বুধবাৰে পুৱা ৮ বাজি ১০ মিনিটত নগদ মুম্বাই বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান৷ লিয়াৰজেট-৪৫ সংস্থাৰ সৰু আকাৰৰ ব্যক্তিগত সেই বিমানখনে ৮ৰ পৰা ৯ জন বহাৰ স্থান আছিল৷ বিমানখন ভাঙি পৰে ৮ বাজি ৪৩ মিনিটত৷ উৰাৰ ঠিক ৩৩ মিনিটৰ পাছতেই এই ঘটনা৷ দুৰ্ঘটনাত অজিতসহ বিমানত থকা পাঁচ জনৰেই মৃত্যু হৈছে৷ বিমানৰ গতিবিধিত নজৰদাৰী চলাত এনে কিছু সংস্থাৰ তথ্যই কৈছে, উৰাৰ ২৪ মিনিটৰ পাছতেই অজিত পাৱাৰৰ বিমানখনে হঠাৎ সংকেত পঠিওৱা বন্ধ কৰি দিয়ে৷
নিজৰ চহৰ বাৰামতীত বুধবাৰে ৰাজনৈতিক কৰ্মসূচী আছিল অজিত পাৱাৰৰ৷ একাধিক ৰিপৰ্টে দাবী কৰে যে বিমানখনে ৮বাজি ৩৪ মিনিটৰ পৰা নজৰদাৰী সংকেত পঠিওৱা বন্ধ কৰি দিয়ে৷ কেইবামিনিটৰ ভিতৰতেই অৱশ্যে সংকেত পঠিওৱা আৰম্ভ কৰে বিমানখনে৷ অজিত পাৱাৰৰ বিমানখনে প্ৰথমবাৰৰ চেষ্টাত বাৰামতীৰ ৰানৱেত নামিব নোৱাৰিলে৷ ইয়াৰপাছতেই এবাৰ চক্কৰ মাৰি আকৌ অৱতৰণৰ চেষ্টা কৰিছিল৷ ৮ বাজি ৪৩ মিনিটৰ পৰা সেই বিমান সম্পূৰ্ণৰূপে নিশ্চূপ হৈ যায়৷ আৰু কোনো সংকেত তাৰ পৰা অহা নাছিল৷ এই সময়ত বিমানখন ভাঙি পৰিছে বুলি ধাৰণা কৰা হৈছে৷ জনা গৈছে যে য’ত বিমানখনে এডিএছ বি সংকেত পঠিওৱা বন্ধ কৰিছিল সেই স্থানতেই মূল অৱতৰণস্থল বাৰামতী বিমানবন্দৰৰ পৰা ২০ কিঃমিঃ দূৰৈত৷
প্রাথমিকভাৱে বিমানৰ উৰণত কোনো খেলিমেলি চিনাক্ত কৰিব নোৱাৰিলে৷ পৰিসংখ্যাই কৈছে উৰাৰ ১০ মিনিটৰ মূৰত অজিতৰ বিমান সমুদ্ৰপৃষ্ঠৰ পৰা ৬ কিঃমিঃ উচ্চতাত আছিল৷ গতি আছিল ঘণ্টাত ১০৩৬ কিঃমিঃ প্ৰতিঘণ্টা৷ এই গতিবেগতেই উৰিছে বিমানখন৷ ভাঙি পৰাৰ ঠিক পূৰ্বৰ মুহূৰ্তত বিমানখনৰ উচ্চতা কমি আহিছিল ১০৩৫ কিঃমিঃ প্ৰতিঘণ্টা৷ এই গতিবেগতেই উৰিছিল বিমানখন৷ ভাঙি পৰাৰ ঠিক পূৰ্বৰ মুহূৰ্তত বিমানখনৰ উচ্চতা কমি আহিছিল ১০১৬ মিটাৰ৷ গতিবেগ আছিল ২৩৭ কিঃমিঃ প্ৰতি ঘণ্টা৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে ভাঙি পৰাৰ পূৰ্বৰ মুহূৰ্তত এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ সৈতে যোগাযোগ কৰিছিল পাইলটে৷ জনাইছিল যে ৰানৱে তেওঁ দেখা পোৱা নাছিল৷ তাৰপিছতেই বিমানখনে এবাৰ ঘূৰি আকৌ অৱতৰণৰ চেষ্টা কৰে৷ এই সময়ত পাইলটে জনাইছিল যে তেওঁ ৰানৱে দেখা পাইছে৷ কিন্তু তাৰপিছতেই বিমানখন ভাঙি পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















