতিজনী গিৰ গাইৰ মূল্য আছিল ৮৯৬৬০ টকা। কিন্তু ইয়াৰ বিপৰীতে প্ৰতিজনী গাইৰ ৫৯ হাজাৰ টকাকৈহে বীমা কৰোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। সমান্তৰালভাৱে গিৰ গাইৰ পৰা দুগ্ধ উৎপাদনৰ হিচাপতো ওলাই পৰিছে বিসংগতি। আৰটিআই কৰ্মী দিলীপ নাথে কয় যে তথ্য অনুসৰি প্ৰথম বৰ্ষত প্ৰকল্প সমিতিয়ে ৩০০ গিৰ গাইৰ পৰা ৫৮,৪৩৩ লিটাৰ গাখীৰ উৎপাদনৰ হিচাপ দিছিল। সেই হিচাবত সমবায়খনৰ দৈনিক দুগ্ধ উৎপাদন হৈছে ১৪২ লিটাৰ। অৰ্থাৎ প্ৰায় ৯০ হাজাৰ টকাৰে ক্ৰয় কৰা একোজনী গিৰ গাইৰ পৰা প্ৰতিদিনে লাভ হৈছে মাত্ৰ ৫৪ মিলিলিটাৰ গাখীৰ। কথা হ’ল- এজনী সাধাৰণ দেশী গাই গৰুৱেও দিনটোত ২-৩ লিটাৰ গাখীৰ দিয়াৰ সময়ত গিৰ গাইৰ দৰে ব্যয়বহুল আৰু একমাত্ৰ দুগ্ধ ব্যৱসায়ৰ বাবে পৰিচিত গাই গৰুৰ পৰা মাত্ৰ ৫৪ মিলিলিটাৰ গাখীৰ উৎপাদন হোৱাৰ হিচাব সহজতে মানি ল’ব পৰা নাই কোনেও। এনে পৰিপ্ৰেক্ষিতত গৰুখুঁটি সমবায়ত দুগ্ধ উৎপাদনৰ নামতো বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ উচিত তদন্ত দাবী কৰিছিল আৰটিআই কৰ্মী দিলীপ নাথে।

‘যেতিয়া গুজৰাটৰ পৰা গিৰ গাই ৰে’লযোগে আনিছিল, ৰঙিয়াত নমাইছিল, তেতিয়া কৃষি বিষয়াসকলে কৈছিল যে এজনী গিৰ গাইয়ে ১৫-১৬ লিটাৰকৈ গাখীৰ দিব। অৰ্থাৎ ৩০০ জনী গাইয়ে ১৫-১৬ লিটাৰকৈ গাখীৰ প্ৰতিদিনে দিয়ে। কিন্তু এতিয়া সেয়া দেখিবলৈ পোৱা হোৱা নাই। এতিয়া এজনী গাইগৰুৱে মাত্ৰ ৫০ মিলি লিটাৰ গাখীৰহে দি আছে। এই গিৰ গাই কিনিছে এজনীৰ বিপৰীতে ৮৯,০৬৬ টকাত। কিন্তু আমাৰ ঘৰত থকা ১০ হাজাৰ টকাৰ সাধাৰণ গাইগৰু এজনীয়ে পথাৰৰ শুকান খেৰ খাইয়েই দৈনিক ২ লিটাৰকৈ গাখীৰ দিয়ে।’-বেদখলকাৰীক উচ্ছেদ চলোৱা কাৰ্যক ধন্যবাদ জনাই আৰটিআই কৰ্মী নাথে কয় যে কৃষি প্ৰকল্পৰ পৰা আঁচলতে কি লাভ হৈছে সেয়া অসমৰ ৰাইজে এতিয়া গম পাব।
স্থানীয় নিবনুৱাই পাইছেনে সংস্থাপন?

গৰুখুঁটি প্ৰকল্প ঘোষণা কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল এই কৃষি প্ৰকল্পই নিবনুৱা যুৱক-যুৱতীৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিব। প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিছত সমবায়খনত ৬০০ যুৱক-যুৱতীয়ে সংস্থাপন লাভো কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰকল্পত কাম কৰা যুৱক-যুৱতীৰ সংখ্যা হ্ৰাস কৰা হয়। তথ্য অনুসৰি, বৰ্তমান গৰুখুঁটি প্ৰকল্পত ৩৪৪ জনে কাম কৰি আছে। ন’ ৱৰ্ক, ন পে’ অৰ্থাৎ কোনো কাৰণত এদিন কাম কৰিব নোৱাৰিলে কৰ্মচাৰীৰ সেই দিনটোৰ হাজিৰা কৰ্তন কৰাৰ চুক্তিৰ ভিত্তিত এই কৰ্মচাৰীসকলক মাহিলী দৰমহা প্ৰদান কৰা হৈ আহিছে। তথ্য অনুসৰি, গৰুখুঁটি প্ৰকল্পত কৰ্মৰত কৰ্মচাৰীৰ দৰমহাৰ বাবে ২০২২ৰ জুলাইত ১০,১৭,৬২৯ টকা, আগষ্টত ৬,৬০,১২৮ টকা, ছেপ্টেম্বৰত ১৪,৮০,৩৮৪ টকা, অক্টোবৰত ১৬,৭০,০৩৯ টকা, নৱেম্বৰত ২১,৭১,৫৮৭ টকা, ডিচেম্বৰত ২০,৮৯,১৩২ টকা আৰু ২০২৩ৰ জানুৱাৰী মাহত ১৮,৯৪,৬২৪ টকা মোকলাই দিয়া হৈছে।

গৰুখুঁটি প্ৰকল্পৰ উপাৰ্জন কিমান?

কোটি কোটি টকা ব্যয় কৰি গঢ়ি তোলা গৰুখুঁটি প্ৰকল্পত এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা সম্পদসমূহৰ ভিতৰত আছে ৫ টা জৰ্নেল কেম্প, ১০ খন ট্ৰেক্টৰ, ১টা কম্পাইন হাৰভেষ্ট মেচিন, এটা শ্ল্যেজ মেছিন, ১০০টা ছ’লাৰ ইৰিগেশ্যন পাম্প, ৩টা স্থায়ী অত্যাধুনিক গৰুৰ গোহালি, এটা অস্থায়ী গৰু গোহালি, এটা স্থায়ী বিজ্ঞানসন্মতভাৱে সজা গাহৰিৰ গড়াল, এটা ট্ৰেইনিং চেন্টাৰ, এটা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়, ৩টা আৰক্ষী শিবিৰ, ২টা পুখুৰী, ১০টা অমৃত সৰোবৰ, ২টা ডিজিটেল জেনেৰেটৰ, ৫টা ৱাটাৰ পাম্প, ২টা ইলেক্ট্ৰনিক ৱাচাৰ পাম্প, ১৩১ খন বিচনা আৰু তুলী, ২৫টা স্প্ৰে মেছিন, ৬টা বাথৰুম আৰু শৌচাগাৰ।

গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিজেপি বিধায়ক পদ্ম হাজৰিকাই যোৱা ২১ জুলাইত প্ৰকল্পটোৰ দ্বিতীয় বৰ্ষপুতিত উপস্থিত থাকি প্ৰকাশ কৰা মতে, এই বছৰত গৰুখুঁটি প্ৰকল্পৰ মুঠ উপাৰ্জন হৈছে ২ কোটি ৫২ লাখ টকা। অন্যহাতে গৰুখুঁটি প্ৰকল্পৰ দুগ্ধজাত সামগ্ৰীৰ পৰা হোৱা উপাৰ্জনৰ বিপৰীতে কৃষি শস্য উৎপাদনৰ পৰা হোৱা উপাৰ্জন হৈছে মুঠ ৭৩ লাখ ৩৫ হাজাৰ ৪৩৫ টকা। তথ্য অনুসৰি, এই ধনৰাশি এইচ ডি এফ চি, মঙলদৈ শাখাত থকা একাউন্ট নম্বৰ ৫০১০০৬০৭৯৮৫৩১৭ ত জমা ৰখা হৈছে। চৰকাৰী তথ্য অনুসৰি, গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ উৎপাদিত মাহজাতীয় সামগ্ৰী বিক্ৰী কৰি ৫,২৪,৯২৮ টকা, গাখীৰ আৰু দৈ বিক্ৰী কৰি ২০,০১,২৬৬ টকা, সৰিয়হ বিক্ৰী কৰি ২২,৭০,১৪২ টকা, গাহৰি বিক্ৰী কৰি ৫০,০০০ টকা, ৰঙালাও বিক্ৰী কৰি ১২,৩৭,৫৯২ টকা, তিল বিক্ৰী কৰি ২,১১,৬৪৯ টকা, শাক-পাচলি বিক্ৰী কৰি ৫,১৩,৬৫৮ টকা উপাৰ্জন কৰা হৈছে।

সংবাদমেলত পদ্ম হাজৰিকাই প্ৰশ্ন কৰিছিল, ‘মতা গৰুৱেও গাখীৰ দিব নেকি?’

আৰটিআইযোগে লাভ কৰা তথ্যৰ ভিত্তিত আৰটিআই কৰ্মী দিলীপ নাথে গৰুখুঁটি প্ৰকল্পত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে এক সংবাদমেল অনুষ্ঠিত কৰে বিধায়ক পদ্ম হাজৰিকাই। গৰুখুঁটি কৃষি প্ৰকল্প চৌহদত আনুষ্ঠিত সংবাদমেলত উত্থাপিত অভিযোগসমূহ ভিত্তিহীন বুলি দাবী কৰি প্ৰকল্পটোৰ অধ্যক্ষ হাজৰিকাই লুকুৱাবলৈ একো নাই বুলি মন্তব্য কৰে।

‘আৰটিআইৰ উত্তৰ যিদিনা দিয়া হৈছিল সেইদিনা ১৬ জনী গাইৰ গাখীৰ খিৰোৱা হৈছিল। আমাৰ গৰুৰ সংখ্যা হৈছে সৰ্বমুঠ ৩১৮। ৩১৮ৰ ভিতৰত এতিয়া খিৰতী গাই আছে ৩৫ জনী। গাভিনী গাই আছে ৮৩ জনী। পোৱালি আছে ১৯৪ টা। মতা গৰু আছে দুটা। নতুনকৈ জগিছে ৬জনী। আজিৰ দিনটোত আমাৰ গাখীৰ ওলাইছে ১২২ লিটাৰ। ৩৫ জনী গাইৰ পৰা আজিৰ দিনটোত আমি ১২২ লিটাৰ গাখীৰ খিৰাইছো। আগৰ ১৬ জনী খিৰাওতে এজনীৰ পৰা ৪ লিটাৰ গাখীৰ ওলাইছিল। গতিকে এজনী গিৰ গাইয়ে মাত্ৰ ৫০ মিলিলিটাৰ গাখীৰ দিয়ে বুলি আৰটিআই কৰ্মীজনে কৰা দাবী মুঠেই সত্য নহয়।’-সংবাদমেলত এইদৰে কয় প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাই।

কন্যাকাত গিৰ গাইৰ পৰা ১৪ লিটাৰলৈকে গাখীৰ ওলাইছে বুলি দাবী কৰি হাজৰিকাই কয় যে অসমৰ জলবায়ুৰ লগত মিলোতে কিছু সময়ৰ প্ৰয়োজন হয়। ‘কন্যাকাত আমি আগতেই অৰ্থাৎ ২১ চনৰ আৰম্ভণিতেই গিৰ গাই আনিছিলো, সেয়ে অসমৰ জলবায়ুৰ লগত এডজাষ্ট হৈছে। গড় হিচাপত আমি ৮ লিটাৰ গাখীৰ পাই আছো। কোনোবাজনীয়া ১৪ লিটাৰো দিছে। ইয়াতো এডজাষ্ট হ’লে তেনে ৰিজাল্টেই পাম। এতিয়া এডজাষ্ট হ’বলৈ আৰু অলপ সময় লাগিব। লগতে আমি কেয়াৰ লওতেি বিজ্ঞানসন্মতভাৱে আৰু অলপ কৰিবলগীয়া আছে।’-বিধায়কগৰাকীয়ে কয়।

শেহতীয়াকৈ আকৌ শাসক দলৰ মন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰি কেইবাটাও বিস্ফোৰক কথা প্ৰকাশ কৰিছে। অতুল বৰাই এই সন্দৰ্ভত সংবাদমেলত কয়, ‘মাকে পোৱালীয়ে মৃত্যু হ’ল ৪০ জনী গীৰ গাইৰ। হিচাপৰ জোখাৰে নোলাল গাখীৰ।’ অৰ্থাৎ আওঁপকীয়াকৈ গৰুখুটি প্ৰকল্প ফ্লপ হোৱাৰেই কথা ক’লে মন্ত্ৰী অতুল বৰাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamgarukhutipadma hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব

এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব

পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.