টকাৰ লোভে শেষ কৰিলে একাংশক। নিজে উপাৰ্জনৰ কৰা ধনৰ উপৰিও বক্ৰ পথেৰে ধন উপাৰ্জন কৰাৰ ইচ্ছা একাংশ চৰকাৰী কৰ্মীৰ। মুখ্যমন্ত্ৰীৰ সকিয়নীকো কেৰেপ নকৰে টকাৰ লোভী কৰ্মচাৰীসকলে। এইবাৰ পুনৰ পোহৰলৈ আহিছে তেনে এগৰাকী কৰ্মচাৰী। এইবাৰ ঘোচ লৈ ধৰা পৰিছে এজন ট্ৰেফিক পুলিচ।
কৰ্তব্যৰত অৱস্থাত টকা লোৱাৰ অভিযোগত এগৰাকী ট্ৰেফিক পুলিচক লৈ সৃষ্টি হৈছে চাঞ্চল্য। পথত যান-বাহন নিয়ন্ত্ৰণ আৰু নিয়ম ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দায়িত্বত থকা আৰক্ষীৰ এগৰাকী সদস্যই টকা গ্ৰহণ কৰাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাছতে চৌদিশে চৰকাৰী কৰ্মচাৰীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
বৰ্তমান মুখ্যমন্ত্ৰী, DGPৰ নীতিশিক্ষায়েও কামত নহা একাংশ পুলিচ আছে। ৰাস্তাই-ঘাটে টকা কালেকশ্ব্যনেই হৈছে তেওঁলোকৰ মূল লক্ষ্য। কেমেৰাত বন্দী ট্ৰেফিক পুলিচৰ কালেকশ্বন্যৰ সমগ্ৰ দৃশ্যই লগাইছে তোলপাৰ। প্ৰথমে ১০০০ দাবী তাৰ পাছত ৫০০ টকাত মান্তি কনিষ্টবল ৰেকিবুল আলী।
কিছু দিন পূৰ্বে ২৫০০ টকালৈ ধৰা পৰিছিল ৰেকিবুল আলী। গণেশগুৰিত কৰ্তব্যৰ মাজতে ধন লোৱা ঘটনাই সৃষ্টি কৰিছিল চৰ্চাৰ। ৰেকিবুলৰ কাণ্ডকলৈ পূৰ্বেও সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। সেই ৰেকিবুলেই আজি আকৌ টকালৈ ধৰা পৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় দৰমহা পোৱাৰ পিছতো চৰকাৰী কৰ্মচাৰীৰ টকালৈ ইমান লোভ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















