অতিকে শোকাৱহ, এটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ
গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন লোকৰ থিতাতে মৃত্যু হয়, য’ত তিনিগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃত্যু হয়।
এই বিষয়টো গ্ৰেটাৰ ন’ইডা ন’লেজ পাৰ্ক আৰক্ষী থানা এলেকাৰ। পৰী চকলৈ যোৱা এখন গাড়ীয়ে গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত পিছফালৰ পৰা ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ লগতে বাহনখনত থকা কেউজনক ভাঙি চুৰমাৰ হৈ যোৱা বাহনখনৰ পৰা কোনোমতে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।
এই দুৰ্ঘটনা সন্দৰ্ভত এডিচিপি গ্ৰেটাৰ নয়দা অশোক কুমাৰে জনোৱা মতে আজি ১০ নৱেম্বৰ দেওবাৰ পুৱা এখন তীব্ৰ বেগেৰে আহি থকা ৱেগনেৰ বাহনে নলেজ পাৰ্ক থানাৰ ১৪৬ নং ছেক্টৰৰ সমীপত পিছফালৰ পৰা এখন বেয়াকৈ ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে।
য’ত চালকৰ আসনত থকা লোকজনৰ থিতাতে মৃত্যু হয় আৰু আন চাৰিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়, যদিও চিকিৎসকেও তেওঁলোককো মৃত ঘোষণা কৰে।
ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গ্ৰেটাৰ নয়ডাত সংঘটিত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ কৰে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে বিষয়াসকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী যোগীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ