হিন্দু সনাতন ধৰ্মৰ শাস্ত্ৰ অনুসৰণকাৰীসকলে প্ৰায়ে দাবী কৰি আহিছে যে হাজাৰ হাজাৰ বছৰ পূৰ্বে লিখা হিন্দু সনাতন ধৰ্মীয় শাস্ত্ৰসমূহৰ ভৱিষ্যদ্বাণীসমূহ এতিয়া প্ৰমাণিত হৈছে৷ নিম্নোল্লেখিত বিষয়সমূহ উত্থাপন কৰি এই দাবী কৰা হৈছে৷
ধন ঐশ্বৰ্য বিভূতিক লৈ মানুহ অহংকাৰী হ’ব
হিন্দু সনাতন ধৰ্মৰ অন্যতম শাস্ত্ৰ বিষ্ণু পুৰাণত কোৱা হৈছে যে কলিযুগত মানুহ ধন ঐশ্বৰ্য বিভূতি আদিকলৈ অহংকাৰী হৈ উঠিব। ধন উপাৰ্জনৰ দৌৰত কলি যুগৰ মানুহ দানৱ হৈ পৰিব৷ ধনীবোৰে অধিক ধনী হৈ পৰিব আঅৰু দুখীয়াৰ ওপৰত শোষণ দমন আদি কৰিব৷
বিষ্ণু পুৰাণত উল্লেখ থকা কথাটো আমি নস্যাৎ নকৰো৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ধন-সম্পদ-ঐশ্বৰ্য-বিভূতি আৰু নাম যশকলৈ হিন্দু সনাতন ধৰ্মৰ শাস্ত্ৰকাৰসকলে সৃষ্টি কৰা তথাকথিত কলি যুগৰ পূৰ্বেও আছিল৷ ধন-সম্পদ-ঐশ্বৰ্য-বিভূতিকলৈ তেওঁলোকৰ সৃষ্টি ত্ৰেতা-দ্বাপৰ তেতিয়াও মানুহ অহংকাৰী আছিল৷ মাত্ৰ এটা উদাহৰণ দিলে আপোনাৰ চকুত বিষয়টো সুস্পষ্ট হৈ পৰিব৷ কৌৰৱৰ দুৰ্যোধনো এইবোৰৰ লালসাতে কুৰুক্ষেত্ৰ সূচনা কৰিছিল৷ অৰ্থাৎ ধন-সম্পদ, ঐশ্বৰ্য-বিভূতি, ক্ষমতাৰ বাবেই হস্তিনাপুৰ ধ্বংস হৈছিল৷
লগতে পঢ়ক অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি
উপাৰ্জন ব্যয় হ’ব ঘৰ নিৰ্মাণত
সনাতন ধৰ্মৰ এই শাস্ত্ৰখনত কোৱা হৈছে যে কলিযুগত মানুহে সকলো উপাৰ্জন ঘৰ নিৰ্মাণত ব্যয় কৰিব৷ কথাটো হিন্দু সনাতনী ধৰ্মই সৃষ্টি কৰা কলি যুগতো এশ শতাংশ শুদ্ধ নহয় আৰু দ্বাপৰ আৰু ত্ৰেতা যুগতো কলি যুগৰ দৰেই তদ্ৰূপ আছিল৷ হিন্দু শাস্ত্ৰ অৰ্থাৎ বৈদিক আখ্যান উপাখ্যানৰ পৰাই জনা যায় যে ত্ৰেতা আৰু দ্বাপৰ যুগতো ধনী আৰু আদ্যৱন্ত লোকসকলে বিলাসী বাসগৃহ নিৰ্মাণ কৰিছিল আৰু দুখীয়াসকলে জুপুৰিতে চৰম দাৰিদ্ৰতাৰে দিন কটাইছিল৷ আধুনিক কালতো অৰ্থাৎ সনাতন হিন্দু ধৰ্মই সৃষ্টি কৰা কলি যুগতো একেটা ব্যৱস্থাই অব্যাহত আছে৷ সম্পদশালীয়ে বিলাসী আট্টালিকা নিৰ্মাণ কৰিছে আৰু দুখীয়াই এডুখিৰ চালিৰ তলত জীৱন নিৰ্বাহ কৰিছে৷
নাৰীয়ে চুলিক লৈ গৌৰৱ কৰিব
বিষ্ণু পুৰাণত কোৱা হৈছে যে কলিযুগত নাৰীয়ে নিজৰ সাজ-সজ্জাত অধিক গুৰুত্ব দিব৷ এই ক্ষেত্ৰতো অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে হিন্দু সনাতন ধৰ্মৰ সৃষ্ট ত্ৰেতা আৰু দ্বাপৰ যুগতো আঢ্যৱন্ত ঘৰৰ মহিলাই নিজৰ ৰূপ লাৱণ্যক গৌৰৱ কৰিছিল আৰু সাজ-সজ্জাত ঘৰুৱা উপাৰ্জনৰ এক অংশ ব্যয় কৰিছিল৷ ধনী তথা আঢ্যৱন্ত ঘৰৰ কেৱল মহিলাই নহয় সেই যুগকেইটাৰ পুৰুষসকলেও হীৰা, সোণ, ৰূপৰ অলংকাৰেৰে নিজক সজাই দৰিদ্ৰসকলৰ আগত অহংকাৰ কৰিছিল৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ
অকাল মৃত্যু বৃদ্ধি পাব
এই ধৰ্মীয় শাস্ত্ৰৰ মতে কলি যুগত অকাল মৃত্যু বৃদ্ধি পাব৷ আপোনালোকে যদি নিজেই হিন্দু শাস্ত্ৰসমূহ অধ্যয়ন কৰে যে ত্ৰেতা আৰু দ্বাপৰ যুগতো বহু লোকৰ অকাল মৃত্যুৰ বৰ্ণনা পাব৷ যদি সেই যুগত অকাল মৃত্যু হোৱাই নাছিল তেতিয়া কেনেকৈ সেই মৃত্যুবোৰে শাস্ত্ৰসমূহত স্থান লাভ কৰিলে? মাৰি-মৰক বেমাৰ আজাৰৰ বিষয়ে সেইসমূহ শাস্ত্ৰ উল্লেখ আছে৷ স্বয়ং শাস্ত্ৰসমূহতেই অকাল মৃত্যুৰ উল্লেখ থকাৰ পিছতো কিয় কলি যুগতহে কেৱল অকাল মৃত্যু বৃদ্ধি পাব বুলি কোৱা হৈছে? ইফালে আধুনিক ইতিহাস অধ্যয়নে বৈদিক যুগ আৰু প্ৰাচীন যুগতো অকাল মৃত্যু, দুৰ্ভিক্ষ আৰু মহামাৰীয়ে মানৱ সভ্যতা তচনচ কৰা তথ্য ফাদিল কৰি আহিছে৷
অধিক উত্তাপ আৰু পানীৰ অভাৱ
বিষ্ণুপুৰাণত কলিযুগত হ’ব লগীয়া প্ৰলয়ৰ কথা উল্লেখ কৰি পানীৰ অভাৱ আৰু উষ্ণতা বৃদ্ধি পাব বুলি কোৱা হৈছে। এইটো স্বাভাৱিক কথা যে পৃথিৱীৰ আয়ুস যিমানেই বাঢ়িব সিমানেই জলপৃষ্ঠ হ্ৰাস পাব৷ পৃথিৱীৰ উষ্ণতা বৃদ্ধি আৰু পানীৰ পৰিমাণ হ্ৰাস এক ভূ-প্ৰাকৃতিক কাৰণ৷ সেইবোৰ কথালৈ নগৈও আমি এইটো ক’ব পাৰো যে সনাতন হিন্দু ধৰ্মীয় শাস্ত্ৰতো প্ৰচণ্ড গৰম, অৰ্থাৎ তাপ আৰু উষ্ণতাৰ বিষয়ে দেধাৰ উল্লেখ আছে৷
এতিয়া দেখা গ’ল শাস্ত্ৰ উল্লেখ থকা কথাবোৰ কোনো আচৰিত কথা নহয় আৰু ইয়াৰ ভৱিষ্যদ্বাণীবোৰো মানৱ সমাজ তথা সভ্যতাৰ স্বাভাৱিকভাৱে আৰ্জিত জ্ঞানহে৷ কাৰণ, প্ৰাকৃতিক মহাপ্ৰলয় তেতিয়াও ঘটিছিল আৰু এতিয়াও ঘটিছে আৰু ভৱিষ্যতেও ঘটি থাকিব৷ ই পৃথৱীৰ স্বাভাৱিক প্ৰক্ৰিয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ