ছুটি বুলিলেই প্ৰত্যেকজন কৰ্মচাৰীৰেই মন ভাল লগাৰেই কথা৷ নতুন বছৰ আৰম্ভ হ’ব৷ নতুন বছৰত ছুটিৰ দিনৰ তালিকা জানিবলৈ এতিয়াৰে পৰাই বহুজন আগ্ৰহী হৈ আছে৷ আমাৰ দেশে ধৰ্ম, ৰাজ্য আৰু সংস্কৃতিৰে সমৃদ্ধি বৈচিত্ৰ্যক প্ৰতিফলিত কৰে৷ ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ বাবে প্ৰত্যেক উৎসৱকেই ইয়াত সমানেই প্ৰাধান্য দিয়া হয়৷ ভাৰতত ছুটীও কেন্দ্ৰীয় চৰকাৰী ছুটী, ৰাজ্যিক চৰকাৰী ছুটী, জাতীয় ছুটীৰ দিন আৰু বেংকৰ ছুটীসহ বিভিন্ন প্ৰকাৰে শ্ৰেণীবদ্ধ কৰা হয়৷২০২৫ চনৰ চৰকাৰী ছুটীৰ এক চতুৰ্থাংশই সাপ্তাহিক ছুটীৰ দিন পৰিব৷ ইয়াৰ মাজতেই ৬টা ছুটী শনিবাৰ বা দেওবাৰ পৰিছে৷ জানি থওক ২০২৫ৰ ছুটীৰ তালিকা৷
২০২৫ চনৰ ছুটীৰ তালিকা
দেওবাৰ পৰা ছুটীসমূহৰ মাজত আছে গণতন্ত্ৰ দিৱস(২৬ জানুৱাৰী), ৰাম নৱমী(৬এপ্ৰিল), মহৰম( ৬ জুলাই)৷ শনিবাৰে পৰিছে প্ৰধান ছুটীৰ মাজত আছে বকৰি ঈদ(৭জুন), ৰাখিবন্ধন(৯আগষ্ট) আৰু জন্মাষ্টমী(১৬আগষ্ট)ত পৰিছে৷ ইফালে ঈদ উল ফিতৰ(৩১মাৰ্চ), ডক্টৰ ভীমৰাও আম্বেদকৰ জয়ন্তী(১৪এপ্ৰিল), বুদ্ধ পূৰ্ণিমা(১২মে) আৰু দীপাৱলি(২০ অক্টোবৰ)ৰ দৰে উল্লেখযোগ্য ছুটী সোমবাৰে পৰিব৷
ইফালে ১৩ মাৰ্চ বৃহস্পতিবাৰে হোলিকা দহন আৰু ১৪ মাৰ্চ শুকুৰবাৰে হোলি পৰিছে৷ একেদৰে স্বাধীনতা দিৱসো এইবাৰ শুকুৰবাৰ পৰিব৷ তাৰপিছতেই জন্মাষ্টমী(১৬আগষ্ট) শনিবাৰে পৰিছে৷ অক্টোবৰতো বিভিন্ন উৎসৱ আছে৷ তাৰভিতৰতেই নৱৰাত্ৰিৰ মহানৱমী বুধবাৰ পৰিছে৷ অৰ্থাৎ ১ অক্টোবৰ, ইয়াৰপাছতেই গান্ধী জয়ন্তী ২ অক্টোবৰ, বৃহস্পতিবাৰে বিজয়া দশমী পালিত হ’ব৷ দীপাৱলি পৰিছে ২০ অক্টোবৰত৷ ২২ অক্টোবৰত গোবৰ্ধন পূজা আৰু ২৩ অক্টোবৰত ভাইফোটাৰ ছুটী থাকিব৷
২০২৫ চনৰ অন্যান্য উল্লেখযোগ্য ছুটিৰ মাজত আছে হজৰত আলিৰ জন্মদিন ১৪ জানুৱাৰী, মহাবীৰ জয়ন্তী ১০ এপ্ৰিল, গুৰু নানক জয়ন্তী আৰু কাৰ্তিক পূৰ্ণিমা ৫ নৱেম্বৰ, বৰদিন ২৫ ডিচেম্বৰ৷ আগন্তুক বৰ্ষৰ ৩১ টা ছুটীৰ ভিতৰত ৫টা শুকুৰবাৰ, ৪টা শনিবাৰ আৰু ৪টা দেওবাৰ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ