অসম লাইভ২৪ঃ গুজৰাট চৰকাৰৰ তৰফৰ পৰা এখন বিশেষ চাৰ্কুলাৰ জাৰি কৰা হৈছে। তাত কোৱা হৈছে যে বৌদ্ধ ধৰ্মক পৃথক হিচাপেই চাব লাগে। যদি কোনো হিন্দুয়ে বৌদ্ধ, জৈন বা শিখ ধৰ্ম গ্ৰহণ কৰে তেন্তে পূৰ্বে জিলা মেজিষ্ট্ৰেটৰ অনুমতি লোৱাটো বাঞ্চনীয়।
ৰাজ্য় চৰকাৰে লোৱা এই সিদ্ধান্তৰ আঁৰত আছে গুজৰাট ফ্ৰিডম অৱ ৰিলিজন এক্ট ২০০৩। এই বিজ্ঞাপ্তিত প্ৰকাশ কৰিছে গুজৰাট ৰাজ্য় চৰকাৰে। প্ৰতি বছৰে গুজৰাটত বিপুল সংখ্যক দলিতই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি আহিছে। বিশেষকৈ দশেৰা উৎসৱৰ সময়তেই ধৰ্মান্তৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।
গুজৰাট চৰকাৰে জাৰি কৰা বিজ্ঞাপ্তিত কোৱা হৈছে যে জিলা মেজিষ্ট্ৰেট কাৰ্যালয় গুজৰাটত ধৰ্মৰ স্বাধীনতা আইনৰ ভুল বাখ্য়া কৰা হৈছে। হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ আবেদনৰ নিয়মানুযায়ী পদ্ধতি অনুসৰণ কৰা হোৱা নাই। এইসমূহ নিয়মৰ খেলিমেলি হোৱাৰ বাবেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য় হৈছে গুজৰাট ৰাজ্য় চৰকাৰে।
ৰাজ্য চৰকাৰৰ চাৰ্কুলত উল্লেখ থকা অনুসৰি, হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ অনুমতি বিচাৰি কৰা আবেদনৰ বাবে নিৰ্ধাৰিত পদ্ধতি মানি চলা হোৱা নাই। ২০০৩ ৰ বিশেষ আইনখনৰ অধীনত বৌদ্ধ ধৰ্মৰ পৃথক মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ধৰ্মান্তৰকৰণ চলি আছে।’
উল্লেখ্য় যে, প্ৰলোভন, জোৰ-জৱৰদস্তি, ভুল বাখ্য়া বা আন কোনো প্ৰৱঞ্চনামূলক উপায়েৰে ধৰ্মান্তৰকৰণ কৰাটো অপৰাধ। ২০২১ চনত উত্থাপিত সংশোধনী বিধেয়কত সেই কথা উল্লেখ আছে। বিবাহৰ জৰিয়তেও বলপূৰ্বক ধৰ্মান্তকৰণ কৰাটোতো স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আইনমতে এনে অপৰাধ কৰিলে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫ লাখ পৰ্যন্ত জৰিমনা বিহিব পাৰে।