প্ৰজনন ক্ষমতাক লৈ নাৰী আৰু পুৰুষৰ কিছু প্ৰভেদ আছে৷ এক নিৰ্দিষ্ট বয়সৰ পাছত নাৰী দেহলৈ মেনোপজ আহে৷ বন্ধ হৈ যায় ডিম্বানু উৎপাদন৷ ফলত মাতৃ হোৱাৰ সম্ভাৱনা কমি যায়৷ কিন্তু পুৰুষৰ ক্ষেত্ৰত এনে নহয়৷ পুৰুষৰ দেহত শুক্ৰাণু উৎপাদন কেতিয়াও বন্ধ নহয়৷ ফলত যি কোনো বয়সতেই পিতৃ হ’ব পাৰে পুৰুষসকল৷ কিন্তু ইয়াৰোপৰি আন এটা কথাও সঁচা যে বয়স বঢ়াৰ লগে লগে পুৰুষৰ প্ৰজনন ক্ষমতা কমি থাকে৷ এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া৷ ইয়াৰ আঁৰত আছে বিজ্ঞানসন্মত কাৰণ৷ জানি থওক সবিশেষ কাৰণ৷
শাৰীৰিক পৰিবৰ্তন
শুক্ৰাণুৰ সংখ্যা হ্ৰাস
বয়স বঢ়াৰ লগে লগে পুৰুষৰ শৰীৰৰ টেষ্টোষ্টেৰন হৰমনৰ উৎপাদন কমি থাকে৷ ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যাও কমি যায়৷ এক গৱেষণাত দেখা গৈছে যে ২৫ৰ পৰা ৩৪ বছৰ বয়সীয়া পুৰুষৰ তুলনাত ৩৫ৰ পৰা ৪৪ বছৰ বয়সীয়া পুৰুষৰ শুক্ৰাণুৰ সংখ্যা প্ৰায় ২০শতাংশ কম থাকে৷
শুক্ৰাণুৰ গুণগত মান হ্ৰাস
কেৱল শুক্ৰাণুৰ সংখ্য কমি যোৱাই নহয়, শুক্ৰাণুৰ গুণগত মানো কমি যায় বয়সৰ সৈতে৷ শুক্ৰাণুৰ ডি এন এৰ ক্ষতি হোৱাৰ আশংকাও বঢ়ি যায়৷ যিয়ে ভ্ৰুণৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
অন্যান্য স্বাস্থ্যগত সমস্যা
বয়স বঢ়াৰ সৈতে ডায়বেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্যগত সমস্যাই দেখা দিব পাৰে৷ এই ৰোগসমূহেও প্ৰজনন ক্ষমতাক প্রভাৱিত কৰিব পাৰে৷
জীৱনযাত্ৰাৰ প্ৰভাৱ
ধূমপান আৰু মদ্যপানঃ ধূমপান আৰু মদ্যপান উভয়েই শুক্ৰাণুৰ গুণগত মান কমাই দিব পাৰে৷
অতিৰিক্ত ওজনঃ অতিৰিক্ত ওজন বা স্থূলতাইয়ো প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে৷
মানসিক চাপঃ মানসিক চাপেও শুক্ৰাণুৰ উৎপাদন কমাই৷
সেয়ে বয়স বাঢ়িলে এই অভ্যাসসমূহৰ পৰা দূৰৈত থকাই ভাল৷ কিন্তু ইয়াৰ মানে এইটোও নহয় যে বেছি বয়সৰ পুৰুষ পিতৃ হ’ব নোৱাৰে৷ বহু পুৰুষ ৫০-৬০ বছৰ বয়সতো সুস্থ সন্তানৰ পিতৃ হ’ব পাৰে৷ প্ৰজনন ক্ষমতা কমি যোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ ই সংশ্লিষ্ট ব্যক্তিৰ জীৱনযাত্ৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল৷ স্বাস্থ্যকৰ জীৱনযাপন, স্বাস্থ্যকৰ খাদ্য, নিয়মিত ব্যায়াম কৰা, পৰ্যাপ্ত টোপনিয়ে প্ৰজনন ক্ষমতাক ভালে ৰখাত সহায় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ