অসম লাইভ ২৪ঃ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগৰ উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছে উত্থাপন কৰিছিল আচৰণ বিধি উলংঘনৰ অভিযোগ৷ মঙলবাৰে নিৰ্বাচন আয়োগক অভিযোগৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কোনো নতুন আঁচনি নিৰ্বাচনী সভাত ঘোষণা নাই কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীৰ দাবী৷ নিৰ্বাচনী সভাত ঘোষণা কৰা আঁচনিসমূহ পূৰ্বে বাজেটত ঘোষিত বুলিও উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ হিমন্ত বিশ্ব শৰ্মাক অধিক সতৰ্কতাৰে প্ৰচাৰৰ সকীয়নি নিৰ্বাচন আয়োগৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ