আচৰিত হ’লেও ৰাষ্ট্ৰীয় জনসংখ্যা পৰিসংখ্যাত এক সত্য পোহৰলৈ আহিছে দেশৰ এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বিয়া বাৰু কৰাৰ পিছতো সন্তান জন্ম দিবলৈ ইচ্ছা নকৰে আৰু সম্প্ৰদায়টোৰ লোকসকলৰ বিবাহৰ প্ৰতি অনাগ্ৰহী৷
এই বিশেষ ধৰ্মীয় সম্প্ৰদায়টো হৈছে পাৰ্চী৷ পৰিসংখ্যাৰ তথ্যই দেখুওৱাইছে যে সম্প্ৰদায়টোৰ জনসংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে৷ নতুন ৰাষ্ট্ৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমীক্ষা অনুসৰি পাৰ্চীসকলৰ প্ৰজনন তথা উৰ্বৰতাৰ গড় হাৰ হৈছে মাত্ৰ ০.৮৷
সমীক্ষাৰ মতে হিন্দু সম্প্ৰদায়ৰ মুঠ প্ৰজনন হাৰ ১.৯৪, মুছলমান সম্প্ৰদায়ৰ ২.৩৬, খ্ৰীষ্টান সম্প্ৰদায়ৰ ১.৮৮ আৰু শিখ সম্প্ৰদায়ৰ ১.৬১। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ পাৰ্চী জনগোষ্ঠীৰ জনসংখ্যা আছিল ৫৭,২৬৪ জন, যিটো ১৯৪১ চনত ১,১৪,০০০ আছিল। অৰ্থাৎ পাৰ্চী জনসংখ্যা প্ৰায় ৫০ শতাংশলৈ হ্ৰাস হৈছে৷
লগতে পঢ়ক জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?
সম্প্ৰদায়টোৰ এই ব্যাপক জনসংখ্যা হ্ৰাসে যথেষ্ট উদ্বেগ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ এই উদ্বিগ্নতাৰ মাজতে দেশৰ সংখ্যালঘু মন্ত্ৰণালয়ে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে৷ মন্ত্ৰণালয়ে গ্ৰহণ কৰা আঁচনি ‘জিয়’ পাৰ্চী’(জীয়ক পাৰ্চী)ৰ জৰিয়তে পাৰ্চী যুৱক-যুৱতীক বিয়াৰ বাবে উৎসাহিত কৰিবলৈ অনলাইন ডেটিং আৰু কাউন্সেলিঙৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷
মন্ত্ৰালয়ৰ আঁচনিখন পৰিচালনা কৰা পাৰ্জোৰ ফাউণ্ডেশ্যনৰ সঞ্চালক শ্বেৰনাজ কামাই কয় যে পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক বিবাহ আৰু সন্তান জন্ম দিবলৈ উৎসাহিত কৰাটো প্ৰয়োজনীয়৷ কাৰণ এই সম্প্ৰদায়ত প্ৰতি দম্পতীৰ প্ৰতি বছৰী মুঠ উৰ্বৰতাৰ গড় হাৰ প্ৰায় ০.৮৷ তেওঁ লগতে কয় যে গড়ে ২০০ ৰপৰা ৩০০ জন জন্মৰ তুলনাত সম্প্ৰদায়টোৰ ৮০০ লোকৰ মৃত্যু হয়, যিটো হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টানতকৈ বহু বেছি।
ইফালে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৩ চনৰ নৱেম্বৰ মাহত পাৰ্চী জনগোষ্ঠীৰ জনসংখ্যাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি মুঠ উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ ৰপৰা ৫ কোটি ঠকা ধাৰ্য কৰি ‘জিঅ’ পাৰ্চি’ আঁচনি আৰম্ভ কৰিছিল।
লগতে পঢ়ক প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল
এই সংগঠনটোৰ শীৰ্ষ বিষয়ববীয়া শ্বেৰনাজ কামাই কয় এই সম্পৰ্কে কয় যে ‘জিঅ’ পাৰ্চী আঁচনি’ আৰম্ভ হোৱাৰ পাছৰে পৰা ৩৭৬ টা শিশুৰ জন্ম হৈছে (১৫ জুলাইলৈকে) যিটো প্ৰতি বছৰে পাৰ্চী সম্প্ৰদায়ত জন্ম হোৱা গড়ৰ তুলনাত অধিক।
তেওঁ লগতে কয় যে পাৰ্চী সমাজত সন্তান জন্মৰ হাৰ কম হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল অবিবাহিত প্ৰাপ্তবয়স্কৰ সংখ্যা অধিক। অৰ্থাৎ সম্প্ৰদায়টোৰ অধিকাংশ প্ৰাপ্তবয়স্কই বিবাহৰ প্ৰতি অনাগ্ৰহী হৈ উঠিছে৷ সম্প্ৰদায়টোৰ প্ৰায় ৩০ শতাংশ প্ৰাপ্তবয়স্কই অবিবাহিত৷
ইপিনে বিবাহিতসকলৰ প্ৰায় ৩০ শতাংশৰ গড়ে এটাকৈ সন্তান থাকে। প্ৰায় ৩০ শতাংশ লোকৰ বয়স ৬৫ বছৰৰ ওপৰত। পাৰ্চী জনগোষ্ঠীত ছোৱালীৰ বিবাহৰ গড় বয়স ২৮ বছৰ আৰু ল’ৰাৰ বয়স ৩১ বছৰ।
লগতে পঢ়ক দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!
বিয়া নকৰাৰ প্ৰধান কাৰণ হ’ল যুৱক-যুৱতীসকলৰ মাজত বিশেষকৈ মহিলাসকলৰ মাজত স্বাধীনভাৱে জীয়াই থকাৰ প্ৰতি প্ৰবল আগ্ৰহ। ইফালে পাৰ্চী যুৱক-যুৱতীসকলৰ ওপৰত বৃদ্ধসকলৰ যত্ন লোৱাৰ দায়িত্ব থকাৰ বাবেও তেওঁলোকে বিবাহপাশত আবদ্ধ হ’ব পৰা নাই বুলি ধাৰণা কৰা হৈছে। পৰিসংখ্যাৰ মতে প্ৰতিজন যুৱ দম্পতীৰ আঠজন বয়োজ্যেষ্ঠৰ যত্ন লোৱাৰ দায়িত্ব থাকে৷ ইফালে চৰকাৰে ১০ লাখতকৈ কম উপাৰ্জন কৰা লোকসকলক বয়োজ্যেষ্ঠসকলৰ যত্নৰ ল’বলৈ দিয়া মাহেকীয়া চাৰি হাজাৰ টকাৰ যথেষ্ট নহয়।
অৱশ্যে কোভিডকালীন সময়ৰ পৰা জিঅ’ পাৰ্চী আঁচনিৰ অধীনত অৱস্থা কিছু উন্নত হোৱা বুলিও কোৱা হৈছে৷ লেডী শ্ৰী ৰাম মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্বেৰনাজে জনায় যে কোভিড কালত বহু বিবাহ হোৱাই নহয়, ভাল সংখ্যক সন্তানৰ জন্মও হৈছিল। তেওঁ কয় যে জিঅ’ পাৰ্চী আঁচনিৰ অধীনত কৰা প্ৰচেষ্টাৰ বাবে ২০২০ চনত ৬১ টা আৰু ২০২১ চনত ৬০ টা সন্তানৰ জন্ম হয়। অনলাইন ডেটিঙৰ পৰাই এই সন্তোষজনক ফলাফল লাভ কৰা বুলিও ধাৰণা কৰা হৈছে৷
আনহাতে উক্ত আঁচনিৰ অধীনত বিবাহৰ উদ্দেশ্যে অনলাইন ডেটিং উপৰি বিবাহৰ বাবে কাউন্সেলিং সেৱাৰ ব্যৱস্থা কৰা হৈছে আৰু মুখামুখি মিটিং অৰ্থাৎ ‘মেট্ৰিমনিয়েল মিট’ৰো আয়োজন কৰা হৈছে। শ্বেনাজে কয় যে যিসকল পাৰ্চী যুৱক-যুৱতী বিয়া নহ’বলৈ দৃঢ়প্ৰতিজ্ঞ, তেওঁলোকক বিয়াৰ বাবে প্ৰস্তুত কৰিবলৈ কাউন্সেলিং কৰা হয়।
লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?
ইফালে যথেষ্ট বয়সত বিবাহ হোৱাৰ বাবেও বহু পাৰ্চী দম্পতীয়ে প্ৰাকৃতিক বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হয়৷ এনে অৱস্থাত তেওঁলোকক ‘আইভিএফ’ৰ বাবে বাৰ্ষিক ৮ লাখ টকাকৈ সাহায্য আৰু বহুতো আধুনিক চিকিৎসা সেৱা প্ৰদান কৰা হয়।
পাৰ্চী জনগোষ্ঠীত জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ বাবেও সামাজিক ৰক্ষণশীলতা এক ডাঙৰ প্ৰত্যাহ্বান। যেনে- কোনো পাৰ্চী মহিলাই যদি অন্য ধৰ্মৰ পুৰুষক বিয়া কৰায়, তেন্তে দম্পতীহালৰ ইচ্ছা সত্ত্বেও তেওঁৰ সন্তানৰ হিচাপ পাৰ্চী সমাজত ধৰা নহয়।
এই সন্দৰ্ভত শ্বেৰনাজ কামাই কয় যে ৰক্ষণশীলতাত ধৰ্মীয় একোৱেই দেখা নাযায়। পুৰুষ প্ৰধান সমাজখনে এইবোৰ নিয়ম বনাইছে। ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু আদালতেও এই সন্দৰ্ভত প্ৰগতিশীল সিদ্ধান্ত ল’ব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ