এটাৰ পাছত আনটো বিপৰ্যয় বলীউডত৷ ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত হাস্পতালত গোবিন্দ৷ অভিনেতা গোবিন্দৰ অধিবক্তা বন্ধু ললিত বিন্দালে সংবাদমাধ্যমক জনাইছে যে ঘৰতেই হঠাৎ জ্ঞান হেৰুৱাই ৬১ বছৰীয়া অভিনেতা গোবিন্দই৷ মঙলবাৰে গভীৰ নিশা ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে তেওঁক৷
অভিনেতাৰ অধিবক্তা বন্ধুৱে জনাইছে যে অসুস্থ বোধ কৰাৰ লগে লগে চিকিৎসকক ফোন কৰা হয়৷ ফোনতেই ঔষধ জনাই তেওঁক খুৱাবলৈ পৰামৰ্শ দিয়া হয়৷ তাৰপিছতেই শাৰীৰিক অস্বস্তি নকমাত গোবিন্দৰ পৰিয়ালৰ সদস্যসকলে ঠিক কৰে যে তেওঁক হাস্পতাললৈ লৈ যোৱা হব৷
বিন্দালে কয়, ‘চিকিৎসকৰ সৈতে পৰামৰ্শৰ পাছতেই তেওঁক ঔষধ দিয়া হৈছিল৷ তেতিয়াও তেওঁৰ শাৰীৰিক অৱস্থাৰ কোনো পৰিবৰ্তন নঘটাত নিশা ১ বজাত তেওঁক জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷’ তেওঁ লগতে জনাইছে যে, গোবিন্দৰ একাধিক পৰীক্ষা নিৰীক্ষা সম্পন্নও হৈছে৷ পৰীক্ষাৰ ফলাফল চাইহে তেওঁৰ পৰবৰ্তী চিকিৎসা আগবাঢ়িব৷ উল্লেখ কৰা প্ৰয়োজন যে ১০ নৱেম্বৰত ধৰ্মেন্দ্ৰক হাস্পতাললৈ চাবলৈকো গৈছিল গোবিন্দ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















