প্ৰথমে এটা ফেছবুক লাইভ৷ সেই লাইভতে নিজৰ ব্যক্তিগত জীৱন সম্পৰ্কে বিস্ফোৰক কেইবাটাও তথ্য তাৰপিছতেই নিজকে শেষ কৰাৰ চেষ্টা বংগৰ গায়িকা তথা অভিনেত্ৰী দেৱলীনা নন্দীৰ৷ বিগত সপ্তাহৰ পৰাই গায়িকাৰ এই ঘটনাক লৈ চৰ্চা চলি আছে নেটিজেনৰ মাজত৷ পৰিয়ালৰ পক্ষৰ পৰাও এটাৰ পাছত আনটো বাইট আহিছে বিভিন্ন টেলিভিছন চেনেলৰ লগতে সামাজিক মাধ্যমতো৷ পৰিয়াল অৰ্থাৎ দেৱলীনাৰ মাতৃ আৰু ভগ্নীয়ে জনাইছে যে দেৱলীনা নন্দীয়ে ৭৮টা কাঢ়া ডোজৰ টোপনিৰ ঔষধ খাই নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল৷ তাৰপাছৰে পৰাই বাৰংবাৰ প্ৰশ্ন উঠিছে ইমানখিনি টোপনিৰ ঔষধ কেনেকৈ পালে গায়িকা দেৱলীনাই?
নেটিজেনৰ মাজত সপক্ষে বিপক্ষে দুটা ভাগ হৈ একপ্ৰকাৰৰ পঞ্চায়তেই বহিছে৷ সেই সময়তেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি গায়িকাৰ ফেছবুক পেজৰ পৰা লাইভত আহিছে তেওঁৰ ভগ্নী৷ গায়িকা দেৱলীনাৰ ভগ্নীয়ে লাই আহি জনাইছে যে দেৱলীনাই ৭৮টা টোপনিৰ ঔষধ একেলগে ভক্ষণ কৰিছিল৷ দেৱলীনাৰ পূৰ্বৰে পৰাই টোপনিৰ সমস্যা আছিল৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ মানিয়েই এই ঔষধ তেওঁ গ্ৰহণ কৰি আছিল৷ দীৰ্ঘদিন ধৰি অলপ অলপকৈ ঔষধ জমা কৰি আছিল দেৱলীনাই৷ ঔষধৰ ডজ বৰ বেছি নোহোৱাৰ বাবেই ডাঙৰ বিপদ নহ’ল বুলিও জনাইছে দেৱলীনাৰ ভগ্নীয়ে৷
দেৱলীনাৰ এনে আত্মঘাটী সিদ্ধান্তক লৈ প্রথমৰে পৰাই গায়িকাৰ স্বামী প্ৰবাহ নন্দী আৰু তেওঁৰ শহুৰৰ ঘৰৰ লোকসকলৰ বিৰুদ্ধে আঙুলি টোৱাইছে গায়িকাৰ পৰিয়ালে৷ নিজেও পৰোক্ষভাৱে লাইভ ভিডিঅ’ত সেই কথা জনাইছে দেৱলীনাই৷ বিবাহৰ পাছতেই দেৱলীনাক তেওঁৰ মাতৃক এৰি দিবৰ বাবে চাপ দি আছিল স্বামী পৰিয়ালে৷ নিজে চৰম সিদ্ধান্ত ল’বলৈ আগবঢ়াৰ সময়ত অহা লাইভ ভিডিঅ’তো মনৰ কথা জনাইছিল দেৱলীনাই৷ কান্দি কান্দি দেৱলীনাই কৈছিল, ‘বিবাহৰ পাছৰে পৰাই পেছা আৰু মা ক লৈ অসহ্য যন্ত্ৰণাৰ চিকাৰ হৈছো৷ বাৰে বাৰে মোক কোৱা হৈছিল মাক এৰি দিব পাৰে৷ যি গৰাকী মায়ে নিজে ফটা শাৰী পিন্ধি মোক ভালকৈ ডাঙৰ কৰিছে মোক ভাল কাপোৰ পিন্ধাই ষ্টেজত থিয় দিব পৰাকৈ আগুৱাই নিছে সেই মাক মই কেনেকৈ ত্যাগ কৰিম? মায়ে মোৰ শ্ব’ বিলাকত উপস্থিত নাথাকিলে মোৰ গানে পূৰ্ণতা নাপায়৷’
উল্লেখ কৰা প্ৰয়োজন যে দেৱলীনা নন্দী এতিয়া কলকাতাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ছচিয়েল মিডিয়াত তেওঁক লৈ চৰ্চা অব্যাহত আছে৷ কোনো কোনোৱে দেৱলীনাৰ পক্ষত মাত দিছে যদিও একাংশই আকৌ প্ৰবাহৰ হৈয়ো মাত দিছে৷ তাৰমাজতে দেৱলীনাই লাইভত আহি জনাইছে যে তেওঁ যি পথ লৈছিল সেয়া সঠিক পথ নাছিল৷ তেওঁ ভুল সিদ্ধান্ত লৈছিল৷ এতিয়া লাহে লাহে তেওঁ সুস্থ হৈছে৷ তেওঁক লৈ যাতে কোনেও এনেধৰণৰ ট্ৰলিং ভিডিঅ’ কৰি নাথাকে সেই অনুৰোধো কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















