প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত স্থান পৰিবৰ্তন কৰে৷ শনিয়ে আঢ়ৈ বছৰ আৰু বৃহস্পতিয়ে এবছৰত ৰাশি পৰিবৰ্তন কৰে৷ ৯টা গ্ৰহৰ মাজত শনি আৰু বৃহস্পতিক সকলোতকৈ বিশেষ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বৰ্তমান শনি আৰু বৃহস্পকি উভয় গ্ৰহই বক্ৰী হৈ আছে৷ শনিয়ে মূল ত্ৰিভূজ চিহ্ন কুম্ভ ৰাশিত বিপৰীত দিশলৈ গৈছে আৰু বৃহস্পতিয়ে বৃষ ৰাশিত বিপৰীতমুখী যাত্ৰাত আছে৷ দীপাৱলিৰ দিনা, শনি আৰু বৃহস্পতি উভয় গ্ৰহই দীপ যোগ তৈয়াৰ কৰিব৷ যাৰ বৃহৎ প্ৰভাৱ পৰিব ৩ৰাশিৰ ওপৰত৷ এবছৰত টকাৰ পাহাৰ গঢ়িব কেইটামান ৰাশিৰ জাতকে৷ আপুনিও আছে নেকি তালিকাত?
বৃষ ৰাশি
বৃহস্পতি আৰু শনিৰ বিপৰীত চলন বৃষ ৰাশিৰ বাবে শুভ সময়৷ বিভিন্ন ক্ষেত্ৰত আৰ্থিক সুবিধা পাব পাৰে এই ৰাশিৰ মানুহে৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত উন্নতি, দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ পৰিয়ালত সুখ শান্তি থাকিব৷
ধনু ৰাশি
বৃহস্পতি আৰু শনিৰ বিপৰীতমুখী গতি ধনু ৰাশিৰ বাবে অত্যন্ত লাভজনক হ’ব৷ বিভিন্ন ক্ষেত্ৰত সাফল্যৰ শিখৰত উঠিব ৰাশিৰ মানুহে৷ কৰ্মজীৱনত বিৰাট উন্নতিৰ যোগ আছে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ চাকৰিত আপোনাৰ কামত সন্তুষ্ট হ’ব উৰ্ধতন কৰ্তৃপক্ষ৷ সহকৰ্মীসকলৰ প্ৰশংসা পাব৷ দাম্পত্যত কলহ দূৰ শান্তি বৰ্তি থাকিব৷
কুম্ভ ৰাশি
দীপাৱলিত শুভ যোগ আৰম্ভ হ’ব কুম্ভ ৰাশিৰ৷ শনি আৰু বৃহস্পতিৰ বিপৰীত চলনে কুম্ভ ৰাশিৰ বাবে লাভজনক ফল কঢ়িয়াই আনিব৷ আয় যেনেকৈ বাঢ়িব, তেনেকৈ ব্যয় কমিব৷ সঞ্চয়ৰ পথ প্ৰশস্ত হ’ব৷ আগন্তুক দিনত ধনৰ সমস্যা সমাধান হ’ব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















