অসম লাইভ ২৪ঃ সংগীতেই যাৰ জীৱনৰ সাৰথি, নিজৰ কোকিল কণ্ঠৰে প্ৰতিগৰাকী শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা দৰদী কণ্ঠশিল্পী লতা মংগেশকাৰৰ আজি ওপজা দিন৷ আজি ৯২ বছৰ বয়সত ভৰি দিলে কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰে৷ আঠ দশকজুৰি সংগীতৰ জগতত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ গায়িকা লতা মংগেশকাৰে ৩০ টাতকৈও অধিক ভাষাত গীত গাইছে৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতেও কেইবাটাও অসমীয়া গীতত কণ্ঠ নিগৰাইছে লতা মংগেশকাৰে৷ ভূপেন হাজৰিকাৰ সৈতে এটা সু-সম্পৰ্ক আছিল লতাজীৰ৷ তেওঁৰ প্ৰতিটো গীতেই চিৰসেউজ৷ তেঁৱেই হৈছে একমাত্ৰ গায়িকা, যাৰ নামত জীৱিত অৱস্থাতেই পুৰস্কাৰ প্ৰদান কৰা হয়৷ সেইগৰাকী চিৰসেউজ গায়িকাৰ ওপজা দিনত আজি শুভকামনা জ্ঞাপন কৰিছে লাখ লাখ অনুৰাগীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে লতা মংগেশকাৰক৷ প্ৰিয় গায়িকাগৰাকী দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ কামনা কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে৷
Birthday greetings to respected Lata Didi. Her melodious voice reverberates across the world. She is respected for her humility & passion towards Indian culture. Personally, her blessings are a source of great strength. I pray for Lata Didi’s long & healthy life. @mangeshkarlata
— Narendra Modi (@narendramodi) September 28, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ