মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰানৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেইৰ স্বাস্থ্য সন্দৰ্ভত উদ্বেগজনক খবৰ ওলাইছে। ইজৰাইলৰ সংবাদ মাধ্যমে দাবী কৰিছে যে মোজতাবা খামেনেইৰ অৱস্থা অতি সংকটজনক আৰু সম্প্ৰতি তেওঁ চিকিৎসাধীন অৱস্থাত আছে। ইজৰাইলৰ এই প্ৰতিবেদনে পুনৰ এবাৰ বিশ্বৰ কূটনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এই দাবী সন্দৰ্ভত ইৰান চৰকাৰ বা কোনো চৰকাৰী সংস্থাই এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।
ইজৰাইলৰ সংবাদ মাধ্যমে নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে-মোজতাবা খামেনেইৰ অৱস্থা অত্যন্ত সংকটজনক আৰু তেওঁ চিকিৎসালয়ত সম্প্ৰতি মৃত্যুৰ স’তে যুঁজি আছে। লগতে ইজৰাইলী সংবাদ মাধ্যমে – খামেনেইৰ মৃত্যুৰ খবৰ আহিলেও আচৰিত নহ’ব বুলি বাতৰি প্ৰকাশ কৰিছে। ইজৰাইলৰ সংবাদ প্ৰতিষ্ঠান- ‘চেনেল ১৪’-এ ইৰানৰ অন্তৰ্দৃষ্টিৰ উদ্ধৃতি দি মোজতাবা খামেনেইৰ অৱস্থা অত্যন্ত সংকটজনক বুলি প্ৰকাশ কৰিছে। প্ৰতিবেদনত ইৰানৰ স্বতন্ত্ৰ মিডিয়া প্লেটফৰ্ম ‘ইৰানৱায়াৰ’ৰ উদ্ধৃতি দিয়া হৈছে, যিয়ে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান প্ৰশাসনৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি এই দাবী কৰিছে।
সম্প্ৰতি চলি থকা মধ্য-প্ৰাচ্যৰ যুদ্ধৰ প্ৰথম দিনাই আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণত পিতৃ আয়াতুল্লাহ খামেনেইৰ মৃত্যুৰ পিছত মোজতাবা খামেনীয়ে ইৰানৰ সৰ্বোচ্চ নেতাৰ পদ গ্ৰহণ কৰিছিল। তেওঁ কেৱল লিখিত বক্তব্যৰ জৰিয়তেহে যোগাযোগ ৰাখিছে, যুদ্ধৰ আৰম্ভণিৰে পৰা মোজতাবা খামেনেইক দেখা নাই কোনেও যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ বিষয়ে যথেষ্ট চৰ্চা হৈ আহিছে।
খবৰ অনুসৰি প্ৰাৰম্ভিক সামৰিক আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল মুজতাবা খামেনেই। মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে সম্পূৰ্ণৰূপে খামেনেইৰ মুখমণ্ডল একপ্ৰকাৰ বিকৃত হৈ পৰা বুলি দাবী কৰিছে এটা সূত্ৰই, যাৰ বাবে তেওঁ আত্মগোপন কৰিবলগীয়া হৈছে। পৰৱৰ্তী সময়ত সুৰক্ষাৰ খাতিৰত তেওঁক গোপন স্থানত ৰখা হৈছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে মুজতাবাই উচ্চপদস্থ বিষয়াক বাৰ্তা প্ৰেৰণৰ বাবে মধ্যস্থতাকাৰীৰ নেটৱৰ্ক ব্যৱহাৰ কৰি আহিছে। এই সমগ্ৰ ঘটনাৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ এক বক্তব্যই শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পেজেস্কিয়ানে স্বীকাৰ কৰে যে সৰ্বোচ্চ নেতা মোজতাবা খামেনেইৰ সৈতে আলোচনা বৰ্তমান অতি কঠিন।
জুলাইত ইজৰাইলৰ সূত্ৰৰ উদ্ধৃতি দি ছৌদি সংবাদ প্ৰতিষ্ঠান আল-হাদাথে দাবী কৰিছিল যে মোজতাবা খামেনেই বৰ্তমান ইৰানত নাই। প্ৰায় একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফক্স নিউজত দিয়া এক সাক্ষাৎকাৰত ইৰানৰ শীৰ্ষ সামৰিক নেতৃত্বক ধ্বংস কৰা বুলি উল্লেখ কৰিছিল। লগতে তেওঁ দাবী কৰে যে সামৰিক অভিযানৰ পিছত মোজতাবা ৯০% ক্লান্ত হৈ কাম কৰিব পৰা নাছিল।
যদিও ইৰানৰ বিষয়াসকলে পূৰ্বে মোজতাবা খামেনেইৰ আঘাত গুৰুতৰ বুলি অস্বীকাৰ কৰিছিল, তথাপিও তেওঁলোকে কয় যে মোজতাবাই দেশখনৰ কৌশলগত আৰু প্ৰশাসনিক সিদ্ধান্তৰ নেতৃত্ব অব্যাহত ৰাখিছে। ইৰানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিনিধিয়েও তেওঁৰ প্ৰাৰম্ভিক আঘাতক সামান্য বুলি অভিহিত কৰিছিল। বৰ্তমান চিকিৎসালয়ত ভৰ্তি হোৱা আৰু গুৰুতৰ অৱস্থাৰ দাবী সন্দৰ্ভত ইৰানে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। কিন্তু তেওঁৰ ৰাজহুৱা উপস্থিতি বা প্ৰত্যক্ষ ৰাজহুৱা ভাষণৰ অভাৱে তেওঁৰ স্বাস্থ্য আৰু নেতৃত্বৰ স্থিতিশীলতাৰ বিষয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















