অসম লাইভ২৪ঃ ট্ৰান্সজেণ্ডাৰ বা কিন্নৰ শব্দটোৰ সৈতে আমি পৰিচিত৷ এইসকলো পুৰুষো নহয়, মহিলাও নহয়৷ তৃতীয় লিংগৰ হিচাপে এওঁলোকক স্বীকৃতি দিয়া হয়৷ তৃতীয় লিংগৰ ব্যক্তিসকলক লৈ বহুতেই বহু সময়ত ঠাট্টা মস্কৰাও কৰে৷ কিন্তু এই জীৱন জানো ইমান সহজ৷ জীৱিত কালতেই তেওঁলোক লাঞ্চনাৰ বলি হয় তেনে নহয় মৃত্যুৰ পাছতো তেওঁলোকৰ সৎকাৰ আন দহোজন মানুহৰ দৰে নহয়৷ তৃতীয় লিংগৰ এজন ব্যক্তিৰ মৃত্যু পাছত শৱদেহটো জোতা চেণ্ডেলেৰে মৰিওৱা হয়৷ অইন তৃতীয় লিংগৰ লোকসকলে মৃতদেহটো সন্মুখত লৈ এক বিশেষ প্ৰাৰ্থনা কৰাৰ লগতে মৃতদেহটোক চেণ্ডেলেৰে কোবোওৱাটো এক পৰম্পৰা৷ কিন্তু কিয় যুগে যুগে কিন্নৰসকলে এই পৰম্পৰা মানি আহিছে?
লোকবিশ্বাস যে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বিশেষ শক্তি আছে যি শক্তিৰ আধাৰত তেওঁলোকে মৃত্যু সন্দৰ্ভত আগতীয়াকৈয়ে গম পায়৷ এই সময়ছোৱাত তেওঁলোকে নিজকে অন্য লোকৰ পৰা আঁতৰাই ৰাখে৷ আনকি খোৱা বোৱাও বন্ধ কৰি দিয়ে৷ তৃতীয় লিংগৰ ব্যক্তিৰ মৃত্যু হ’লে মৃতদেহ সৎকাৰ কৰাৰ পৰম্পৰাও পৃথক হয়৷ তৃতীয় লিংগৰ ব্যক্তিৰ মৃতদেহটো জ্বলাই দিয়াৰ সলনি সমাধিস্থ কৰা হয়৷ সমাধিস্থ কৰাৰ পূৰ্বে অইন তৃতীয় লিংগৰ ব্যক্তিয়ে মৃতদেহটো সন্মুখত লৈ পৰজন্মত যাতে কিন্নৰ হৈ জন্ম নলয় তাৰবাবে প্ৰাৰ্থনা কৰে৷ প্ৰাৰ্থনাৰ শেষত নিশাৰ ভাগত মৃতদেহটো সৎকাৰ কৰা হয়৷
অন্ত্যেষ্টিক্ৰিয়া সমাপ্ত হোৱাৰ পিছত, বাকী তৃতীয় লিংগৰ সংগীসকলে ১ সপ্তাহ লঘোণে থাকে৷ এজন ট্ৰেন্সজেণ্ডাৰৰ মৃত্যুৰ পিছত, তেওঁৰ সঙ্গীসকলে এইদৰে লঘোণে থকাৰ কাৰণটো হৈছে মৃত্যুৰ পাছত তেওঁলোকৰ সংগীজনে যাতে স্বৰ্গত স্থান লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ