৬ জানুৱাৰী ২০২৬ত ৰূপৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছে৷ ইয়াৰোপৰি বাঢ়িছে সোণৰ দামো৷ ইণ্ডিয়ান বুলিয়ান এণ্ড জুৱেলাৰ্ছ এছোচিয়েছনে জনাইছে যে ৫ জানুৱাৰীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম আছিল ১২,৪৭৩০ টকা৷ আৰু আজি পুৱাই ১০ গ্ৰাম সোণৰ দাম বাঢ়ি হৈছে ১২৫৪০৯ টকা৷ আৰু প্ৰতি কিঃগ্ৰাঃ ৰূপৰ দাম বৃদ্ধি পাইছে৷ ৰূপৰ দাম বাঢ়িছে ৭হাজাৰ ৭০০টকা৷
আজি সোণৰ ৰেট কিমান?
২৬ জানুৱাৰী সোণ আৰু ৰূপৰ দাম জানি থওক-
২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১৩,৬৯০৯ টকা৷
২৩ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১২, ৬৩৬১ টকা৷
২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১২, ৫৪০৯ টকা৷
১৮ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১০, ২৬২৮ টকা৷
১৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯ ৬৫৮ টকা৷
ইয়াৰোপৰি ৰূপৰ দাম আজি প্ৰতি কিঃগ্ৰাঃত ২৪, ৪৭৮৮ টকা৷
মূৰত ৰাখিব এই দাম জিএছটিক বাদ দিহে৷ ইয়াৰ ওপৰত জি এছ টি লগাই এই দাম আৰু কিছু বাঢ়িব৷
কিয় বাঢ়িছে সোণ আৰু ৰূপৰ দাম?
প্ৰকৃততে পৃথিৱীত এতিয়া যুদ্ধ অস্থিৰতা চলি আছে৷ যাৰ ফলত এতিয়া সোণ আৰু আৰু ৰূপৰ বিনিয়োগ কৰি সুৰক্ষিত থাকিব বিচাৰিছে৷ ইফালে আকৌ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পেও প্ৰতিদিনে নতুন নতুন বিতৰ্কিত মন্তব্য কৰি আছে৷ ইতিমধ্যেই তেওঁৰ নিৰ্দেশত ভেনিজুৱেলা আক্ৰমণ কৰিছে মাৰ্কিন সেনাই৷ উঠাই অনা হৈছে নিকোলাছ মাদুৰোক৷ আমেৰিকাৰ আদালততেই তেওঁ বিচাৰ চলিব বুলিও ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি ভাৰতক লৈয়ো সুখী নহয় ট্ৰাম্প৷ তেওঁ সেয়ে ভাৰতীয় পণ্যৰ ওপৰত আৰু শুল্ক বহুৱাব পাৰে বুলি ধাৰণা কৰা হৈছে৷
আৰু এইসমূহ কাৰণতেই অনিশ্চিত হৈ গৈছে শ্বেয়াৰ বজাৰ৷ বিনিয়োগকাৰীয়ে বুজিবই পৰা নাই কোন দিশলৈ ঢাল খাব পৰিস্থিতি৷ সেয়ে সুৰক্ষিত থাকিবলৈ তেওঁলোকে ধন বিনিয়োগ কৰিছে সোণ আৰু ৰূপত৷ তাতেই ধন জমা থাকিব বুলি ধাৰণা কৰিছে প্ৰায়সংখ্যকেই৷
ৰূপৰ দামৰ বৃদ্ধিৰ আঁৰত আছে অন্য কাৰণো৷ বিশেষজ্ঞই জনাইছে যে বিভিন্ন শিল্পত ব্যৱহাৰ হয় ৰূপ৷ যাৰ ফলত ৰূপৰ চাহিদা বৃদ্ধি পাইছে৷ ৰূপৰ দাম দিনক দিনে সেয়ে বাঢ়িব ধৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















