• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

4 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

8 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

9 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

editor by editor
May 24, 2022
in বিবিধ, ভাৰত
0
সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?
0
SHARES
355
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু সনাতন ধৰ্মৰ শাস্ত্ৰ অনুসৰণকাৰীসকলে প্ৰায়ে দাবী কৰি আহিছে যে হাজাৰ হাজাৰ বছৰ পূৰ্বে লিখা হিন্দু সনাতন ধৰ্মীয় শাস্ত্ৰসমূহৰ ভৱিষ্যদ্বাণীসমূহ এতিয়া প্ৰমাণিত হৈছে৷ নিম্নোল্লেখিত বিষয়সমূহ উত্থাপন কৰি এই দাবী কৰা হৈছে৷

 ধন ঐশ্বৰ্য বিভূতিক লৈ মানুহ অহংকাৰী হ’ব

হিন্দু সনাতন ধৰ্মৰ অন্যতম শাস্ত্ৰ বিষ্ণু পুৰাণত কোৱা হৈছে যে কলিযুগত মানুহ ধন ঐশ্বৰ্য বিভূতি আদিকলৈ অহংকাৰী হৈ উঠিব। ধন উপাৰ্জনৰ দৌৰত কলি যুগৰ মানুহ দানৱ হৈ পৰিব৷ ধনীবোৰে অধিক ধনী হৈ পৰিব আঅৰু দুখীয়াৰ ওপৰত শোষণ দমন আদি কৰিব৷

বিষ্ণু পুৰাণত উল্লেখ থকা কথাটো আমি নস্যাৎ নকৰো৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ধন-সম্পদ-ঐশ্বৰ্য-বিভূতি আৰু নাম যশকলৈ হিন্দু সনাতন ধৰ্মৰ শাস্ত্ৰকাৰসকলে সৃষ্টি কৰা তথাকথিত কলি যুগৰ পূৰ্বেও আছিল৷ ধন-সম্পদ-ঐশ্বৰ্য-বিভূতিকলৈ তেওঁলোকৰ সৃষ্টি ত্ৰেতা-দ্বাপৰ তেতিয়াও মানুহ অহংকাৰী আছিল৷ মাত্ৰ এটা উদাহৰণ দিলে আপোনাৰ চকুত বিষয়টো সুস্পষ্ট হৈ পৰিব৷ কৌৰৱৰ দুৰ্যোধনো এইবোৰৰ লালসাতে কুৰুক্ষেত্ৰ সূচনা কৰিছিল৷ অৰ্থাৎ ধন-সম্পদ, ঐশ্বৰ্য-বিভূতি, ক্ষমতাৰ বাবেই হস্তিনাপুৰ ধ্বংস হৈছিল৷

লগতে পঢ়ক অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

উপাৰ্জন ব্যয় হ’ব ঘৰ নিৰ্মাণত

সনাতন ধৰ্মৰ এই শাস্ত্ৰখনত কোৱা হৈছে যে কলিযুগত মানুহে সকলো উপাৰ্জন ঘৰ নিৰ্মাণত ব্যয় কৰিব৷ কথাটো হিন্দু সনাতনী ধৰ্মই সৃষ্টি কৰা কলি যুগতো এশ শতাংশ শুদ্ধ নহয় আৰু দ্বাপৰ আৰু ত্ৰেতা যুগতো কলি যুগৰ দৰেই তদ্ৰূপ আছিল৷ হিন্দু শাস্ত্ৰ অৰ্থাৎ বৈদিক আখ্যান উপাখ্যানৰ পৰাই জনা যায় যে ত্ৰেতা আৰু দ্বাপৰ যুগতো ধনী আৰু আদ্যৱন্ত লোকসকলে বিলাসী বাসগৃহ নিৰ্মাণ কৰিছিল আৰু দুখীয়াসকলে জুপুৰিতে চৰম দাৰিদ্ৰতাৰে দিন কটাইছিল৷ আধুনিক কালতো অৰ্থাৎ সনাতন হিন্দু ধৰ্মই সৃষ্টি কৰা কলি যুগতো একেটা ব্যৱস্থাই অব্যাহত আছে৷ সম্পদশালীয়ে বিলাসী আট্টালিকা নিৰ্মাণ কৰিছে আৰু দুখীয়াই এডুখিৰ চালিৰ তলত জীৱন নিৰ্বাহ কৰিছে৷

নাৰীয়ে চুলিক লৈ গৌৰৱ কৰিব

বিষ্ণু পুৰাণত কোৱা হৈছে যে কলিযুগত নাৰীয়ে নিজৰ সাজ-সজ্জাত অধিক গুৰুত্ব দিব৷ এই ক্ষেত্ৰতো অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে হিন্দু সনাতন ধৰ্মৰ সৃষ্ট ত্ৰেতা আৰু দ্বাপৰ যুগতো আঢ্যৱন্ত ঘৰৰ মহিলাই নিজৰ ৰূপ লাৱণ্যক গৌৰৱ কৰিছিল আৰু সাজ-সজ্জাত ঘৰুৱা উপাৰ্জনৰ এক অংশ ব্যয় কৰিছিল৷ ধনী তথা আঢ্যৱন্ত ঘৰৰ কেৱল মহিলাই নহয় সেই যুগকেইটাৰ পুৰুষসকলেও হীৰা, সোণ, ৰূপৰ অলংকাৰেৰে নিজক সজাই দৰিদ্ৰসকলৰ আগত অহংকাৰ কৰিছিল৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

অকাল মৃত্যু বৃদ্ধি পাব

এই ধৰ্মীয় শাস্ত্ৰৰ মতে কলি যুগত অকাল মৃত্যু বৃদ্ধি পাব৷ আপোনালোকে যদি নিজেই হিন্দু শাস্ত্ৰসমূহ অধ্যয়ন কৰে যে ত্ৰেতা আৰু দ্বাপৰ যুগতো বহু লোকৰ অকাল মৃত্যুৰ বৰ্ণনা পাব৷ যদি সেই যুগত অকাল মৃত্যু হোৱাই নাছিল তেতিয়া কেনেকৈ সেই মৃত্যুবোৰে শাস্ত্ৰসমূহত স্থান লাভ কৰিলে? মাৰি-মৰক বেমাৰ আজাৰৰ বিষয়ে সেইসমূহ শাস্ত্ৰ উল্লেখ আছে৷ স্বয়ং শাস্ত্ৰসমূহতেই অকাল মৃত্যুৰ উল্লেখ থকাৰ পিছতো কিয় কলি যুগতহে কেৱল অকাল মৃত্যু বৃদ্ধি পাব বুলি কোৱা হৈছে? ইফালে আধুনিক ইতিহাস অধ্যয়নে বৈদিক যুগ আৰু প্ৰাচীন যুগতো অকাল মৃত্যু, দুৰ্ভিক্ষ আৰু মহামাৰীয়ে মানৱ সভ্যতা তচনচ কৰা তথ্য ফাদিল কৰি আহিছে৷

অধিক উত্তাপ আৰু পানীৰ অভাৱ

বিষ্ণুপুৰাণত কলিযুগত হ’ব লগীয়া প্ৰলয়ৰ কথা উল্লেখ কৰি পানীৰ অভাৱ আৰু উষ্ণতা বৃদ্ধি পাব বুলি কোৱা হৈছে। এইটো স্বাভাৱিক কথা যে পৃথিৱীৰ আয়ুস যিমানেই বাঢ়িব সিমানেই জলপৃষ্ঠ হ্ৰাস পাব৷ পৃথিৱীৰ উষ্ণতা বৃদ্ধি আৰু পানীৰ পৰিমাণ হ্ৰাস এক ভূ-প্ৰাকৃতিক কাৰণ৷ সেইবোৰ কথালৈ নগৈও আমি এইটো ক’ব পাৰো যে সনাতন হিন্দু ধৰ্মীয় শাস্ত্ৰতো প্ৰচণ্ড গৰম, অৰ্থাৎ তাপ আৰু উষ্ণতাৰ বিষয়ে দেধাৰ উল্লেখ আছে৷

এতিয়া দেখা গ’ল শাস্ত্ৰ উল্লেখ থকা কথাবোৰ কোনো আচৰিত কথা নহয় আৰু ইয়াৰ ভৱিষ্যদ্বাণীবোৰো মানৱ সমাজ তথা সভ্যতাৰ স্বাভাৱিকভাৱে আৰ্জিত জ্ঞানহে৷ কাৰণ, প্ৰাকৃতিক মহাপ্ৰলয় তেতিয়াও ঘটিছিল আৰু এতিয়াও ঘটিছে আৰু ভৱিষ্যতেও ঘটি থাকিব৷ ই পৃথৱীৰ স্বাভাৱিক প্ৰক্ৰিয়া৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
কুতুব মিনাৰত নিষিদ্ধ নামাজ! চলিব নেকি খনন কাৰ্য? কি ক’লে চৰকাৰে?

কুতুব মিনাৰত নিষিদ্ধ নামাজ! চলিব নেকি খনন কাৰ্য? কি ক’লে চৰকাৰে?

চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.