সোমবাৰে এজন ৰাছিয়ান সেনাক ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক হত্যা কৰাৰ অপৰাধত ইউক্ৰেইনৰ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ চাৰি দিনৰ পিছতে ২৮ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ উত্তৰ-পূবৰ চুপাখিভকা গাঁৱত নিৰস্ত্ৰ নাগৰিক ৬২ বছৰীয়া অলেক্সান্দ্ৰ শ্বেলিপভক হত্যা কৰাৰ দোষ স্বীকাৰ কৰিছিল ২১ বছৰীয়া ৰাছিয়ান টেংক কমাণ্ডাৰ ভাদিম শ্বিছিমাৰিনে।
উক্ত দোষ স্বীকাৰ কৰা ৰাছিয়ান টেংক কামাণ্ডাৰ ভাদিম শ্বেলিপভকৰ বিৰুদ্ধে ইউক্ৰেইনৰ এখন আদালতৰ ন্যায়াধীশ ছেৰহিই আগাফোনভে বিচাৰ প্ৰক্ৰিয়া চলাই এই শাস্তি প্ৰদান কৰিছে৷ ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চ পদবীৰ এজন সৈনিক শ্বিছিমাৰিনে স্বয়ংক্ৰিয় অস্ত্ৰৰেৰে ভুক্তভোগীৰ মূৰত কেইবাটাও গুলী কৰি হত্যা কৰিছিল।
লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?
তেওঁ লগতে কয় যে সংঘটিত হোৱা অপৰাধক শান্তি, নিৰাপত্তা, মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থাৰ বিৰোধী অপৰাধ বুলি গণ্য কৰা হৈছে আৰু আদালতে এই শাস্তিক লঘু কৰা কোনো সম্ভাৱনা দেখা নাই। অৰ্থাৎ ৰুছ সেনাগৰাকীৰ শাস্তি পুনৰ বিবেচনা আদালতখনৰ ন্যায়াধীশ আঘাফোনভে একপ্ৰকাৰে নস্যাৎ কৰিছে৷
কীয়েভে আৰম্ভণিৰে পৰা ৰাছিয়াই আক্ৰমণৰ সময়ত সাধাৰণ নাগৰিকৰ ওপৰত অত্যাচাৰ আৰু বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ কীয়েভৰ দাবী যে ৰাছিয়ান সেনাই ১০ হাজাৰতকৈ অধিক এনে যুদ্ধ অপৰাধ সংঘটিত কৰিছে, যিবোৰ কীয়েভে ইতিমধ্যে চিনাক্ত কৰিছে।
লগতে পঢ়ক অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ
ইফালে ইউক্ৰেইনৰ বিৰুদ্ধে এতিয়াও যুদ্ধ ঘোষণা কৰা নাই বুলি কৈ ‘বিশেষ সামৰিক অভিযান’ চলোৱা বুলি প্ৰকাশ কৰা ৰাছিয়াই ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ লগতে কোনো যুদ্ধ অপৰাধ কৰা নাই বুলি দাবী কৰি আহিছে৷
ইউক্ৰেইনে এগৰাকী ৰাছিয়ান সেনাক যুদ্ধ অপৰাধৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সন্দৰ্ভত ক্ৰেমলিনে তাৎক্ষণিকভাৱে কোনো মন্তব্য প্ৰকাশ কৰা নাই। ক্ৰেমিলিনে ইয়াৰ পূৰ্বে কৈছিল যে ৰাছিয়াই ইউক্ৰেইনে এনে বিচাৰৰ চলোৱাৰ বিষয়ে কোনো তথ্য লাভ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ