ৰাজ্যত বৃদ্ধি হৈছে গৰম। এই গৰমত সকলোৱে বাৰে বাৰে গা ধুলেও ঘামি যায়। গৰম আহিলেই আমাৰ চিন্তা বাঢ়ে, এই ঘামৰ দাগ কেনেকৈ আঁতৰাব। বহুত লোকৰ ঘামৰ বাবে কাপোৰত হালধীয়া দাগ এটা ৰৈ যায়। আপোনাৰ কাপোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু সেই দাগবোৰ দ্ৰুতভাৱে আঁতৰাবলৈ ইয়াত কেইটামান ঘৰুৱা টিপচ দিয়া হৈছে।
সমান পৰিমাণৰ নেমুৰ ৰস আৰু পানী একেলগে মিহলাই লওক। এতিয়া এই মিশ্ৰণটো আপোনাৰ কাপোৰৰ ঘামৰ দাগ পৰা অংশত স্প্ৰে বা ঢালি দিয়ক আৰু লাহে লাহে ঘঁহি লওক। নেমুত থকা প্ৰাকৃতিক এচিডে অলপ সময়ৰ ভিতৰতে দাগ আঁতৰাই পেলাব।
- ৩ চামুচ বেকিং চোডা অলপ পানীৰ লগত মিহলাই ডাঠ পেষ্ট বনাব। এই পেষ্টটো দাগটোত লগাই পুৰণি টুথব্ৰাছেৰে লাহে লাহে ঘঁহি আধা ঘণ্টা ৰাখিব। তাৰ পিছত সদায়ৰ দৰে ধুব।
- এটা বাল্টি পানীত ১ কাপ বগা ভিনেগাৰ মিহলাই লওক। এতিয়া দাগ নথকা কাপোৰখন পানীত কমেও ৩০ মিনিট তিয়াই থওক। ভিনেগাৰত থকা এচিডে হালধীয়া দাগটো পাতল কৰি পেলাব।
- মূৰৰ বিষৰ বাবে দুটা এছপিৰিন টেবলেট থেতেলিয়াই আধা কাপ গৰম পানীত দ্ৰৱীভূত কৰক। এই তৰল পদাৰ্থটো ঘামৰ দাগটোৰ ওপৰত ঢালি ২-৩ ঘণ্টা ৰাখিব। তাৰ পিছত ডিটাৰজেন্টেৰে ধুলে দাগ নাইকিয়া হৈ যাব।
- অলপ তিতি থকাৰ সময়ত সেই ঠাইত টেলকম পাউদাৰ ছটিয়াই ইস্ত্ৰী কৰি লওক। পাউদাৰে ঘামৰ পৰা তেল আৰু দাগ শোষণ কৰি স্থায়ী দাগ আঁতৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















