১ জুলাইৰ পৰা দেশত বিভিন্ন নিয়ম সলনি হ’ব বুলি চৰ্চা চলি থকাৰ মাজতে আজি দেশত ৰন্ধন গেছৰ মূল্য হ্ৰাস হোৱাৰ খবৰ আহিছে৷ অৱশ্যে ৰন্ধন গেছৰ সকলো ধৰণৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা নাই৷
পেট্ৰ’লিয়াম কোম্পানীবোৰে শুকুৰবাৰে ঘোষণা কৰা অনুসৰি কেৱল বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যহে হ্ৰাস কৰা হৈছে৷ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অদ্যপি হ্ৰাস কৰা হোৱা নাই৷
কোম্পানীসমূহে ঘোষণা কৰা অনুসৰি আজিৰ দিনটোৰ পৰা বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস কৰা হৈছে৷ অৱশ্যে মহানগৰ তথা ৰাজ্য ভেদে ইয়াৰ পৰিমাণ কিছু তাৰতম্য হোৱা দেখা গৈছে৷
লগতে পঢ়ক PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?
ইণ্ডিয়ান অইলৰ মতে, দিল্লীত ইন্দেনৰ গেছ চিলিণ্ডাৰ ১৯৮ টকা সস্তা হৈছে, আনহাতে কলকাতাত ইয়াৰ মূল্য ১৮২ টকা হ্ৰাস কৰা হৈছে। একেদৰে, মুম্বাইত, ১৯ কিলোগ্ৰামএলপিজি চিলিণ্ডাৰ ১৯০.৫০ টকা সস্তা হৈছে, আনহাতে চেন্নাইত, মূল্য ১৮৭ টকা হ্ৰাস কৰা হৈছে।
কিন্তু ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ হ্ৰাস হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ উল্লেখ্য যে যোৱা মে’ মাহৰ পৰাই জনসাধাৰণে ঘৰুৱা চিলিণ্ডাৰৰ বৰ্ধিত মূল্যত ক্ৰয় কৰি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ