অসম লাইভ২৪: আদানী ডুবিছে। শ্বেয়াৰ মাৰ্কেটত আদানীৰ পতনে চুই গৈছে জঁকাইচুকৰ পৰিয়াল এটাকো। পূৰ্বে নাজানিলেও আদানীৰ সৈতে তেওঁলোকো সংপৃক্ত হৈ থকাৰ খবৰ পাইছে সাধাৰণ একোজন নাগৰিকেও। LIC ৰ সমান্তৰালকৈ আদানি প’ৰ্টছ এণ্ড চেজ’, ‘আদানি গ্ৰীণ এনাৰ্জী’, ‘আদানি ট্ৰেন্সমিছন’ আৰু ‘আদানি এণ্টাৰপ্ৰাইজ’কে আদি কৰি সকলোবোৰৰে শ্বেয়াৰ মাৰ্কেটত পতন।
পতনৰ সময়তে আদানীলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিছে এটা বিশেষ কোম্পানী। জিকিউজি পাৰ্টনাৰ্ছ নামৰ কোম্পানীটোৱে চুক্তিৰ জৰিয়তে আদানী গ্ৰুপৰ চাৰিটা কোম্পানীত ১৫ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। কোটিপতি গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীত শ্বেয়াৰ বজাৰত স্তব্ধ হৈ পৰিছে। হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ পাছতেই কোনো ডাঙৰ কোম্পানীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আদানীৰ সৈতে হাত মিলাব নিবিচৰাৰ সময়তে আমেৰিকাৰ বিনিয়োগ কোম্পানী ‘জিকিউজি পাৰ্টনাৰ্ছ’ই আদানীক সহায় কৰিবলৈ আগবাঢ়িছে।
বৃহস্পতিবাৰে এক চুক্তিৰ জৰিয়তে ‘জিকিউজি পাৰ্টনাৰ্ছ’ই আদানী গোটৰ ৪টা কোম্পানীত পোন্ধৰ হাজাৰ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে।জিকিউজি পাৰ্টনাৰ্ছৰ আদানী গ্ৰুপৰ ‘আদানি প’ৰ্টছ এণ্ড চেজ’, ‘আদানি গ্ৰীণ এনাৰ্জী’, ‘আদানি ট্ৰেন্সমিছন’ আৰু ‘আদানি এণ্টাৰপ্ৰাইজত এই বৃহৎ পৰিমাণৰ ধন কোম্পানীটোৱে বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। লগতে কোম্পানী দুটাৰ মাজত প্ৰয়োজনীয় চুক্তি সম্পূৰ্ণ হোৱা বুলিও ঘোষণা কৰিছে ‘জিকিউজি পাৰ্টনাৰ্ছ’য়ে।
জিকিউজি পাৰ্টনাৰ্ছৰ মুখ্য তথ্য বিষয়া ৰাজীৱ জৈনে কয়, ‘আদানি গ্ৰুপত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো মই অতি আশাবাদী। আদানীৰ বিভিন্ন সংস্থাই ভাৰত আৰু সমগ্ৰ বিশ্বতে কেইবাটাও বৃহৎ আৰু গুৰুত্বপূৰ্ণ ব্যৱসায় চলাই আছে৷ আৰু সেইবাবেই এই চুক্তিখনক লৈ মই উৎসাহিত।”
উল্লেখ্য যে, কোম্পানীটোৰ চিইঅ’ হিচাপে ৰাজীৱ জৈনে দেশ-বিদেশৰ বহু কোম্পানীত বিনিয়োগ কৰিছে।ৰাজীৱ জৈনৰ জন্মও ভাৰতত। কিন্তু ১৯৯০ চনত তেওঁ বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ আমেৰিকাৰ মিয়ামিলৈ গুচি যায়। তাতেই তেওঁ মিয়ামি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। পঢ়া-শুনা সমাপ্ত কৰি ১৯৯৪ চনত ‘ভনট’বেল’ কোম্পানীত যোগদান কৰে।অতি সোনকালেই ৰাজীৱে ছুইজাৰলেণ্ডৰ এই কোম্পানীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এজন ব্যক্তি হিচাপে প্ৰমাণিত হৈছে। ২০১৬ চনৰ জুন মাহত ৰাজীৱ জৈনে “জিকিউজি পাৰ্টনাৰ্ছ” আৰম্ভ কৰে। কোম্পানীটোৰ গৰিষ্ঠসংখ্যক শ্বেয়াৰৰ মালিক ৰাজীৱ। ৰাজীৱে জিকিউজি পাৰ্টনাৰ্ছ আৰম্ভ কৰাৰ সময়ত কোম্পানীটোৰ ফাণ্ডত নিজৰ সকলো ব্যক্তিগত সম্পত্তি বিনিয়োগ কৰিছিল।ৰাজীৱৰ কোম্পানীয়ে ২০২১ চনত অষ্ট্ৰেলিয়াত আইপিঅ’ আৰম্ভ কৰিছিল। বৰ্তমান ৰাজীৱ জৈন আন্তঃৰাষ্ট্ৰীয় বজাৰত এজন নামকৰা বিনিয়োগকাৰী। ইয়াৰ আগতে তেওঁ বহু ডুবিব ধৰা কোম্পানীৰ কাষত থিয় হৈ লাভৰ মুখ দেখিবলৈ সক্ষমো হৈছে।
বৰ্তমান আদানী গোটৰ ত্ৰাণকৰ্তা হৈ থিয় দিছে ৰাজীৱ। তেওঁ আদানীত ১৫০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে যদিও কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজীৱে এবাৰ মন্তব্য কৰিছিল যে আদানী গ্ৰুপৰ বহুত ঋণ আছে আৰু সেয়েহে তেওঁ আদানী গ্ৰুপত বিনিয়োগ নকৰে। আদানীত বিনিয়োগ কৰিলেনে সেয়া এতিয়াওস্পষ্ট নহলেও জিকিউজি পাৰ্টনাৰ্ছৰ উপৰিও শেহতীয়াকৈ ‘গোল্ডমেন চেক্স’ই আদানী ট্ৰেন্সমিছনৰ ৮২ লাখ শ্বেয়াৰ প্ৰতি শ্বেয়াৰত ৬৬৮.৪ টকাত ক্ৰয় কৰিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ আদানী বন্দৰৰ শ্বেয়াৰো ভাল মূল্যত বিক্ৰী হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ