মুকুতাৰ গহনা পিন্ধিবলৈ বহুতেই ভালপায়৷ আঙুলিত এটা মুকুতাৰ আঙুঠি আমাৰ প্ৰায়সংখ্যকেই পিন্ধে৷ ভাগ্য খোলাৰ বাবেও মুকুতা অত্যন্ত উপকাৰী৷ জ্যোতিষ অনুসৰি মুকুতা চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে মুকুতাৰ গহনা পিন্ধিলে কোষ্ঠীত চন্দ্ৰৰ অৱস্থান ভাল হয়৷ জ্যোতিষবিদে জনাইছে যে কোনোৱে মুকুতা পিন্ধিলেই লাভৱান হ’ব তেনে নহয়৷ মুকুতা সকলোৰে বাবে সঠিক নহয়৷ সেয়ে জানি থওক মুকুতা কাৰ কাৰ বাবে শুভ? জানি থওক মুকুতা ধাৰণ কৰাৰ সঠিক পদ্ধতি৷
মুকুতা পিন্ধাৰ উপকাৰিতা
- মুকুতাৰ আঙুঠি পিন্ধিলে কোষ্ঠীত চন্দ্ৰৰ অৱস্থান মজবুত হয়৷
- মুকুতা পিন্ধিলে মন শান্ত হয় আৰু মনৰ পৰা অশুভ চিন্তা দূৰ হয়৷
- মুকুতাৰ আঙুঠিয়ে জীৱনত শান্তি আৰু সমৃদ্ধি লৈ আহে৷
- অশুভ শক্তিৰ পৰা বাচিবলৈ মুকুতাৰ আঙুঠি লাভজনক৷
- বুদ্ধিৰ অভাৱ থাকিলে মুকুতাৰ আঙুঠি পিন্ধিব পাৰে৷
- মুকুতাৰ পিন্ধিলে সৃজনশীলতা বাঢ়ে৷
মুকুতা কাৰ কাৰ বাবে ভাল?
মুকুতা হৈছে চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত৷ যাৰ কোষ্ঠীত চন্দ্ৰ দুৰ্বল স্থানত আছে তেন্তে মুকুতা ধাৰণ কৰিলে উপকাৰ পাব৷ মুকুতা নানান ৰঙৰ থাকে৷ কিন্তু বগা মুকুতা অতিকৈ শুভ৷ যিসকলৰ মন সকলো সময়তে অশান্ত থাকে, আৰু টেনছন থাকে তেওঁলোকে মুকুতাৰ আঙুঠি ধাৰণ কৰিব পাৰে৷ জ্যোতিষ অনুসৰি চাৰি ৰাশিৰ জাতকৰ বাবে মুকুতা ধাৰণ কৰা সকলোতকৈ শুভ৷
এই চাৰি ৰাশি কি কি?
মেষ, কৰ্কট, বৃশ্চিক, মীন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















