• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

editor by editor
July 18, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ গৌৰৱ চয়ন দাস: ৰেডিঅ’লজী বুলিলে সাধাৰণতে মানুহৰ মনলৈ আহে এক্স-ৰে, আলট্ৰাচাউণ্ড, চি টি স্কেন, এম আৰ আই আদিৰ বিষয়ে। আৰু প্ৰায়বোৰ মানুহৰেই এই বিষয়ে এক স্পষ্ট ধাৰণা আছে যে ৰেডিঅ’লজীৰ এই প্ৰক্ৰিয়াসমূহ মানৱদেহৰ ভিন্ন প্ৰকাৰৰ ৰোগ নিৰূপণ কৰা বা পৰীক্ষা কৰি উলিওৱা এক প্ৰক্ৰিয়া। হয়, এই কথা নিতান্তই সঁ‌চা। এনেবিলাক পৰীক্ষাৰ মাধ্যমেৰে শৰীৰৰ নিৰ্দ্দিষ্ট অংশ বা অংগত হোৱা যিকোনোধৰণৰ আভ্যন্তৰীণ সমস্যাৰ এক চিত্ৰ বা প্ৰতিকৃতি লাভ কৰিব পাৰি। বিকিৰণ ৰঞ্জক ৰশ্মিয়ে মানৱদেহৰ অভ্যন্তৰৰ ছবি স্পষ্ট কৰি তোলে। এনেদৰে কোনো এক ৰোগ নিশ্চিত হোৱাৰ পিছত ৰোগীজনৰ চিকিৎসা আৰম্ভ হয়। এইখিনিয়েই আজি বছৰ বছৰ জুৰি চলি অহা কথা।

পিছে আন আন চিকিৎসা ব্যৱস্থা বা প্ৰক্ৰিয়ালৈ যিদৰে নিত্য নতুন পৰিৱৰ্তন আহি আছে, ঠিক তেনেদৰেই ৰেডিঅ’লজীৰ ক্ষেত্ৰতো এক বিশেষ পৰিৱৰ্তন আহিছে। ৰেডিঅ’লজী এতিয়া মাথোঁ ৰোগ নিৰূপণ কৰাৰ মাধ্যমেই হৈ থকা নাই, ই নিৰ্দ্দিষ্ট কিছু ৰোগৰ চিকিৎসা কৰিব পৰাও হৈ উঠিছে। আজি এই ৰেডিঅ’লজীৰ মাধ্যমেৰে কি কি আৰু কেনেধৰণৰ চিকিৎসা কৰা সম্ভৱপৰ সেই বিষয়ে কিছু কথা জনাবলৈ খুজিছো।

ৰেডিঅ’লজীৰ মাধ্যমেৰে কৰা এই চিকিৎসা প্ৰক্ৰিয়াক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘ইন্টাৰভেনচনেল ৰেডিঅ’লজী’বুলি কোৱা হয়। অৰ্থাৎ ৰেডিঅ’লজীৰ দ্বাৰা কৰা আভ্যন্তৰীণ চিকিৎসা। আন আভ্যন্তৰীণ চিকিৎসা যেনে ধৰক যিকোনো ধৰণৰ অস্ত্ৰোপচাৰেই হওক, তাৰ তুলনাত এই চিকিৎসা প্ৰক্ৰিয়াত কটা-চিঙাৰ যন্ত্ৰণা নাই, খুব তাৎক্ষণিক বা ন্যূনতম সময় খৰছী আৰু ৰক্তক্ষৰণৰ মাত্ৰাও একেবাৰেই কম। এই চিকিৎসা ব্যৱস্থাত মানৱদেহৰ অভ্যন্তৰৰ যি অংগত কোনো সমস্যা বা ৰোগৰ সৃষ্টি হৈছে, সেই অংশলৈ বেজী বা চিৰিঞ্জেৰে ছাল বা সীৰাৰে মাজেদি তাঁ‌ৰসদৃশ মিহি পাইপ দেহৰ ভিতৰলৈ সোমোৱাই দিয়া হয়। পৰীক্ষণৰ ম’ণিটৰৰ স্ক্ৰীনত সকলো স্পষ্ট হৈ জিলিকি থাকে আৰু সেই স্ক্ৰীনৰ ছবিখনত চকু ৰাখিয়েই চিকিৎসকে নিৰ্দ্দিষ্ট অংগত প্ৰয়োজনীয় চিকিৎসা সম্পন্ন কৰে। ৰোগীজনো সম্পূৰ্ণ সজ্ঞানে থকাৰ লগতে প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ প্ৰয়োজনীয়তাও খুব কম। এই চিকিৎসা ব্যৱস্থাৰ জড়িয়তে কৰিব পৰা কেইবিধমান ৰোগ আৰু চিকিৎসাৰ সম্পৰ্কে কিছু সম্যক ধাৰণা দিবলৈ লৈছো।

 

 

লগতে পঢ়ক ‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

১. আলট্ৰাচাউণ্ড বা চি টি স্কেনৰ জড়িয়তে কৰা এফ এন এ চি বা বায়’পচি: মানৱ দেহৰ যিকোনো অংগতেই যদিহে চিকিৎসকে কেন্সাৰজনক টেমুনা বা টিউমাৰৰ আদিৰ সন্দেহ কৰে, তেতিয়া সাধাৰণতে এই দুবিধ পৰীক্ষা কৰা হয়। এই দুয়োবিধ পৰীক্ষা কৰিবৰ বাবে সামান্য পৰিমাণে হ’লেও কটা-ছিঙাৰ প্ৰয়োজন হয় বা অস্ত্ৰোপচাৰ আদি কৰোতেই নিৰ্দ্দিষ্ট অংশৰ পৰা পৰীক্ষণৰ বাবে নমুনা সংগ্ৰহ কৰি লোৱা হয়। পিছে ইন্টাৰভেনচন ৰেডিঅ’লজী চিকিৎসা প্ৰক্ৰিয়াত এই পৰীক্ষাসমূহৰ বাবে উপৰোক্ত কোনো পদ্ধতিৰ মাজেৰে নোযোৱাকৈ হয়। এই প্ৰক্ৰিয়াত ৰেডিঅ’লজিষ্টজনে আলট্ৰাচাউণ্ড বা চি টি স্কেনৰ স্ক্ৰীণত চাই সামান্য এটি চিৰিঞ্জেৰে ছালৰ মাধ্যমেৰে অথবা সীৰাৰ মাধ্যমেৰে এই পৰীক্ষা সম্পন্ন কৰিব পাৰে।

২. শৰীৰৰ বিভিন্ন অংশ বা অংগত জমা হোৱা পূঁ‌জ বা দ্ৰব্য নিষ্কাষণ: মানুহৰ দেহৰ বিভিন্ন অংগত সময় সাপেক্ষে কেতিয়াবা আৰু কেতিয়াবা অস্ত্ৰোপচাৰৰ পিছত পূঁ‌জজাতীয় দ্ৰব্য জমা হয়। হাওফাও, যকৃত, নাভীমণ্ডল, অগ্নাশয় আদিত এনেধৰণৰ পুঁ‌জ জমা হ’লে ইয়ে দেহত সংক্ৰমণৰ সৃষ্টি কৰে, মানে মানুহজন ৰোগগ্ৰস্ত হয়। অগ্নাশয়ৰ প্ৰদাহ বা পেনক্ৰিয়াটাইটিছ হ’লেও পেটত এনে দ্ৰব্য জমা হয়। গতিকে এনে অৱস্থাত সেই পূঁ‌জ বা দ্ৰব্যবোৰ দেহৰ পৰা বাহিৰ কৰা নিতান্তই জৰুৰী কথা হৈ পৰে। এনে অৱস্থাত ৰেডিঅ’লজিষ্ট এগৰাকীয়ে আলট্ৰাচাউণ্ডৰ মণিট’ৰত বা স্ক্ৰীণত চাই সেই নিৰ্দ্দিষ্ট অংগত ছালৰ যোগেদি পূৰ্বে উল্লেখ কৰা ধৰণৰ পাইপ (কেথেটাৰ) ভৰাই দেহৰ বাহিৰত সেই পাইপ-সংযোগী এটা বেগ সংলগ্ন কৰা হয়। আৰু লাহে লাহে সেই নিৰ্দ্দিষ্ট অংগৰ পৰা দেহৰ বাবে ক্ষতিকাৰক পুঁ‌জবোৰ নিগৰি বেগত জমা হৈ থাকে। এনেদৰে কোনো দীঘলীয়া বা কষ্টদায়ক প্ৰক্ৰিয়া অথবা হস্পিটেলত দীৰ্ঘসময়ৰ বাবে থাকিবলগীয়া আদিবোৰৰ পৰা ৰোগীজন হাত সাৰি থাকিব পাৰে।

৩. পিত্তথলীত কৰা ইন্টাৰভেনচন ৰেডিঅ’লজীৰ চিকিৎসা: পিত্তথলী বা গলব্লাডাৰ আৰু গলব্লাডাৰৰ লগত সংলগ্ন আন অংগত হোৱা বিভিন্ন ৰোগ বা সমস্যাৰ চিকিৎসাও ইন্টাৰভেনচন ৰেডিঅ’লজীৰ জড়িয়তে সহজেই কৰা সম্ভৱ। কেতিয়াবা গলব্লাডাৰ, অগ্নাশয় অথবা গলব্লাডাৰ আৰু অগ্নাশয়ক সংযুক্ত কৰা কমন বাইল ডাক্ট(চি বি ডি)ত কৰ্কটৰোগ হয় আৰু তেনে অৱস্থাত বহু সময়ত ৰোগীজন জণ্ডিচ বা হেপাটাইটিছ ৰোগতো আক্ৰান্ত হয়। এনে অৱস্থাত জণ্ডিচ আক্ৰান্ত হ’লে না ৰোগীজনৰ কৰ্কটৰোগৰ বাবে কৰিবলগা অস্ত্ৰোপচাৰ কৰিব পৰা সম্ভৱ, না কেম’থেৰাপী দিয়া সম্ভৱ। কাৰণ জণ্ডিচ হোৱা মানেই দেহত বৰ্দ্ধিত মাত্ৰাত বিলৰুবিন নামৰ পাচকৰসবিধ উৎপন্ন হয়। বৰ্দ্ধিত বিলৰুবিনৰ বাবে অস্ত্ৰোপচাৰ বা কেম’থেৰাপী ৰোগীজনৰ শৰীৰে সহিব পৰা অৱস্থাত নাথাকে। এনে অৱস্থাত অৱশ্যেই ৰোগীজন মাত্ৰাধিক যন্ত্ৰণাত ভূগিবলৈ ধৰে। এইখিনি যন্ত্ৰণাৰ অৱসান ঘটাব পাৰে ইন্টাৰভেনচন ৰেডিঅ’লজীৰ চিকিৎসাৰ মাধ্যমেৰে। পি টি বি ডি নামৰ চিকিৎসা পদ্ধতিৰ যোগেদি ছালৰ মাধ্যমেৰে পিত্তথলীৰ  বিলৰুবিন উৎপন্ন হোৱা স্থানত পাইপ (কেথেটাৰ) এডাল সংলগ্ন কৰি দেহৰ বাহিৰত থকা বেগত সংযুক্ত কৰি দিয়া হয়। ইয়াৰ দ্বাৰা পিত্তথলীৰ পৰা অপ্ৰয়োজনীয় বিলৰুবিন নিগৰি নিগৰি দেহৰ বাহিৰৰ বেগত জমা হয়। দেহত বিলৰুবিনৰ মাত্ৰা কমা মানেই জণ্ডিচ কমি যোৱা। গতিকে ৰোগীজনে সহজ উপায়েৰে সকাহ লাভ কৰাৰ লগতেই কৰ্কট ৰোগৰ পৰৱৰ্তী চিকিৎসা প্ৰক্ৰিয়া আগুৱাই নিয়াতো সহায়ক হয়। বহু সময়ত পিত্তথলীত হোৱা কেন্সাৰৰ পিত্তথলী সংলগ্ন পাচক নলিকাৰ পৰা পিত্তৰস নিঃসৰণ হোৱাৰ বাট বন্ধ হয়, ফলত দেহত আন জটিলতাৰ সৃষ্টি হয়। এই বন্ধক খুলিবৰ বাবে বেলুন ক’লানজিঅ’প্লাষ্টি নামৰ এক চিকিৎসা পদ্ধতিৰ প্ৰয়োগ কৰা হয়। এই প্ৰক্ৰিয়াত ছালৰ মাধ্যমেৰেই পাইপ ভৰাই পিত্তথলীৰ পাচক নলিকাৰ মুখত এটা বেলুন সদৃশ আহিলা সংস্থাপিত কৰে, যাৰ ফলত পিত্তথলীৰ পৰা পাচক ৰস নিঃসৰণৰ বাট মুকলি হয়। ইয়াৰ লগতে পিত্তথলীৰ আন এক গুৰুতৰ ৰোগ যাক এম্পাইমা বোলা হয় আৰু যিবিধ ৰোগত আক্ৰান্ত হ’লে অন্যান্য অংগ বিকল হোৱাৰো সম্ভাৱনা থাকে৷ সেই ৰোগৰো ইন্টাৰভেনচন ৰেডিঅ’লজীৰ মাধ্যমেৰে কলিচিষ্ট’ষ্ট’মী প্ৰক্ৰিয়াৰ জৰিয়তে কৰা সম্ভৱ। উল্লেখিত আটাইবোৰ চিকিৎসা প্ৰক্ৰিয়াতেই না ৰোগীজনক চেতনানাশক দৰৱ দিবলগা হয়, না হস্পিটেলত ভৰ্তি কৰাবলগা হয়।

 

 

লগতে পঢ়ক বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

৪. কিডনী বা বৃক্কত হোৱা পাথৰৰ চিকিৎসা বা পি চি এন(পাৰকিউটেনিয়াছ নেফ্ৰ’ষ্টমী): যিকোনো স্বাস্থ্যজনিত অসুস্থতাৰ ফলত বা বৃক্কত হোৱা পাথৰ বা বৃক্কৰ আন কোনো ৰোগৰ ফলত কেতিয়াবা ব্যক্তি এজনৰ প্ৰস্ৰাৱ বন্ধ হ’ব পাৰে। পুনৰাই প্ৰস্ৰাৱ হ’বৰ বাবে আন জটিল চিকিৎসা পদ্ধতিৰ সলনি ইন্টাৰভেনচনেল ৰেডিঅ’লজী প্ৰক্ৰিয়াৰে ছালৰ জড়িয়তে তলপেটত থকা মূত্ৰাশয়ত এডাল কেথেটাৰ সংলগ্ন কৰি দিয়া হয় আৰু এনেদৰেই প্ৰস্ৰাৱৰ সহজ নিঃসৰণ আৰম্ভ হয়।

৫. স্তন সংৰক্ষণ(ব্ৰেষ্ট কনজাৰভেচন): নাৰীৰ স্তন কেন্সাৰ হ’লেই সাধাৰণতে অস্ত্ৰোপচাৰ কৰি স্তনত হোৱা কেন্সাৰজনিত টিউমাৰসহ গোটেই স্তনটোৱেই কাটি পেলোৱা হয়। বহু নাৰীৰ বাবে পৰৱৰ্তী পৰ্যায়ত বা সুস্থ হৈ উঠাৰ পিছত ই এক অসহজ বিষয় হৈ পৰে। এই অসহজতাৰ পৰা বাচিবৰ বাবে এই চিকিৎসা প্ৰক্ৰিয়াত স্তনটি নকটাকৈয়েই আভ্যন্তৰীণভাৱে চিকিৎসা কৰি কেন্সাৰজনিত টিউমাৰ থকা অংশহে স্তনৰ পৰা গুচোৱা হয় বা মাথোঁ সেই অংশতহে কেন্সাৰৰ চিকিৎসা প্ৰয়োগ কৰা হয়। অৰ্থাৎ স্তনৰ অস্ত্ৰোপচাৰ আৰু স্তনত কেম’থেৰাপীৰ প্ৰয়োগো হয়। পিছে এই প্ৰক্ৰিয়াৰ জড়িয়তে কেম’থেৰাপী দিয়াৰ পূৰ্বে ৰেডিঅ’লজিষ্টগৰাকীয়ে স্তনৰ ভিতৰৰ য’ত কেন্সাৰজনিত টিউমাৰটো আছে তাত এডাল ধাতুৰ দণ্ড স্থাপন কৰি দিয়ে। কেম’থেৰাপীৰ পিছত সেই টিউমাৰটি সংকুচিত হৈ সৰু হৈ পৰাৰ পিছত যদিনা অস্ত্ৰোপচাৰ কৰা হ’ব সেইদিনা পুনৰ পূৰ্বে স্থাপন কৰা ধাতুৰ দণ্ডৰ লগতে এডাল সৰু বৰশী আকৃতিৰ তাঁ‌ৰ লগাই দিয়া হয়। তেতিয়া অস্ত্ৰোপচাৰ কৰাৰ সময়ত চিকিৎসকে মাথো স্তনৰ সেই দণ্ড আৰু তাঁ‌ৰ থকা স্থানৰ অংশহে কাটি উলিয়াই। যাৰফলত স্তনৰ পূৰ্বৰ আকাৰ আৰু আকৃতিত কোনো পাৰ্থক্য নাহে আৰু নাৰীগৰাকীয়ে স্বাচ্ছন্দ্যৰে পৰৱৰ্তী জীৱন কটাব পাৰে।

 

 

লগতে পঢ়ক ৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

৬. ৰেডিঅ’ফ্ৰিকুৱেন্সী এব্লেচন(আৰ এফ এ): ধৰক এজন ব্যক্তিৰ যকৃত বা লিভাৰত কেন্সাৰ হৈছে, অৰ্থাৎ ব্যক্তিজনৰ যকৃতত এটি কেন্সাৰজনিত টিউমাৰে শাখা-প্ৰশাখা মেলি বিস্তাৰিত হ’বলৈ ধৰিছে। এনেই এনেক্ষেত্ৰত নিশ্চিতভাৱে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু এই অস্ত্ৰোপচাৰ কিমান জটিল স্তৰৰ হয় সেই বিষয়ে ওপৰত ইতিমধ্যেই উল্লেখ কৰা হৈছে। গতিকেই এনে অৱস্থাত সহজ আৰু একেবাৰেই কম জটিলতাৰ চিকিৎসা পদ্ধতি হৈছে ৰেডিঅ’ফ্ৰিকুৱেন্সী এব্লেচন। এই প্ৰক্ৰিয়াত ছালৰ মাধ্যমেৰেই অতি উচ্চ তাপমাত্ৰাৰ ৰেডিঅ’ফ্ৰিকুৱেন্সী (পোহৰৰ তৰংগ) থকা এটা বেজী লিভাৰৰ ভিতৰভাগত থকা টিউমাৰটোলৈকে ভৰাই দি টিউমাৰটো ক্ৰমশঃ পুৰি পেলায়। এনেদৰে কৰা চিকিৎসাৰ ফলত লাহে লাহে টিউমাৰটো শুকাবলৈ ধৰাৰ লগতে সৰুও হৈ যায়।

এয়া মাত্ৰ ইন্টাৰভেনচন ৰেডিঅ’লজীৰে ছালৰ মাধ্যমেৰে কৰিব পৰা কেইবিধমান ৰোগৰ চিকিৎসাৰ বিষয়েহে। আৰু বহুতো ৰোগৰ চিকিৎসা এই প্ৰক্ৰিয়াৰে সম্ভৱ। বিশেষকৈ এই চিকিৎসা পদ্ধতিৰ আন এক প্ৰক্ৰিয়া হৈছে সীৰাৰ মাধ্যমেৰে বিভিন্ন অংগৰ চিকিৎসা কৰা। যাক ভাছকুলাৰ ইন্টাৰভেনচন বুলি কোৱা হয়। পৰৱৰ্তী পৰ্যায়ত এই ভাছকুলাৰ ইন্টাৰভেনচন চিকিৎসা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম।

 

লেখক— এম ডি,এছ আৰ(পি জি আই এম ই আৰ) ৰেডিঅ’লজী, কনচালটেন্ট ৰেডিঅ’লজিষ্ট, মেট্ৰ’ হস্পিটেল, গুৱাহাটী; মোবাইল নম্বৰ- ৮০১১৯৪৬৯৪৬

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsRadiologyRadiology Treatment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল

প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.