কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে
ভাৰতীয় টিভি তাৰকা হিনা খানৰ সাহস তথা হাৰ নমনা মন দেখি এতিয়া বহুজনৰে চকু পানী উলাইছে। মন সেমেকি উঠিছে বহু অনুৰাগীৰ। বৰ্তমানে স্তন কেন্সাৰত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুদ্ধ দি আছে জনপ্ৰিয় অভিনেত্ৰী হিনা খানে।
তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰীগৰাকী। এই মাৰাত্মক ৰোগক পৰাস্ত কৰিবলৈ হিনা খানে কেৱল চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়াই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো কাম কৰি আছে। হিনাই যোৱা ৪ সপ্তাহত বহু ধুমুহাৰ মাজেৰে সময় পাৰ কৰিছে। প্ৰথমে দীঘল চুলিকোছা চুটি কৰি কাটি পেলাই, তাৰ পাছত শ্বুটিঙত কেমো থেৰাপীৰ দাগ লুকাবলৈ বিশেষ ব্যৱস্থা কৰিছে। এতিয়া কেমো থেৰাপীৰ পাছত চুলি সৰিবলৈ ধৰাত খুৰাই পেলাই সকলো চুলি।
সামাজিক মাধ্যমত হিনা খানৰ এটা পোষ্টে এতিয়া বহুতৰে মন সেমেকাই তুলিছে। ভিডিঅ’টোত হিনাই প্ৰথমে কেন্সাৰৰ বাবে চুলি কিমান সৰিছে সেয়া দেখুৱাই। বিচনা, গাৰু, টাৱেল আদি সকলোতে কেৱল চুলি। সেয়ে অধিক চুলি সৰি মানসিক ভাৱে ভাগি পৰাৰ পূৰ্বে সকলো চুলিয়ে হঠাতে খুৰাই পেলাই অভিনেত্ৰীগৰাকীয়ে। নিজেই মূৰত ট্ৰিমাৰ চলাই দি খুৰাই পেলাই সকলো চুলি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ